আটিনা মেৰী কেনাডে (জন্ম ৮ ছেপ্টেম্বৰ, ১৯৬৫) ডকাইতি, অপহৰণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল আৰু টু ইয়ং টু ডাই ছবিখনৰ প্ৰেৰণা? আমেৰিকাৰ বায়ুসেনাৰ চাৰ্জেণ্ট ৰ’নাল্ড ৱ’জচিক অপহৰণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা আটিনাক প্ৰথমতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। দোষী সাব্যস্ত কৰা হয় যদিও ১৯৮৪ চনত কানাডে বনাম ষ্টেট, ৪৫৫ ছ’.২ডি ৭১৩, ৭২০ (মিছ. ১৯৮৪)ত শাস্তি ৰিভাৰ্ট কৰা হয়। কেনাডেক চেণ্ট্ৰেল মিচিচিপি কাৰেকচনেল ফেচিলিটিত এটা আজীৱন কাৰাদণ্ড আৰু দুটা ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হয়।১২ ২০০৮ চনৰ ৯ মাৰ্চত পেৰ'লত মুকলি কৰি দিয়া হয়।৩৪
প্ৰাথমিক জীৱন
কেনাডেৰ মাতৃয়ে আলাবামাৰ ম’বাইলত ষ্ট্ৰিপাৰ হিচাপে কাম কৰিছিল। শৈশৱ কালত কেনাডেক পিতৃৰদ্বাৰা যৌন নিৰ্যাতন চলোৱা হৈছিল। তেৰ বছৰ বয়সত বিয়া হৈছিল আৰু চৈধ্য বছৰ বয়সত বিবাহ বিচ্ছেদ হৈছিল, যাৰ বাবে ঘৰৰপৰা ওলাই যোৱাৰ সুযোগ পাইছিল। বিবাহ বিচ্ছেদৰ পিছত কেনাডেই যৌনকৰ্মী আৰু নৃত্যশিল্পী হিচাপে কাম কৰিছিল।৫ আইকিউ ৭১ৰ বাবে কেনাডেক অক্ষম বুলি কোৱা হৈছিল।৬৭
অপৰাধ
১৯৮২ চনত ষোল্লবছৰীয়া কেনাডেই দুটা সন্তানৰ উনবিংশবছৰীয়া বিবাহ বিচ্ছেদ হোৱা ৰ’নাল্ড ৱ’জচিকক লগ পায়। ৱজচিকে কেনাডেক প্ৰলোভিত কৰিছিল আৰু শেষত তেওঁলোকৰ বিয়া হৈছিল। তেওঁৰ সামৰিক উৰ্ধতন বিষয়াসকলে তেওঁলোকৰ সম্পৰ্ক আৱিষ্কাৰ কৰি কেনাডেৰ বয়স উন্মোচন কৰাত তাই আৰু ৱ’জচিকৰ বিচ্ছেদ ঘটে।৬৫
সেই বছৰৰ শেষৰফালে কেনাডে, ডেভিদ ৰেণ্ডলফ গ্ৰে (এজন আঠাইশবছৰীয়া নিবনুৱা মানুহ) আৰু ডন বুছাৰ্ট (এজন পোন্ধৰ বছৰীয়া) ৱ’জচিক আৰু তেওঁৰ প্ৰেমিকা চেণ্ড্ৰা ছ’ৱাছক অপহৰণ কৰে। কেনাডেই যুটিটোক জোৰকৈ ৱ’জচিকৰ ভ্যানত উঠাই ৱ’জচিক, ছোৱাছ, গ্ৰে আৰু বুছাৰ্টক দূৰৈলৈ যায় আৰু এটা সময়ত গ্ৰেই সোৱাছক ধৰ্ষণ কৰিব লাগে বুলি পৰামৰ্শ দিয়ে। কেনাডেই এখন বনাঞ্চলৰ ওচৰত গাড়ীখন ৰখাই দিলে আৰু সোৱাছে পলায়ন কৰি হেৰিছন কাউণ্টি শ্বেৰিফ বিভাগক ফোন কৰে। প্ৰথম অৱস্থাত কেনাডেই আৰক্ষীক জনাইছিল যে গ্ৰেই ৱজচিকক হত্যা কৰাৰ বাবে একমাত্ৰ দায়ী কিন্তু পিছলৈ তেওঁ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা এজন জেইলাৰৰ বিষয়ে কয়।৮৬৫
পৰীক্ষণ
১৯৮২ চনত মিচিচিপি ৰাজ্যত কেনাডেক ডকাইতি, অপহৰণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল।৯ ১৯৮২ চনৰ ২০ ছেপ্টেম্বৰৰপৰা কেনাডেৰ বিচাৰ আৰম্ভ হয়। তেওঁ, গ্ৰে আৰু বুছাৰ্টৰ বিচাৰ পৃথকে পৃথকে কৰা হয়। জুৰীয়ে কেনাডেক হত্যাৰ দোষী সাব্যস্ত কৰি ১৯৮২ চনৰ ২৩ ছেপ্টেম্বৰত মাৰাত্মক বেজী দি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। আপীলত মিচিচিপিৰ উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত হোৱাৰ ৰায়দান স্বীকাৰ কৰে যদিও তেওঁৰ অধিবক্তা উপস্থিত নোহোৱাকৈয়ে ডেপুটি শ্বেৰিফৰ আগত অভিযোগনামা দাখিল কৰা বক্তব্য দিয়াৰ বাবে তেওঁক পুনৰ শাস্তিৰ শুনানিৰ অনুমতি দিয়ে।১০
বুছাৰ্টে নৃশংস হত্যাৰ দোষ স্বীকাৰ কৰি ১০ বছৰৰ কাৰাদণ্ড বিহা হয়।
১৯৮৪ চনত কেনাডেক পুনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ২০০৮ চনত পেৰ'লত মুকলি কৰি দিয়া হয়।৬৫৭
তথ্যসূত্ৰ
- ↑ (23 September 1982). Laurel Leader Call Newspaper Archives, Defendant Watched The Events. Associated Press. NewspaperArchive.com. পৃ. 8
- ↑ (16 May 1984). Attina Marie CANNADAY v. STATE of Mississippi.. scholar.google.com. Supreme Court of Mississippi. পৃ. 715–727
- ↑ Baker, David V. (2015). Women and Capital Punishment in the United States: An Analytical History. McFarland. পৃ. 260–261. ISBN 9780786499502
- ↑ Dendinger, Julia M. (21 March 2017). Belen High School students hear real stories about dangers of DWI. Staff. Valencia County News-Bulletin
- ↑ Baker, David V. (2015). Women and Capital Punishment in the United States: An Analytical History. McFarland. পৃ. 260–261. ISBN 9780786499502
- ↑ O'Shea, Kathleen A. (1999). Women and the Death Penalty in the United States, 1900-1998. Greenwood Publishing Group. পৃ. 211–212. ISBN 9780275959524
- ↑ Rapaport, Elizabeth. (1990). Some Questions About Gender and the Death Penalty. Golden Gate University Law Review. পৃ. 501–565
- ↑ "The One With the Child Prostitute". Podcast. Southern Disgrace. Speaker, July 2019. Web. Retrieved 21 June 2020
- ↑ Streib, Victor L. (13 July 2007). DEATH PENALTY FOR FEMALE OFFENDERS, JANUARY 1, 1973, THROUGH JUNE 30, 2007. Ohio Northern University
- ↑ Cannaday v. State. Justia Law
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আটিনা মেৰী কেনাডে” প্ৰবন্ধৰ সংশোধন ৬১৪১৯৬ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।