অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কমলা চন্দ্ৰকিৰাণা

কমলা চন্দ্ৰকিৰাণা (ইংৰাজী: Kamala Chandrakirana; জন্ম: ১৯৬০) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী নাৰীবাদী মানৱ অধিকাৰ কৰ্মী যিয়ে ন্যায় আৰু গণতন্ত্ৰৰ বাবে কাম কৰে। ২০১১ চনৰ পৰা তেওঁ আইন আৰু ব্যৱহাৰিক ক্ষেত্ৰত মহিলাৰ প্ৰতি বৈষম্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ কৰ্মগোটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

হালনাগাদ: ১৭ জুন ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কমলা চন্দ্ৰকিৰাণা (ইংৰাজী ভাষা: Kamala Chandrakirana; জন্ম: ১৯৬০) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী নাৰীবাদী মানৱ অধিকাৰ কৰ্মী যিয়ে ন্যায় আৰু গণতন্ত্ৰৰ বাবে কাম কৰে।১ ২০১১ চনৰ পৰা তেওঁ আইন আৰু ব্যৱহাৰিক ক্ষেত্ৰত মহিলাৰ প্ৰতি বৈষম্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ কৰ্মগোটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।২ তেওঁ এক দশকৰো অধিক সময় ধৰি ইণ্ডোনেছিয়াৰ মহিলাৰ বিৰুদ্ধে হিংসাৰ ৰাষ্ট্ৰীয় আয়োগ প্ৰতিষ্ঠা আৰু সেৱা আগবঢ়োৱাত অতিবাহিত কৰিছিল, যিটো দেশখনৰ মহিলাৰ মানৱ অধিকাৰৰ প্ৰাথমিক তন্ত্ৰ। তেওঁ ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈকে প্ৰথমগৰাকী সাধাৰণ সম্পাদক আৰু তাৰ পিছত ২০০৩ চনৰ পৰা ২০০৯ চনলৈকে অধ্যক্ষ আছিল।৩ ২০০৯ চনত তেওঁ অন্যান্য সক্ৰিয় কৰ্মী, শিক্ষাবিদ আৰু প্ৰগতিশীল ধৰ্মীয় পণ্ডিতসকলৰ সৈতে মিলি "মুছৱাহ" নামৰ "মুছলমান পৰিয়ালত সমতা আৰু ন্যায়ৰ বাবে এক গোলকীয় আন্দোলন" সহ-প্ৰতিষ্ঠা কৰে।৪

কৰ্মজীৱন

চন্দ্ৰকিৰাণাই দুটা দশকৰো অধিক সময় ধৰি মহিলাৰ মানৱ অধিকাৰ, সামাজিক ন্যায় আৰু গণতন্ত্ৰৰ বিষয়ত কাম কৰি আহিছে। তেওঁ নেটৱৰ্ক আৰু মিত্ৰজোঁট গঢ়ি তোলাত সহায় কৰিছে, ইণ্ডোনেছিয়া আৰু ৰাষ্ট্ৰসংঘ দুয়োখন ঠাইতে আনুষ্ঠানিক মানৱ অধিকাৰ ব্যৱস্থাক শক্তিশালী কৰিছে আৰু সমগ্ৰ ইণ্ডোনেছিয়া, এছিয়া পেচিফিক অঞ্চল তথা বিশ্বজুৰি সক্ৰিয় কৰ্মীসকলৰ অংশগ্ৰহণত সমৰ্থন আগবঢ়াইছে।১

ইণ্ডোনেছিয়াৰ ২০০৩-২০০৯ চনৰ সংঘাতপূৰ্ণ সময়ছোৱাত চন্দ্ৰকিৰাণাই মহিলাৰ বিৰুদ্ধে হিংসাৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতিত্ব কৰিছিল। এই আয়োগে আচেহ, পাপুয়া, পচো (কেন্দ্ৰীয় চুলাৱেচি)ৰ লগতে ১৯৯৮ চনৰ মে' মাহৰ ধৰ্ষণ কাণ্ড আৰু ১৯৬৫ চনৰ হত্যাকাণ্ডকে ধৰি মহিলাৰ মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ ঘটনাসমূহ নথিভুক্ত কৰিছিল।৫

আইন আৰু ব্যৱহাৰিক ক্ষেত্ৰত মহিলাৰ প্ৰতি বৈষম্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ কৰ্মগোটৰ সদস্য হোৱাৰ উপৰিও চন্দ্ৰকিৰাণাই ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাত এগৰাকী মহিলা মানৱ অধিকাৰ বিশেষজ্ঞ হিচাপে অন্যান্য পদতো সেৱা আগবঢ়াইছে। তেওঁ এছিয়া পেচিফিক ফৰাম অন উইমেন, ল এণ্ড ডেভেলপমেণ্ট (APWLD), ইণ্টাৰনেশ্যনেল উইমেনছ ৰাইটছ একচন ৱাচ, এছিয়া পেচিফিক (IWRAW AP), দক্ষিণ-পূব এছিয়াৰ মহিলা ককাচ আৰু মুছলমান পৰিয়ালত সমতা আৰু ন্যায়ৰ বাবে গোলকীয় আন্দোলন মুছৱাহৰ দৰে কেইবাটাও আঞ্চলিক নেটৱৰ্কৰ সৈতে জড়িত হৈ আছে।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kamala Chandrakirana. Asia Pacific Feminist Forum (APWLD) apwld.org
  2. ↑ (23 May 2013). UN expert group urges new Icelandic authorities to sustain gender empowerment efforts. UN News Centre
  3. ↑ Working Group on the issue of discrimination against women in law and in practice - Members. Office of the High Commissioner on Human Rights (OHCHR) www.ohchr.org
  4. ↑ Kamala Chandrakirana. Yale worldfellows.yale.edu
  5. ↑ Kamala Chandrakirana visit. Australian National University genderinstitute.anu.edu.au

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান নাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা চন্দ্ৰকিৰাণা” প্ৰবন্ধৰ সংশোধন ৬১২৬৩৬ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।