ইতিহাসৰ আজিৰ দিনত
২৯ জুলাই
জন্ম
- ১৭৯৬ৱাল্টাৰ হাণ্ট, আমেৰিকাৰ বিজ্ঞানী, চেফ্টি পিন আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
- ১৯০৪জাহাংগীৰ ৰতনজী দাদাভাই টাটা, বিখ্যাত ব্যৱসায়ী তথা টাটা মটৰচ আৰু টাটা গ্লবেল বিভাৰেজেচৰ প্ৰতিষ্ঠাপক।
- ১৯৫৯সঞ্জয় দত্ত, বলিউডৰ বিখ্যাত অভিনেতা।
- ১৯৯০চুইডেনৰ ষ্টকহ'মত এলি আভৰামৰ জন্ম হৈছিল। তেখেত ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাইছিল।
মৃত্যু
- ১১০৮ফ্ৰান্সৰ ৰজা প্ৰথম ফিলিপ।
- ১৮৯০ভিনচেণ্ট ভেন গঘ, হলেণ্ডৰ প’ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ।
- ১৮৯০ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ,উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল।
- ১৯৬২ৰ'নাল্ড ফিছাৰ, ইংৰাজ পৰিসংখ্যাবিদ। (জঃ ১৮৯০)
- ১৯৯৬ভাৰত ৰত্ন অৰুণা আছফ আলি, ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজকৰ্মী আছিল।
- ২০০৩কৌতুক অভিনেতা জনি ৱাৰ্কাৰৰ মৃত্যু হয়।
- ২০২১ড° অনিমা গুহ (ইংৰাজীঃ Dr Anima Guha), এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখিকা তথা সাহিত্যিক। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আছিল। (জঃ ১৯৩২,২৬ মাৰ্চ)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ