অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হেইমডাল

হেইমডাল (ইংৰাজী: Heimdall) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। তেওঁ অডিন আৰু ৯ গৰাকী মাতৃৰ সন্তান। হেইমডালে নিজৰ বাসস্থান, য'ত জ্বলি থকা ৰামধেনুৰ দলং বাইফ্ৰষ্টে আকাশৰ সৈতে মিলিত হয়, সেই হাইমিনবজৰ্গৰ পৰা আক্ৰমণকাৰী আৰু ৰাগনৰকৰ আৰম্ভণিৰ ওপৰত চকু ৰাখে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হেইমডাল (ইংৰাজী: Heimdall) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। তেওঁ অডিন আৰু ৯ গৰাকী মাতৃৰ সন্তান। হেইমডালে নিজৰ বাসস্থান, য'ত জ্বলি থকা ৰামধেনুৰ দলং বাইফ্ৰষ্টে আকাশৰ সৈতে মিলিত হয়, সেই হাইমিনবজৰ্গৰ পৰা আক্ৰমণকাৰী আৰু ৰাগনৰকৰ আৰম্ভণিৰ ওপৰত চকু ৰাখে। তেওঁৰ পূৰ্বজ্ঞান আৰু তীক্ষ্ণ ইন্দ্ৰিয় ক্ষমতা, বিশেষকৈ দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি অতি প্ৰখৰ বুলি কোৱা হৈছে। শ্ৰুতিকথাত হেইমডালৰ চৰিত্ৰটো ৰহস্যময়ভাৱে বৰ্ণনা কৰা হৈছে। উদাহৰণস্বৰূপে, হেইমডাল সোণালী দাঁতৰ, "মূৰটোক তেওঁৰ তৰোৱাল বুলি কোৱা হয়" আৰু তেওঁ "দেৱতাৰ ভিতৰত আটাইতকৈ বগা"।

হেইমডালৰ য়ালাৰহৰ্ণ (Gjallarhorn) নামৰ এটা গুঞ্জনযুক্ত শিঙা আৰু গুলটপাৰ (Gulltoppr) নামৰ সোণালী চুলিৰ ঘোঁৰা, লগতে তেওঁৰ বাসস্থানত সুৰাৰ এটা ভঁৰাল আছে। তেওঁ নগৰাকী মাতৃৰ পুত্ৰ, আৰু তেওঁ মানৱতাৰ মাজত সামাজিক শ্ৰেণীৰ উৎপত্তিকাৰী বুলি কোৱা হয়। আন উল্লেখযোগ্য কাহিনীসমূহৰ ভিতৰত আছে দেৱী ফ্ৰেইজাৰ বহুমূলীয়া গহনা “ব্ৰিছিঙ্গামেন” (Brísingamen) উদ্ধাৰ কৰিবলৈ তেওঁ ছীলৰ আকৃতি ধাৰণ কৰি ল’কিৰ সৈতে যুদ্ধ কৰিছিল। হেইমডাল আৰু ল’কিৰ মাজৰ বিৰোধী সম্পৰ্ক উল্লেখযোগ্য, কিয়নো ৰাগনৰকৰ পৰিঘটনাৰ সময়ত তেওঁলোকে ইজনে সিজনক হত্যা কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। হেইমডালক ৰিগ (Rig), হালিনস্কিডি (Hallinskiði), গুলিনটানি (Gullintanni), আৰু ভিণ্ডলেৰ (Vindlér) বা ভিন্ধলেৰ (Vindhlér) নামেৰেও জনা যায়।

ত্ৰয়োদশ শতিকাত পূৰ্বৰ পৰম্পৰাগত সমলৰ পৰা সংকলিত কাব্যিক এড্ডা; ত্ৰয়োদশ শতিকাত লিখা গদ্য এড্ডা আৰু হেইমস্ক্ৰিংলাত; স্কল্ডছৰ কবিতাত; আৰু ইংলেণ্ডত পোৱা এটা পুৰণি নৰ্ছ ৰুনিক শিলালিপিত হেইমডালৰ উল্লেখ পোৱা গৈছে। এই সাক্ষ্যসমূহৰ ৰহস্যময় প্ৰকৃতিৰ বাবে পণ্ডিতসকলে হেইমডালৰ প্ৰকৃতিৰ বিষয়ে বিভিন্ন তত্ত্বৰ সৃষ্টি কৰিছে, য’ত তেওঁক ভেড়া, সীমা, ঢৌ আদিৰ সৈতে সম্পৰ্কীত কৰা হৈছে।

নাম আৰু ব্যুৎপত্তি

হেইমডাল শব্দটোৰ ব্যুৎপত্তি অস্পষ্ট যদিও ইয়াৰ অৰ্থ হয়তো ‘পৃথিৱীক আলোকিত কৰাজন’ হ’ব পাৰে। ‘Heimdallr’ শব্দটো সৌন্দৰ্যৰ দেৱী ফ্ৰেইজাৰ (Freyja) অন্যতম নাম ‘Mardöll’ৰ সৈতে জড়িত হ'ব পাৰে।১ Heimdallr শব্দটো ইংৰাজীত সাধাৰণতে Heimdall হিচাপে লিখা হয়।২

হেইমডালৰ আৰু অন্য তিনিটা নাম আছে; হালিনস্কিডি (Hallinskiði), গুলিনটানি (Gullintanni), আৰু ভিণ্ডলেৰ (Vindlér) বা ভিন্ধলেৰ (Vindhlér)। Hallinskiði নামটোৰ অৰ্থ স্পষ্ট নহয় যদিও ইয়াৰ অৰ্থ উদ্ধাৰৰ ধাৰাবাহিক প্ৰচেষ্টা কৰা হৈছে। Gullintanni আক্ষৰিক অৰ্থ হৈছে ‘সোণৰ দাঁত থকাজন’। Vindlérৰ অৰ্থ হৈছে 'বতাহৰ পৰা ৰক্ষা কৰাজন' বা 'বতাহ-সাগৰ'। উপৰোক্ত তিনিওটা নামৰ ফলত হেইমডালৰ বিষয়ে বহুতো তত্ত্বৰ সৃষ্টি হৈছে।৩

দৃশ্যমান চিত্ৰণ

গছফৰ্থ ক্ৰছ পেনেলত প্ৰায়ে হেইমডালক য়ালাৰহৰ্ণৰ সৈতে চিত্ৰিত কৰা হৈছিল
গছফৰ্থ ক্ৰছ পেনেলত প্ৰায়ে হেইমডালক য়ালাৰহৰ্ণৰ সৈতে চিত্ৰিত কৰা হৈছিলছবি: The original artist who made the Gosforth Cross is unknown. Reproduction by Juli · Public domain

মেন দ্বীপত পোৱা এটা শিলৰ ক্ৰছত ওঁঠত এটা ডাঙৰ শিঙা আৰু নিতম্বলৈকে পৰা এপাত তৰোৱাল লৈ থকা এটা মূৰ্তি দেখা পোৱা যায়। কিছুমানে ইতিহাসবিদে এই চিত্ৰখন য়ালাৰহৰ্ণৰ সৈতে হেইমডালৰ চিত্ৰণ বুলি ক’ব বিচাৰে।৪

ইংলেণ্ডৰ কাম্ব্ৰিয়াত নৱম বা দশম শতিকাৰ গছফৰ্থ ক্ৰছত মুখ মেলি থকা দুটা জন্তুৰ আগত শিঙা আৰু তৰোৱাল ধৰি থকা এটা মূৰ্তি দেখুওৱা হৈছে। এই চিত্ৰক প্ৰায়ে হেইমডালক য়ালাৰহৰ্ণৰ সৈতে চিত্ৰিত কৰা হৈছে বুলি কোৱা হয়।৫

জনপ্ৰিয় সংস্কৃতিত

আধুনিক সাহিত্যৰ বহু গ্ৰন্থত অন্য নৰ্ছ পৌৰাণিক কাহিনীৰ চৰিত্ৰৰ দৰে হেইমডালকো স্থান দিয়া হৈছে। মাৰ্ভেল কমিক্সৰ কেইবাখনো ছবিত হেইমডালক উপস্থাপন কৰা হৈছে আৰু এই চৰিত্ৰটো ইংৰাজ অভিনেতা ইদ্ৰিছ এলবাই ৰূপায়ন কৰিছে।৬

তথ্যসূত্ৰ

  1. ↑ Simek (2007:135 and 202)
  2. ↑ "Heimdall". Random House Webster's Unabridged Dictionary
  3. ↑ Simek (2007:122, 128, and 363)
  4. ↑ Lindow (2002:168)
  5. ↑ Bailey (1996:86—90)
  6. ↑ (2009-11-20). Idris Elba joins Marvel Studios' 'Thor'. The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

নৰ্ছ শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেইমডাল” প্ৰবন্ধৰ সংশোধন ৪১৪৪২৩ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।