অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেলিমা চিলালাহি

দেলিমা চিলালাহি উত্তৰ টাপানুলী, ইন্দোনেছিয়াৰ পৰিবেশ সংৰক্ষণ কৰ্মী। তেওঁ উত্তৰ সুমাত্ৰাত পৰম্পৰাগত অৰণ্য আৰু আদিবাসীৰ অধিকাৰ সংৰক্ষণৰ বাবে চেষ্টা চলাই আছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দেলিমা চিলালাহি উত্তৰ টাপানুলী, ইন্দোনেছিয়াৰ পৰিবেশ সংৰক্ষণ কৰ্মী। তেওঁ উত্তৰ সুমাত্ৰাত পৰম্পৰাগত অৰণ্য আৰু আদিবাসীৰ অধিকাৰ সংৰক্ষণৰ বাবে চেষ্টা চলাই আছে। কেলম্পক ষ্টাদি দেন পেঞ্জেমবংগন প্ৰকাৰ্শ মস্যৰকট ( Kelompok Studi dan Pengembangan Prakarsa Masyarakat, (KSPPM) নামৰ বে-চৰকাৰী অনুষ্ঠানৰ কাৰ্যবাহী পৰিচালক হিচাপে তেওঁ এটা মণ্ড আৰু কাগজ কোম্পানীয়ে দখল কৰা ১৭,০০০ একৰৰো অধিক বিষুৱীয় অৰণ্য পুনৰুদ্ধাৰ কৰিবলৈ অভিযান চলাইছিল।১

পৰিবেশ সংৰক্ষণমূলক কৰ্মৰ স্বীকৃতি হিচাপে, ২০২৩ চনত চিলালাহিয়ে গোল্ডমেন পৰিবেশ সংক্ৰান্তিয় বঁটা লাভ কৰে। তেওঁৰ কাম-কাজে অৰণ্যৰ পৰিবেশতন্ত্ৰ, আদিবাসী পৰম্পৰা, আৰু স্থানীয় অৰ্থনীতিৰ মাজৰ গভীৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।২

কৰ্মজীৱন আৰু সক্ৰিয়তা

চিলালাহিৰ পৰিবেশ সংৰক্ষণমূলক সক্ৰিয়তা তেওঁৰ মহাবিদ্যালয়ৰ দিনতে আৰম্ভ হৈছিল। ২০১৩ চনৰ ইন্দোনেছিয়াৰ সংবিধানিক ন্যায়ালয়ে এটি ৰায়ত ঘোষণা কৰিছিল যে পৰম্পৰাগত অৰণ্য ৰাজ্যৰ মালিকাধীন অৰণ্যৰ পৰা পৃথক।৩ এই ঘোষণাৰ পাছতে তেওঁৰ সক্ৰিয়তা বৃদ্ধি পায়।

১৯৯৯ চনত, চিলালাহিয়েকেলম্পক ষ্টাদি দেন পেঞ্জেমবংগন প্ৰকাৰ্শ মস্যৰকট (Kelompok Studi dan Pengembangan Prakarsa Masyarakat, KSPPM) নামৰ এক মানৱাধিকাৰ আৰু অৰণ্য সংৰক্ষণ মূলক গোটত স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল। তাত তেওঁ ভূমি দখলীকৰণ আৰু আইনী দমন-নিপীড়নৰ সন্মুখীন হোৱা স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰিছিল।৪৫

২০১৮ চনত KSPPM-ৰ কাৰ্যবাহী পৰিচালক হোৱাৰ পিছত, চিলালাহিয়ে উত্তৰ সুমাত্ৰাৰ অৰণ্য ধ্বংসৰ বিৰুদ্ধে এটা বৃহৎ আন্দোলন সংগঠিত কৰিছিল। [1]

ট'বা পাল্প লেষ্টাৰি(Toba Pulp Lestari, চমুকৈ TPL)-ৰ বিৰুদ্ধে সংগ্ৰাম

চিলালাহিয়ে উত্তৰ সুমাত্ৰাৰ অন্তিম বৰ্ষাৰণ্য সংৰক্ষণ আৰু আদিবাসী বাটাক টোবা (Batak Toba) সম্প্ৰদায়ৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ টিপিএল (TPL) নামৰ মণ্ড আৰু কাগজ কোম্পানীৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰক্টাৰ এণ্ড গেম্বলৰে সম্পৰ্কিত এই কোম্পানীটো ১৯৮০ চনৰ পৰাই অৰণ্য বিনাশৰ বাবে কুখ্যাত আছিল|১

২০১৯ আৰু ২০২২-ৰ মাজত, চিলালাহিয়ে ছটা বাটাক সম্প্ৰদায়ক পৰম্পৰাগত অৰণ্যৰ স্বীকৃতি (hutan adat) পোৱাত সহায় কৰিছিল, যাৰ ফলত ৭,০০০ হেক্টৰৰো অধিক অৰণ্য ধ্বংস হোৱাৰ পৰা ৰক্ষা পায়।

তেওঁৰ যুক্তিপূৰ্ণ সংগ্ৰামৰ বাবে ইন্দোনেছিয়াৰ পৰিবেশ আৰু অৰণ্য মন্ত্ৰণালয়ে এই সম্প্ৰদায়বোৰৰ অৰণ্যৰ ওপৰত থকা অধিকাৰক স্বীকৃতি প্ৰদান কৰে।৬

২০২৩ চনৰ মে' মাহত, চিলালাহিয়ে আমেৰিকাত প্ৰক্টাৰ এণ্ড গেম্বলৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সংগঠিত কৰিছিল। তেওঁ P&G-ক ৰয়েল গ'ল্ডেন ঈগল (Royal Golden Eagle, চমুকৈ RGE) নামৰ কোম্পানীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ আহ্বান জনাইছিল, কাৰণ আৰ জি ই টবা পাল্প লেষ্টাৰি(TPL)-ৰ লগত জড়িত আছিল। টি পি এল ভূমি বেদখল আৰু স্থানীয় বটক জনগোষ্ঠীক ভয় দেখুওৱা কাৰ্যত জড়িত আছিল।৭

চিলালাহিৰ নেতৃত্বত পাৰগামানান- বিনটাং মাৰিয়া (Pargamanan-Bintang Maria ) সম্প্ৰদায়ৰ আদিবাসী আন্দোলন আৰু আমেৰিকাৰ অহিও-ৰ স্থানীয় সক্ৰিয়তাসমূহে টিপি এল-ৰ ৪০% ভূমি দখলৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰিছিল। এই আন্দোলনে বন সংৰক্ষণৰ সৈতে বিশ্বজোৰা জলবায়ু পৰিৱৰ্তনৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু বংশানুক্ৰমে অৰণ্য ৰক্ষা কৰি অহা জনগোষ্ঠীবোৰৰ অধিকাৰক সন্মান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।৭

২০২৩ চনৰ আগষ্ট মাহৰ পৰা, চিলালাহিয় েপাৰগামানান- বিনটাং মাৰিয়া (Pargamanan-Bintang Maria) সম্প্ৰদায়ৰ বন অধিকাৰ প্ৰাপ্তিৰ বাবে তেওঁৰ সংগ্ৰাম অব্যাহত ৰাখিছে।৪

প্ৰভাৱ

চিলালাহিয়ে ১৭,৮২৪ একৰ অৰণ্য পুনৰুদ্ধাৰ কৰাৰ লগতে, স্থানীয় আদিবাসী সমাজৰ জীৱিকা আৰু সংস্কৃতি সংৰক্ষণত গুৰুত্ব দিছে।৮২

২০২৩ চনত, চিলালাহিয়ে গোল্ডমেন পৰিবেশ সংক্ৰান্তিয় বঁটা লাভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Delima Silalahi Wins the Prestigious Goldman Environmental Prize - The Understory. Rainforest Action Network
  2. ↑ Delima Silalahi, Environmental Activist From North Sumatra Wins Goldman Environmental Prize 2023. VOI - Waktunya Merevolusi Pemberitaan
  3. ↑ (2023-05-08). Fighting for the preservation of customary forests, Delima Silalahi awarded "Green Nobel". OBSERVER
  4. ↑ Customary forests recognition remains challenging. The Jakarta Post
  5. ↑ tim. Profil Delima Silalahi, Raih Penghargaan usai Selamatkan Hutan Adat. teknologi
  6. ↑ (2023-04-24). Meet the 2023 Goldman Environmental Prize Winners. Mongabay Environmental News
  7. ↑ Goldman Prize Winner Takes P&G Fight to Cincinnati - The Understory. Rainforest Action Network
  8. ↑ AsiaNews.it. Batak woman from Sumatra among environmentalists' 'nobels. www.asianews.it

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ ব্যক্তিমানৱ অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেলিমা চিলালাহি” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৬০ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।