অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৱাং য়াংমিং

ৱাং য়াংমিং (Wang Yangming,১৪৭২–১৫২৯) চীন দেশৰ মিং ৰাজবংশৰ (Ming dynasty) এজন অতি প্ৰখ্যাত ৰাষ্ট্ৰনীতিজ্ঞ, সেনাধ্যক্ষ আৰু নব্য-কনফুচীয় (Neo-Confucian) দাৰ্শনিক আছিল। কনফুচীয় ঐতিহ্যৰ ইতিহাসত তেওঁক কনফুচিয়াছ, মেন্সিয়াছ আৰু জু চিৰ সমান্তৰালভাৱে অন্যতম শ্ৰেষ্ঠ গুৰু হিচাপে গণ্য কৰা হয়.

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৱাং য়াংমিং (Wang Yangming,১৪৭২–১৫২৯) চীন দেশৰ মিং ৰাজবংশৰ (Ming dynasty) এজন অতি প্ৰখ্যাত ৰাষ্ট্ৰনীতিজ্ঞ, সেনাধ্যক্ষ আৰু নব্য-কনফুচীয় (Neo-Confucian) দাৰ্শনিক আছিল।

কনফুচীয় ঐতিহ্যৰ ইতিহাসত তেওঁক কনফুচিয়াছ, মেন্সিয়াছ আৰু জু চিৰ সমান্তৰালভাৱে অন্যতম শ্ৰেষ্ঠ গুৰু হিচাপে গণ্য কৰা হয়. তেওঁক তেওঁৰ জন্মগত নাম ৱাং শ্বৌৰেন (Wang Shouren) বুলিও জনা যায়।১২

প্ৰধান দৰ্শন আৰু মতবাদসমূহ

ৱাং য়াংমিঙে চীনৰ মূলসুঁতিৰ যুক্তিবাদী দৰ্শনৰ বিপৰীতে "হৃদয় বা মনৰ মতবাদ" (School of Mind/Heart) গঢ়ি তুলিছিল। তেওঁৰ মূল দৰ্শনসমূহ তলত দিয়া ধৰণৰ:৩

  • জ্ঞান আৰু কৰ্মৰ একতা (Unity of Knowing and Acting / 知行合一): ই তেওঁৰ আটাইতকৈ প্ৰসিদ্ধ মতবাদ. তেওঁৰ মতে, জ্ঞান আৰু কৰ্ম দুটা বেলেগ বস্তু নহয়, বৰঞ্চ একেটা মুদ্ৰাৰে ইপিঠি-সিশিপি. আচল জ্ঞান কেৱল প্ৰত্যক্ষ অভিজ্ঞতা বা কৰ্মৰ জৰিয়তেহে লাভ কৰিব পাৰি (যেনে: তিতা তৰমুজ এটা নিজে খাই নাচালে তাৰ তিতা সোৱাদটো প্ৰকৃততে জানিব নোৱাৰি)।
  • সহজাত জ্ঞান (Innate Knowing / 良知): ৱাঙে যুক্তি দিছিল যে প্ৰতিজন مرুদৰে জন্মৰেপৰা ভাল আৰু বেয়াৰ পাৰ্থক্য বুজি পোৱাৰ এক স্বভাৱজাত বা অন্তৰ্নিহিত ক্ষমতা থাকে. এই জ্ঞান যুক্তিনিৰ্ভৰ নহয়, বৰঞ্চ ই এক অন্তৰ্দৃষ্টি (intuition)। ৪
  • মন আৰু পৃথিৱী (Mind and the World): তেওঁ বিশ্বাস কৰিছিল যে বস্তুসমূহ মনৰ বাহিৰত স্বতন্ত্ৰভাৱে বৰ্তি নাথাকে. আমাৰ মনেহে পৃথিৱীখনক এক অৰ্থ প্ৰদান কৰে, গতিকে সকলো যুক্তিৰ উৎস হৈছে মানুহৰ মন।৫ ৬

সামৰিক কৃতিত্ব আৰু কৰ্মজীৱন

দৰ্শনৰ উপৰি ৱাং য়াংমিং এজন পাকৈত আৰু কঠোৰ অনুশাসনপ্ৰিয় সেনাধিনায়ক আছিল।৭

  • তেওঁ জিয়াংক্সি, ফুজিয়ান আৰু গুয়াংডং প্ৰদেশত হোৱা কৃষক বিদ্ৰোহসমূহ সফলতাৰে দমন কৰিছিল।
  • ১৫১৯ চনত তেওঁ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৰাজকুমাৰ নিঙৰ এক ভয়ংকৰ ৰাজদ্ৰোহ (Prince of Ning rebellion) অতি চতুৰতাৰে আৰু সফল সামৰিক কৌশলেৰে মষিমূৰ কৰিছিল।
  • সামৰিক অভিযানৰ সময়ত তেওঁ পৰাজিত বিদ্ৰোহীসকলক পুনৰ্সংস্থাপন কৰা আৰু তেওঁলোকৰ বাবে বিদ্যালয় নিৰ্মাণ কৰাৰ দৰে মানৱীয় কামো কৰিছিল।৮

প্ৰভাৱ আৰু উত্তৰাধিকাৰ

  • পূব এছিয়াত প্ৰভাৱ: তেওঁৰ দৰ্শন কেৱল চীনতে নহয়, বৰঞ্চ জাপানত (যাক Ōyōmei-gaku বুলি জনা যায়) অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ই জাপানী চামুৰাই (Samurai) নীতি তথা ১৯ শতিকাৰ মেইজী পুনৰুদ্ধাৰৰ (Meiji Restoration) সংস্কাৰকসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।
  • আধুনিক প্ৰাসংগিকতা: বৰ্তমান চীনৰ কমিউনিষ্ট পাৰ্টীৰ জেনেৰেল ছেক্ৰেটেৰী শ্বি জিনপিঙেও (Xi Jinping) দলীয় বিষয়াসকলক ৱাং য়াংমিঙৰ "ভাৱ আৰু কৰ্মৰ একতা"ৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়।
  • স্মৃতিচিহ্ন: টাইৱানৰ বিখ্যাত 'য়াংমিংশ্বান' (Yangmingshan) ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাষ্ট্ৰীয় য়াং-মিং বিশ্ববিদ্যালয় (National Yang-Ming University) তেওঁৰ নামেৰেই নামকৰণ কৰা হৈছে।৯

তথ্যসূত্ৰ

  1. ↑ Wang Yangming (Wang Shou-Jen) | Internet Encyclopedia of Philosophy
  2. ↑ Chan, Wing-tsit. Sourcebook in Chinese Philosophy. Greenwood Publishing Group, March 1, 2002. xii. Retrieved on April 1, 2012
  3. ↑ Benesch, 2009
  4. ↑ Gillin 60
  5. ↑ name="Chan654">Chan 1963: 654
  6. ↑ name="needham volume 5 part 7 372">Needham, Volume 5, Part 7, 372
  7. ↑ 陽明学者
  8. ↑ Tu, Hang. (2025). Sentimental Republic: Chinese Intellectuals and the Maoist Past. Harvard University Asia Center. পৃ. 256. ISBN 9780674297579
  9. ↑ Johnson, Ian. (2017-10-18). Forget Marx and Mao. Chinese City Honors Once-Banned Confucian.. The New York Times

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাং য়াংমিং” প্ৰবন্ধৰ সংশোধন ৬৪০৬৫১ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।