কুশৰাম দেৱ (১৭৮০ - ১৮৩৮) আউনীআটী সত্ৰৰ ডেকা অধিকাৰ আছিল। সত্ৰাধিকাৰ পদ্মপাণিদেৱৰ মৃত্যুৰ পাছত ডেকা অধিকাৰ হৈছিল। এখেতৰ দিনতে মানৰ অসম আক্ৰমণত সত্ৰ দাহ হৈছিল। পলাই গৈ প্ৰথমে বালিসত্ৰত আছিলগৈ। ৰংপুৰলৈ গৈ মান সেনাপতি মিঙিমাহা তিলোৱাক দেখা কৰাত তেখেতে যথাযোগ্য সন্মানসহ সত্ৰলৈ ফিৰাই পঠিয়ায়। পাছত ইংৰাজে মানক খেদি পঠিওৱাত কুশৰাম দেৱে ইংৰাজ কমিছনাৰ মেথি চাহাবক দেখা কৰে আৰু সত্ৰৰ প্ৰতি সুবিচাৰৰ আশ্বাস লয়। গুৱাহাটীতে ভৰলুমুখত আমনি সত্ৰ পাতি বহু কাল আছিল। ইয়াতেই তেখেতৰ মৃত্যু হয়। দেশৰ দুৰ্দশাৰ সময়ত কৃতিত্বৰে সত্ৰ পৰিচালনা কৰিছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুশৰাম দেৱ” প্ৰবন্ধৰ সংশোধন ১১৩৮০২ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।