সাংস্কৃতিক সংগঠন
১৪ প্ৰবন্ধ
-
অটোৱা ফেষ্টিভেলছ
অটোৱা ফেষ্টিভেলছ (Ottawa Festivals) হৈছে কানাডাৰ অটোৱা, অন্টাৰিঅ’ত অৱস্থিত সদস্য ভিত্তিক এটা সংস্থা। ই অঞ্চলটোৰ মহোৎসৱ উদ্যোগটোক সহায় আৰু প্ৰসাৰ কৰে। ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোত ৫৩ টা মহোৎসৱ অন্তৰ্ভুক্ত হৈ আছে যিয়ে স্থানীয় সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰণৰ সংস্কৃতি, কলা আৰু মনোৰঞ্জন…
-
জাৰ্মান ফেশ্বন ইনষ্টিটিউট
জাৰ্মান ফেশ্বন ইনষ্টিটিউট (The German Fashion Institute / Deutsches Modeamt) ১৯৩৩ চনৰ ৭ জুনত নাজী চৰকাৰে দেশৰ সাজ-পোছাক আৰু ফেশ্বন উদ্যোগক কেন্দ্ৰীয়ভাৱে পৰিচালনা আৰু আদৰ্শগত নিৰ্দেশনা দিবলৈ প্ৰতিষ্ঠা কৰিছিল।
-
টুম্বুকা হেৰিটেজ এছ’চিয়েচন
টুম্বুকা হেৰিটেজ এছ’চিয়েচন (ইংৰাজী: Tumbuka Heritage Association) বা চমুকৈ টুম্বুকা হেৰিটেজ (সংক্ষেপে TUHERI) হ’ল মালাৱীত প্ৰতিষ্ঠা হোৱা এটা সাংস্কৃতিক সংগঠন।
-
তুৰ্কমেনেলি ক'পাৰেশ্যন এণ্ড কালচাৰ ফাউণ্ডেশ্যন
তুৰ্কমেনেলি ক'পাৰেশ্যন এণ্ড কালচাৰ ফাউণ্ডেশ্যন (ইংৰাজী: Turkmeneli Cooperation and Culture Foundation) এটা বেচৰকাৰী সংগঠন, যিয়ে ইৰাক আৰু তুৰস্কত থকা তুৰ্কমেন সম্প্ৰদায়ক সমৰ্থন কৰে। এই সংগঠনে মূলতঃ শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব দিয়ে।
-
থাপ
ট্ৰাষ্ট ফৰ হিষ্ট্ৰী, আৰ্ট এণ্ড আৰ্কিটেক্সাৰ অফ পাকিস্তান (ইংৰাজী: Trust for History, Art and Architecture of Pakistan), যিটো সাধাৰণতে থাপ (THAAP) নামেৰে জনাজাত, পাকিস্তানৰ লাহোৰত অৱস্থিত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা এটা অলাভজনক সংগঠন।
-
নাৰী শিল্প আন্দোলন
নাৰী শিল্প আন্দোলন (ইংৰাজী: Women's Art Movement; (ৱিমেনছ আৰ্ট মুভমেণ্ট); চমুকৈ WAM ('ডব্লিউএএম')) আছিল এটা অষ্ট্ৰেলিয়ান নাৰীবাদী কলা আন্দোলন। ই ১৯৭৪ চনত ছিডনী আৰু মেলবৰ্ণত আৰু ১৯৭৬ চনত এডিলৰাইডত 'ৱিমেনছ আৰ্ট গ্ৰুপ' (WAG) হিচাপে প্ৰতিষ্ঠা হৈছিল।
-
পোখৰা থিয়েটাৰ
পোখৰা থিয়েটাৰ (ইংৰাজী: Pokhara Theatre) হ’ল নেপালৰ পোখৰা চহৰত অৱস্থিত এটা সম্প্ৰদায়ভিত্তিক নাট্য সংগঠন। ২০১৬ চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনটো অঞ্চলটোত নাট্যচৰ্চা আৰু পৰিৱেশ্য কলাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
-
বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম
বাংলাদেশ শ্বৰ্ট ফিল্ম ফ'ৰাম (Bangladesh Short Film Forum বা BSFF) হৈছে বাংলাদেশৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এটা সংগঠন। ১৯৮৬ চনৰ ২৪ আগষ্টত একদল যুৱ স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু কৰ্মীয়ে সৃষ্টিশীল আৰু নান্দনিকভাৱে চহকী চিনেমাৰ বাবে চলোৱা অভিযানৰ অংশ হিচাপে এই ফ'ৰাম গঠন কৰিছিল।
-
বেণ্ডালুপ
বেণ্ডালুপ (BANDALOOP), যাক আগতে 'প্ৰজেক্ট বেণ্ডালুপ' বুলি জনা গৈছিল, হৈছে ১৯৯১ চনত এমেলিয়া ৰুডলফৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা এৰিয়েল ডান্স কোম্পানী। কোম্পানীটোৱে পৰ্বতাৰোহণৰ সঁজুলি ব্যৱহাৰ কৰি নৃত্যশিল্পীসকলক উলম্ব পৃষ্ঠত নৃত্য প্ৰদৰ্শন কৰিবলৈ আৰু ৰাজহুৱা স্থানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সক্ষম কৰি…
-
মামা ফেষ্টিভেলছ
মামা ফেষ্টিভেলছ (MAMA Festivals) হৈছে এক পোনপটীয়া সংগীত আৰু বিনোদন কোম্পানী, যি যুক্তৰাজ্যৰ কেইবাটাও সংগীত অনুষ্ঠানৰ স্থান (ভেন্যু) আৰু উৎসৱৰ গৰাকী তথা পৰিচালক। ২০০৫ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৱে ইংলেণ্ডৰ বিভিন্ন স্থানত নিজৰ পৰিসৰ সম্প্ৰসাৰণ কৰি আন বহুতো ভেন্যু-হোল্ডিং কোম্পানী অধিগ্ৰহণ কৰিছে।
-
লাইট পেইণ্টিং ৱৰ্ল্ড এলায়েন্স
লাইট পেইণ্টিং ৱৰ্ল্ড এলায়েন্স (ইংৰাজী: Light Painting World Alliance; সংক্ষেপে LPWA) আছিল এটা আন্তঃৰাষ্ট্ৰীয় অলাভজনক সংগঠন (NPO) যাৰ লক্ষ্য আছিল লাইট পেইণ্টিং বা পোহৰৰ চিত্ৰকলাৰ সৈতে জড়িত শিল্পীসকলৰ বাবে এখন বিশ্বব্যাপী মঞ্চ সৃষ্টি কৰা।
-
সাংস্কৃতিক শাসন
সাংস্কৃতিক শাসন (ইংৰাজী: Cultural governance) হৈছে সংস্কৃতিৰ শাসন। ইয়াত চৰকাৰে গ্ৰহণ কৰা সাংস্কৃতিক নীতিসমূহ অন্তৰ্ভুক্ত হোৱাৰ লগতে অ-ৰাষ্ট্ৰীয় শক্তিসমূহে প্ৰয়োগ কৰা সাংস্কৃতিক প্ৰভাৱ আৰু পৰোক্ষভাৱে সংস্কৃতিক প্ৰভাৱিত কৰা নীতিসমূহকো সাঙুৰি লোৱা হয়।
-
হা-টোমাৰ
হা-টোমাৰ (ইংৰাজী: Ha-Tomer; হিব্ৰু: התומר; অৰ্থ: দ্য টোমাৰ) হ’ল এটা কলা সমবায় যি ১৯২০ চনত তেল আভিভ-জাফাত সক্ৰিয় আছিল। ইয়াৰ সদস্যসকল ইজৰাইলত আধুনিকতাবাদী শিল্পৰ সমৰ্থন আৰু ৰূপায়ণ কৰা প্ৰথমসকলৰ ভিতৰত আছিল। হা-টোমাৰে অঞ্চলটোৰ প্ৰথমটো আৰ্ট গেলেৰী হিচাপেও কাম কৰিছিল।
-
ৱিমেন্স গেলাৰী
ৱিমেন্স গেলাৰী (Women's Gallery) আছিল নিউজিলেণ্ডৰ ৱেলিংটনত সামূহিকভাৱে প্ৰতিষ্ঠিত আৰু পৰিচালিত এখন কলা বীথিকা (আৰ্ট গেলাৰী)। কেৱল মহিলাৰ কৰ্মৰাজি প্ৰদৰ্শন কৰা এই গেলাৰীখন ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ চাৰি বছৰ ধৰি চলিছিল।