ভাৰতীয় চলচ্চিত্ৰ বঁটা
৬ প্ৰবন্ধ
-
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়।
-
ফিল্মফেয়াৰ বঁটা
ফিল্মফেয়াৰ বঁটা হৈছে হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ শৈল্পিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ সম্মানাৰ্থে প্ৰদান কৰা এক বঁটা। ফিল্মফেয়াৰ অনুষ্ঠানটো ভাৰতৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ অনুষ্ঠান। বঁটাবোৰ প্ৰথমবাৰৰ বাবে ১৯৫৪ চনত টাইমচ গ্ৰুপৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিচাপে আৰম্ভ হৈছিল।
-
এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা
এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজোৰা কৃতিত্ব আৰু অৱদানক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিনেতা তথা প্ৰাক্তন ৰাজনীতিবিদ এন. টি. ৰামা ৰাও নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে।
-
৫৯তম ফিল্মফেয়াৰ বঁটা
২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।
-
৬০তম ফিল্মফেয়াৰ বঁটা
২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইৰ য়শ ৰাজ ষ্টুডিঅ'ত ৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।
-
পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা
২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।