অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰে'ম্ব্ৰেণ্ট

ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (; ১৫ জুলাই ১৬০৬ কলা জগতকৈ তেওঁৰ অৱদানসমূহ এনে এক অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বৰ সময়ত আহিছিল যাক ইতিহাসবিদসকলে ডাচ্চ সোণালী যুগ বোলে। ডাচ্চ সোণালী যুগ চিত্ৰকলা সমগ্ৰ ইউৰোপত প্ৰচলিত বেৰ'ক শৈলীতকৈ বহু পৃথক হ'লেও জনপ্ৰিয় আছিল আৰু ই চিত্ৰকলাত ন ন শ্ৰেণীৰ সৃষ্টি কৰে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৭৩০ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (; ১৫ জুলাই ১৬০৬ – ৪ অক্টোবৰ ১৬৬৯) এজন ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ (etcher) আছিল। তেওঁক সাধাৰণতে ইউৰোপীয় কলাৰ অন্যতম মহান আৰু ডাচ্চ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চিত্ৰকৰ আৰু প্ৰিণ্টমে'কাৰ হিচাপে গণ্য কৰা হয়।১ কলা জগতকৈ তেওঁৰ অৱদানসমূহ এনে এক অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বৰ সময়ত আহিছিল যাক ইতিহাসবিদসকলে ডাচ্চ সোণালী যুগ বোলে। ডাচ্চ সোণালী যুগ চিত্ৰকলা সমগ্ৰ ইউৰোপত প্ৰচলিত বেৰ'ক শৈলীতকৈ বহু পৃথক হ'লেও জনপ্ৰিয় আছিল আৰু ই চিত্ৰকলাত ন ন শ্ৰেণীৰ সৃষ্টি কৰে।

যুৱকালত এজন পৰ্ট্ৰেইট চিত্ৰকাৰ হিচাপে সফলতা লভিলেও ৰে'ম্ব্ৰেণ্টৰ শেষ জীৱন শোক আৰু ধনৰ অভাৱেৰে জৰ্জড়িত আছিল। তথাপিও তেওঁৰ চিত্ৰ আৰু নক্সাসমূহৰ জনপ্ৰিয়তাই শিল্পী ৰূপে তেওঁৰ সন্মান অক্ষত ৰাখিছিল।২ বিছ বছৰ জুৰি তেওঁ বহু কেইজন ডাচ্চ চিত্ৰকাৰক শিক্ষা প্ৰদান কৰিছিল।৩ ৰে'ম্ব্ৰেণ্টৰ সৰ্বোত্তম সৃষ্টিশীল সফলতাসমূহ আছিল তেওঁৰ সমসাময়িকসকলৰ প্ৰতিকৃতি, আত্ম-প্ৰতিকৃতি আৰু বাইবেলৰ ঘটনাৱলীৰ অংকন। তেওঁৰ আত্ম-প্ৰতিকৃতিসমূহে এক অসাধাৰণ আৰু আপোন জীৱনীৰ ৰূপ দাঙি ধৰে য'ত শিল্পীজনে কোনো গৌৰৱ নোহোৱাকৈ সততাৰে নিজকে পৰ্যবেক্ষণ কৰিছিল।১

তেওঁৰ চিত্ৰ আৰু প্ৰিণ্টসমূহত তেওঁ দ্ৰুপদী আইক'ন'গ্ৰাফীৰ জ্ঞানৰ সাক্ষৰ পোৱা যায়। এইবোৰ তেওঁ নিজৰ অভিজ্ঞতাৰ প্ৰয়োজনীতা পূৰাবলৈ সালসলনি কৰিছিল। যেনে বাইবেলৰ এটা দৃশ্য অংকনৰ ক্ষেত্ৰত নিৰ্দিষ্ট পাঠ্য সম্পৰ্কে তেওঁৰ জ্ঞান, দ্ৰুপদী ৰচনাৰ সমীভৱন আৰু আম্‌ষ্টাৰডামৰ ইহুদী জনতাৰ পৰ্যবেক্ষণ ব্যৱহাৰ হৈছিল।৪ মানুহৰ অৱস্থাৰ প্ৰতি তেওঁৰ সহানুভূতিৰ বাবে তেওঁক "সভ্যতাৰ এজন অন্যতম মহান অগ্ৰদূত" বোলা হয়।৫

চিত্ৰশালা

আত্ম-প্ৰতিকৃতি

মূল প্ৰবন্ধ: Self-portraits by Rembrandt

তথ্যসূত্ৰ

  • Ackley, Clifford, et al., Rembrandt's Journey, Museum of Fine Arts, Boston, 2004. ISBN 0-87846-677-0
  • Adams, Laurie Schneider. (1999). Art Across Time. Volume II. McGraw-Hill College, New York, NY
  • Bull, Duncan, et al., Rembrandt-Caravaggio, Rijksmuseum, 2006.
  • Clark, Kenneth. (1969). Civilisation: a personal view. Harper & Row. ISBN 9780060108014
  • Clark, Kenneth, An Introduction to Rembrandt, 1978, London, John Murray/Readers Union, 1978
  • Clough, Shepard B. (1975). European History in a World Perspective. D.C. Heath and Company, Los Lexington, MA. ISBN 0-669-85555-3
  • Driessen, Christoph, Rembrandts vrouwen, Bert Bakker, Amsterdam, 2012. ISBN 9789035136908
  • Durham, John I. (2004). Biblical Rembrandt: Human Painter In A Landscape Of Faith. Mercer University Press. ISBN 0-86554-886-2
  • Gombrich, E.H., The Story of Art, Phaidon, 1995. ISBN 0-7148-3355-X
  • Hughes, Robert. (2006). The God of Realism. The New York Review of Books. Rea S. Hederman
  • The Complete Etchings of Rembrandt Reproduced in Original Size, Gary Schwartz (editor). New York: Dover, 1988. ISBN 0-486-28181-7
  • Slive, Seymour, Dutch Painting, 1600–1800, Yale UP, 1995, ISBN 0-300-07451-4
  • van de Wetering, Ernst, Rembrandt: The Painter at Work, Amsterdam University Press, 2000. ISBN 0-520-22668-2
  • Rembrandt by himself (Christopher White — Editor, Quentin Buvelot — Editor) National Gallery Co Ltd [1999]
  • Roberto Manescalchi, Rembrandt: la madre ritrovata, M.C.M.(La storia delle cose), dicembre, 2004.
  • Christopher White, The Late Etchings of Rembrandt, 1969, British Museum/Lund Humphries, London
  • Bomford, D. et al., Art in the making: Rembrandt, New edition, Yale University Press, 2006

অতিৰিক্ত পঠন

  • Catalogue raisonné: Stichting Foundation Rembrandt Research Project:
    • A Corpus of Rembrandt Paintings — Volume I, which deals with works from Rembrandt’s early years in Leiden (1629–1631), 1982
    • A Corpus of Rembrandt Paintings — Volume II: 1631–1634. Bruyn, J., Haak, B. (et al.), Band 2, 1986, ISBN 978-90-247-3339-2
    • A Corpus of Rembrandt Paintings — Volume III, 1635–1642. Bruyn, J., Haak, B., Levie, S.H., van Thiel, P.J.J., van de Wetering, E. (Ed. Hrsg.), Band 3, 1990, ISBN 978-90-247-3781-9
    • A Corpus of Rembrandt Paintings — Volume IV. Ernst van de Wetering, Karin Groen et al. Springer, Dordrecht, the Netherlands (NL). ISBN 1-4020-3280-3. p. 692. (Self-Portraits)
  • Rembrandt. Images and metaphors, Christian Tumpel (editor), Haus Books London 2006 ISBN 978-1-904950-92-9
  • Van De Wetering, Ernst (2004) (2nd paperback printing). The Painter At Work. University of California Press, Berkeley and Los Angeles. University of California Press, London, England. By arrangement with Amsterdam University Press. ISBN O-520-22668-2.
  • Anthony M. Amore; Tom Mashberg. (2012). Stealing Rembrandts: The Untold Stories of Notorious Art Heists. ISBN 978-0230339903

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gombrich, p. 420
  2. ↑ Gombrich, p. 427
  3. ↑ Clark 1969, পৃ. 203
  4. ↑ Clark 1969, পৃ. 203–204
  5. ↑ Clark 1969, পৃ. 205

সম্পৰ্কিত শ্ৰেণী

নেডাৰলেণ্ডৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰে'ম্ব্ৰেণ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৮৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।