টুম্বুকা হেৰিটেজ এছ’চিয়েচন (ইংৰাজী ভাষা: Tumbuka Heritage Association) বা চমুকৈ টুম্বুকা হেৰিটেজ (সংক্ষেপে TUHERI) হ’ল মালাৱীত প্ৰতিষ্ঠা হোৱা এটা সাংস্কৃতিক সংগঠন। ইয়াৰ উদ্দেশ্য হ’ল মালাৱী, জাম্বিয়া, টানজানিয়া আৰু চুবুৰীয়া দেশসমূহৰ টুম্বুকা লোকসকলৰ ইতিহাস, পৰম্পৰা আৰু সাংস্কৃতিক প্ৰকাশসমূহ সংৰক্ষণ, প্ৰসাৰ আৰু নথিবদ্ধ কৰা।১২১ এই সংগঠনটোক মালাৱী চৰকাৰে সমৰ্থন কৰে।২

সংগঠনটোৱে বিভিন্ন বাৰ্ষিক সাংস্কৃতিক উৎসৱ যেনে— গোনাপামুহান্য (মালাৱী),৩৪৫ কুলংগা৬ আৰু ভিনখাকানিম্বা (জাম্বিয়া)৭ আদি আংশিকভাৱে পৰিচালনা কৰে। এই সকলোবোৰ উৎসৱ সংশ্লিষ্ট দেশৰ চৰকাৰৰ দ্বাৰা সমৰ্থিত।
ইতিহাস আৰু পটভূমি
পিৰি পিৰি চলি অহা টুম্বুকা জনগোষ্ঠীৰ পৰম্পৰাগত জ্ঞানসমূহ হেৰাই যোৱাৰ আশংকাত এই এছ’চিয়েচনটো প্ৰতিষ্ঠা কৰা হৈছিল।৮ বহু বছৰ ধৰি বংশৰ ইতিহাস, নৃত্য, সঁজুলি আৰু ঠাইৰ নামৰ দৰে সাংস্কৃতিক জ্ঞানসমূহ কেৱল স্মৃতি আৰু মুখে মুখে চলি আহিছিল। সমাজ আধুনিক হোৱাৰ লগে লগে জ্যেষ্ঠ লোকসকলৰ মৃত্যু হোৱা আৰু সংগ্ৰহালয় বা আৰ্কাইভৰ অভাৱৰ বাবে এইবোৰ আনুষ্ঠানিকভাৱে নথিবদ্ধ কৰাৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়।১৯১০
এই সংগঠনটোৱে চিকুলামায়েম্বে ৰাজবংশৰ অধীনত কাম কৰে আৰু ৰুম্ফি জিলা তথা অন্যান্য টুম্বুকা অঞ্চলৰ পৰম্পৰাগত নেতা, সাংস্কৃতিক অভিভাৱক আৰু সামাজিক গোটসমূহৰ সৈতে সহযোগিতা কৰে।১
নথিবদ্ধকৰণ প্ৰকল্প
২০২৩ চনৰ মে’ মাহত টুম্বুকা হেৰিটেজ এছ’চিয়েচনে সাংস্কৃতিক ঐতিহ্যসমূহ লিখিত, দৃশ্যমান আৰু শ্ৰাব্য আৰ্হিত সংৰক্ষণ কৰাৰ বাবে এটা নথিবদ্ধকৰণ প্ৰকল্প আৰম্ভ কৰে। এই পদক্ষেপটো মালাৱী চৰকাৰৰ অন্তৰ্গত মালাৱীৰ কপাৰাইট চছাইটি (COSOMA) পুঁজিৰ দ্বাৰা আৰ্থিকভাৱে সমৰ্থিত।১১
ৰাষ্ট্ৰীয় সমন্বয়ক হুবাৰ্ট ম্ফুনেই জনোৱা মতে ৰুম্ফিত ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম সুকলমে আগবাঢ়িছে আৰু বেছিভাগ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইতিমধ্যে নথিবদ্ধ কৰা হৈছে। ম্ফুনেৰ মতে, সংগ্ৰহিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে এটা মুকলি দিনৰ (Open day) আয়োজন কৰি এই প্ৰকল্পৰ সামৰণি মৰা হৈছিল।১
প্ৰকল্প বিষয়া ইফ্ৰাইম কানিম্বোৱে উল্লেখ কৰে যে এই প্ৰকল্পটোৱে এতিয়ালৈকে চৰকাৰ আৰু পৰম্পৰাগত নেতৃত্বৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিছে।
নথিবদ্ধকৰণৰ ক্ষেত্ৰসমূহ
এই প্ৰকল্পই সাংস্কৃতিক জ্ঞানৰ কেইবাটাও বিভাগৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ ভিতৰত আছে: পৰম্পৰাগত নৃত্য, সংগীত আৰু অনুষ্ঠানৰ দৰে পৰিৱেশ্য কলা; মাটিৰ পাত্ৰ, পানী ঠাণ্ডা কৰা পাত্ৰ আৰু পৰম্পৰাগত সাজ-পাৰৰ দৰে শিল্প আৰু ভৌতিক সংস্কৃতি; কোৰোণা, চিকাৰৰ সঁজুলি আৰু মাছ ধৰা সঁজুলিৰ দৰে আহিলা; আৰু টুম্বুকা লোকসকলৰ ঐতিহাসিক নাম, ঠাইৰ নাম আৰু মৌখিক ইতিহাস।১
ৰুম্ফিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পিছত, এছ’চিয়েচনে টুম্বুকা সম্প্ৰদায় বাস কৰা অন্যান্য দেশসমূহলৈকো এই নথিবদ্ধকৰণ কাৰ্য সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।১০
কাৰ্যৱলী আৰু কাৰ্যসূচী
এছ’চিয়েচনে গৱেষণা, আৰ্কাইভিং, সাংস্কৃতিক উৎসৱ, প্ৰদৰ্শনী আৰু শৈক্ষিক কাৰ্যসূচী হাতত লয়। ভাষা, মৌখিক ইতিহাস আৰু শিল্পকৰ্মসমূহ সংৰক্ষণ কৰিবলৈ আৰু টুম্বুকা সাংস্কৃতিক পৰিচয়ৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ই বিদ্যালয়, সম্প্ৰচাৰক আৰু সংগ্ৰহালয়ৰ দৰে প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰে।১২১৩
নেতৃত্ব
সংগঠনটোৱে চিকুলামায়েম্বে ৰাজবংশৰ সাংস্কৃতিক কৰ্তৃত্বৰ অধীনত কাম কৰে। ইয়াৰ মুখ্য ব্যক্তিৰ ভিতৰত আছে ৰাষ্ট্ৰীয় সমন্বয়ক হুবাৰ্ট ম্ফুনে আৰু প্ৰকল্প বিষয়া ইফ্ৰাইম কানিম্বো। তেওঁলোকক স্থানীয় সাংস্কৃতিক বিষয়া আৰু সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে সহায় কৰে।১
অংশীদাৰীত্ব
এই এছ’চিয়েচনে COSOMA, পৰম্পৰাগত নেতা, চৰকাৰী সাংস্কৃতিক কাৰ্যালয়, মালাৱী ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ দৰে সংবাদ মাধ্যম আৰু সামাজিক গোটসমূহৰ সৈতে কাম কৰে। এই অংশীদাৰীত্বই সংগঠনটোক আৰ্থিক সাহায্য, কাৰিকৰী সহায় আৰু সাংস্কৃতিক সম্পদৰ সুবিধা প্ৰদান কৰে বুলি কোৱা হয়।১১৪
তথ্যসূত্ৰ
- ↑ Online, M. B. C. (2023-05-30). TUMBUKA HERITAGE ASSOCIATION EMBARKS ON DOCUMENTATION PROJECT. Malawi Broadcasting Corporation
- ↑ Online, Nation. (2023-10-13). Preserving tumbuka heritage. Nation Online
- ↑ Reporter, Nyasa Times. (2019-09-23). Tumbukas to commemorate Gonapamuhanya Cultural Festival in October - Malawi Nyasa Times - News from Malawi about Malawi
- ↑ Reporter, Nyasa Times. (2018-10-02). Tumbukas commemorate Gonapamuhanya: Minister Nankhumwa says culture crucial in tourism development - Malawi Nyasa Times - News from Malawi about Malawi
- ↑ Zgambo, Mike Lyson. (2019-10-25). Tumbuka cultural festival to be held on Saturday Malawi 24 · Latest News from Malawi. Malawi 24
- ↑ www.lundazicouncil.gov.zm/?page_id=2435
- ↑ Muchinga DPS Rev Chilekwa Graces Vinkhakanimba Ceremony – Muchinga Province Provincial Administration. www.muc.gov.zm
- ↑ Reporter, Our. (2018-02-23). Saving malawi cultures collectively. Nation Online
- ↑ Munthali, Burnett. (2025-11-16). Government supports community choice of Traditional Leaders-Chihana Malawi 24 · Latest News from Malawi. Malawi 24
- ↑ Safeguarding of Nkhonde, Tumbuka and Chewa proverbs and folktales - UNESCO Intangible Cultural Heritage. ich.unesco.org
- ↑ Reporter, Nyasa Times. (2012-11-19). JB graces Tumbukas’ Gonapamhanya cultural festival - Malawi Nyasa Times - News from Malawi about Malawi
- ↑ Project - UNESCO Intangible Cultural Heritage. ich.unesco.org
- ↑ Munthali, Burnett. (2025-11-16). Government supports community choice of Traditional Leaders-Chihana Malawi 24 · Latest News from Malawi. Malawi 24
- ↑ Reporter, Nyasa Times. (2018-11-25). Cultural heritage groups launch an association - Malawi Nyasa Times - News from Malawi about Malawi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুম্বুকা হেৰিটেজ এছ’চিয়েচন” প্ৰবন্ধৰ সংশোধন ৫৮৭২৬৪ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।