ইণ্ডোনেছিয়াৰ পৰ্যটনস্থলী
১০ প্ৰবন্ধ
-
কাংগাল শিলালিপি
ইণ্ডোনেছিয়াৰ মধ্য জাভা চহৰৰ মাগেলাং ৰিজেন্সিৰ চালামৰ কাদিলুৱিহ গাঁৱৰ গুনুং উঁকিৰ মন্দিৰ কমপ্লেক্সত আৱিষ্কাৰ হোৱা ৭৩২ চনৰ সংস্কৃত শিলালিপি হৈছে কাংগাল শিলালিপি এই শিলালিপি পল্লৱ বৰ্ণমালাত লিখা হৈছে।
-
বৰোবুদুৰ
বৰোবুদুৰ বা বাৰাবুদুৰ (Borobudur) ইণ্ডোনেছিয়াৰ মধ্য জাভা অঞ্চলৰ মাগেলাং ৰিজেন্সিৰ মাগেলাং চহৰ আৰু মুণ্টিলান চহৰৰ ওচৰত অৱস্থিত নৱম শতিকাৰ এক মহাযান বৌদ্ধ মন্দিৰ। ধূসৰ ৰঙৰ এণ্ডেচাইটৰ দৰে শিলেৰে নিৰ্মিত এই মন্দিৰটো ছটা বৰ্গক্ষেত্ৰ আৰু তিনিটা বৃত্তাকাৰ গম্বুজ এটাৰ ওপৰত এটাকৈ নিৰ্মাণ কৰা হৈছে।
-
মেৰাপি
মাউণ্ট মেৰাপি হৈছে ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশ আৰু যোগ্যকাৰ্টা বিশেষ অঞ্চলৰ সীমান্তত অৱস্থিত এটা সক্ৰিয় স্তৰ আগ্নেয়গিৰি। ই ইণ্ডোনেছিয়াৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি আৰু ১৫৪৮ চনৰপৰা নিয়মিতভাৱে বিস্ফোৰণ ঘটি আছে।
-
গুনুং উঁকিৰ মন্দিৰ
গুনুং উঁকিৰ মন্দিৰ বা কাংগাল মন্দিৰ বা শিৱলিংগ নামেৰেও জনাজাত অষ্টম শতিকাৰ আৰম্ভণিৰ শিৱাই হিন্দু মন্দিৰ, ইণ্ডোনেছিয়াৰ মধ্য জাভাত মাগেলাং ৰিজেন্সিৰ চালাম মহকুমাৰ কাডিলুৱিহ গাঁৱৰ কাংগাল গাঁৱত অৱস্থিত।
-
ছাম্বিং
ছাম্বিং বা মাউণ্ট ছাম্বিং (গুনুং ছাম্বিং) ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা সক্ৰিয় আগ্নেয়গিৰিৰ স্তৰ। এই আগ্নেয়গিৰিটো ইয়াৰ উত্তৰ-পশ্চিমে অৱস্থিত ইয়াৰ চুবুৰীয়া মাউণ্ট সুন্দৰোৰ দৰেই প্ৰতিসম। প্ৰশাসনিকভাৱে, আগ্নেয়গিৰিটো ৩টা ৰিজেন্সিৰ মাজত বিভক্ত: টেমাংগুং, ৱনোছবো, আৰু মাগেলাং।
-
পাৱন মন্দিৰ
পাৱন মন্দিৰ ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। শৈলেন্দ্ৰ বংশৰ ৰাজত্বকালত (৮ম–৯ম শতিকা) নিৰ্মিত এই বৰোবুদুৰ মন্দিৰ চৌহদৰ এটা অংশ, যিটো একেটা অক্ষত অৱস্থিত তিনিটা মন্দিৰৰে গঠিত; বড়োবুদুৰ, পাৱন, আৰু মেন্দুট। তিনিওটা মন্দিৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি লিপিবদ্ধ কৰা হৈছে।
-
বৰোবুদুৰ মন্দিৰ চৌহদ
বৰোবুদুৰ মন্দিৰ চৌহদ ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা তিনিটা বৌদ্ধ মন্দিৰক অঞ্চলক সামৰি এক বিশ্ব ঐতিহ্যৰ নাম। ইয়াত বৰোবুদুৰ, মেন্দুট, আৰু পাৱন মন্দিৰ অন্তৰ্ভুক্ত। একে শাৰীতে নিৰ্মাণ কৰা এই মন্দিৰসমূহ শৈলেন্দ্ৰ বংশৰ সময়ত প্ৰায় অষ্টম আৰু নৱম শতিকাত নিৰ্মাণ কৰা হৈছিল।
-
সুন্দৰো
মাউণ্ট সুন্দৰো বা চিণ্ডোৰো বা চিণ্ডাৰা ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা অৰ্ধ-সক্ৰিয় স্তৰ আগ্নেয়গিৰি। উত্তৰ-পশ্চিম-দক্ষিণ ফালে পৰজীৱী গহ্বৰ আৰু আগ্নেয়গিৰিৰ শংকু পোৱা যায়; আটাইতকৈ ডাঙৰটোৰ নাম কেম্বাং। এটা সৰু লাভা গম্বুজে আগ্নেয়গিৰিটোৰ শিখৰ দখল কৰিছে।
-
মেন্দুট
ইণ্ডোনেছিয়াৰ মধ্য জাভাৰ মাগেলাং ৰিজেন্সিৰ মুংকিড মহকুমাৰ মেন্দুট গাঁৱত অৱস্থিত মেন্দুট মন্দিৰ হৈছে নৱম শতিকাৰ বৌদ্ধ মন্দিৰ। বৰোবুদুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূবে অৱস্থিত এই মন্দিৰ। মেন্দুট, বৰোবুদুৰ, পাৱন মন্দিৰ, এই তিনিওটা বৌদ্ধ মন্দিৰ একেটা সৰলৰেখাত অৱস্থিত।
-
মেৰবাবু
মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।" সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব…