দাদাচাহেব ফাল্কে বঁটা বিজয়ী
৪৩ প্ৰবন্ধ
-
বীৰেন্দ্ৰনাথ চৰকাৰ
বীৰেন্দ্ৰনাথ চৰকাৰ ( Birendranath Sircar; ৫ জুলাই ১৯০১ – ২৮ নৱেম্বৰ ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু নিউ থিয়েটাৰ কলকাতাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বঙালী ভাষাৰ ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিয়ে এনে বহু চলচ্চিত্ৰ পৰিচালকক জনমানসত চিনাকি কৰাই দিছিল, যিসকল পৰৱৰ্তী সময়ত প্ৰখ্যাতি অৰ্জন কৰিছিল।
-
কবি প্ৰদীপ
কবি প্ৰদীপ (জন্ম:ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী; Kavi Pradeep; ৬ ফ্ৰেব্ৰুৱাৰী ১৯১৫-১১ ডিচেম্বৰ ১৯৯৮) এজন ভাৰতীয় কবি। চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখা য়ে মেৰে ৱতন কে লোগো নামৰ দেশপ্ৰেমমূলক গীতটোৰ বাবে কবি প্ৰদীপ বিশেষভাৱে জনাজাত।
-
বি এন ৰেড্ডী
বম্মিৰেড্ডী নৰসিংহ ৰেড্ডী ( Bommireddy Narasimha Reddy; ১৬ নৱেম্বৰ ১৯০৮ – ৮ নৱেম্বৰ ১৯৭৭), এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ, যি পেছাগতভাৱে বি এন ৰেড্ডী নামেৰে পৰিচিত আছিল। তেওঁ তেলেগু চলচ্চিত্ৰৰ আৰম্ভণি পৰ্যায়ৰ ব্যক্তিত্ব আছিল।
-
এল ভি প্ৰসাদ
আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।
-
ডি ৰামানাইডু
ডগ্গুবটি ৰামানাইডু ( ইংৰাজী: Daggubati Ramanaidu; ৬ জুন ১৯৩৬ – ১৮ ফেব্ৰুৱাৰী ২০১৫) তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ১৯৬৪ চনত তেওঁ সুৰেশ প্ৰডাকচন প্ৰতিষ্ঠা কৰে, যি ভাৰতৰ অন্যতম বৃহৎ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানীত পৰিণত হয়।
-
নিতিন বসু
নিতিন বসু (: Nitin Bose; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল।
-
ৰাইচাঁদ বড়াল
ৰাইচাঁদ বড়াল ( Rai Chand Boral; ১৯ অক্টোবৰ ১৯০৩ – ২৫ নৱেম্বৰ ১৯৮১) এজন ভাৰতীয় সংগীতকাৰ। সংগীতৰ ৰসিকসকলে তেওঁক ভাৰতৰ চলচ্চিত্ৰীয় সংগীতৰ পিতৃ ভীষ্ম পিতামহ বুলি গণ্য কৰে। ১৯৭৮ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা আৰু একে বছৰতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে।
-
কে বালচন্দৰ
কৈলাসম বালচন্দৰ (Kailasam Balachandar; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।
-
কে বিশ্বনাথ
কাছিনাধুনী বিশ্বনাথ (Kasinadhuni Viswanath; ১৯ ফেব্ৰুৱাৰী ১৯৩০ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।
-
ড॰ ৰাজকুমাৰ
সিংগনাল্লুৰু পুট্টস্বমাইয়া মুথুৰাজ ( Singanalluru Puttaswamaiah Muthuraj; ২৪ এপ্ৰিল ১৯২৯ – ১২ এপ্ৰিল ২০০৬) কানাড়া চলচ্চিত্ৰৰ এজন অভিনেতা আৰু গায়ক, যি তেওঁৰ মঞ্চনাম ড° ৰাজকুমাৰ নামেৰে অধিক পৰিচিত তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু বহুমুখী অভিনেতা হিচাপে তথা সাংস্কৃতিক প্ৰতীক…
-
পি জয়ৰাজ
পাইদী জয়ৰাজ ( Paidi Jairaj; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল।
-
ভালজী পেন্ধাৰকৰ
ভালজী পেন্ধাৰকৰ ( Bhalji Pendharkar; ৩ মে’ ১৮৯৭-২৬ নৱেম্বৰ ১৯৯৪) ভাৰতৰ এজন চলচ্চিত্ৰ ব্যক্তিত্ব। তেওঁ ৬০খনত অধিক মাৰাঠী আৰু ৮খন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ১৯৯১ চনত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।
-
ভি. কে. মূৰ্তি
ভেংকটৰামা পণ্ডিত কৃষ্ণমূৰ্তি ( Venkatarama Pandit Krishnamurthy; ২৬ নৱেম্বৰ ১৯২৩ – ৭ এপ্ৰিল ২০১৪) একালৰ ভায়োলিনবাদক তথা কাৰাবন্দী স্বাধীনতা সংগ্ৰামী গুৰু দত্তৰ চলচ্চিত্ৰৰ নিয়মীয়া কেমেৰামেন আছিল; যাক পেছাগতভাৱে ভি.কে. মূৰ্তি নামেৰে জনা গৈছিল।