অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেখা পাণ্ডে

ৰেখা পাণ্ডে (ইংৰাজী: Rekha Pande) হৈছে হায়দৰাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় গৱেষণা, আন্তঃধৰ্মীয় সম্পৰ্ক আৰু মিলন কেন্দ্ৰ হেনৰী মাৰ্টিন ইনষ্টিটিউটৰ ইতিহাস আৰু মহিলা অধ্যয়নৰ এগৰাকী এমেৰিটাছ অধ্যাপিকা। বৰ্তমান তেওঁ “ছ’চাইটি ফৰ এম্পাৱাৰমেণ্ট থ্ৰু এনভাইৰনমেণ্ট ডেভেলপমেণ্ট” (SEED)ৰ সঞ্চালিকা হিচাপেও কৰ্মৰত।

হালনাগাদ: ১৪ জুলাই ২০২৪ ৪৬০ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰেখা পাণ্ডে (ইংৰাজী: Rekha Pande) হৈছে হায়দৰাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় গৱেষণা, আন্তঃধৰ্মীয় সম্পৰ্ক আৰু মিলন কেন্দ্ৰ হেনৰী মাৰ্টিন ইনষ্টিটিউটৰ ইতিহাস আৰু মহিলা অধ্যয়নৰ এগৰাকী এমেৰিটাছ অধ্যাপিকা। বৰ্তমান তেওঁ “ছ’চাইটি ফৰ এম্পাৱাৰমেণ্ট থ্ৰু এনভাইৰনমেণ্ট ডেভেলপমেণ্ট” (SEED)ৰ সঞ্চালিকা হিচাপেও কৰ্মৰত। তেওঁ আছিল মহিলা অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন মুৰব্বী আৰু ভাৰতৰ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী। হায়দৰাবাদৰ মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয় (MANUU)ত মহিলা অধ্যয়নৰ কেন্দ্ৰ সঞ্চালিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। এগৰাকী নাৰীবাদী ইতিহাসবিদ হিচাপে পাণ্ডে নাৰীৰ ইতিহাসৰ পুনৰ্গঠন আৰু দক্ষিণ এছিয়াৰ প্ৰেক্ষাপটত নাৰীৰ অধীনতাৰ তাত্ত্বিক আৰু পদ্ধতিগত সমস্যাসমূহৰ ওপৰত গৱেষণা কৰে। আঞ্চলিক/স্থানীয় পৰ্যায়ত বিভিন্ন ঐতিহাসিক প্ৰসংগসমূহ পৰীক্ষা কৰি ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী পৰ্যায়ত নাৰীৰ প্ৰজনন আৰু অধীনস্থতাৰ বিষয়েও ব্যাখ্যা কৰাৰ চেষ্টা কৰে। তেওঁ হৈছে ভাৰতৰ মহিলা আন্দোলনৰ সৈতেও জড়িত এগৰাকী শৈক্ষিক কৰ্মী।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰেখা পাণ্ডে জন্ম হৈছিল হিমালয় উপত্যকাৰ উত্তৰাখণ্ডত। তেওঁৰ প্ৰাথমিক শিক্ষা দেশৰ বিভিন্ন প্ৰান্তত হৈছিল। তেওঁ “হ’লি ফেমিলি হাইস্কুল” আৰু কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ত ইতিহাস, ইংৰাজী সাহিত্য আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ইতিহাস অধ্যয়ন কৰি ১৯৮১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে আৰু ১৯৮৪ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।১

কৰ্ম জীৱন

ৰেখা পাণ্ডে তিনিখন ভিন্ন বিশ্ববিদ্যালয়ত এলাহাবাদ বিশ্ববিদ্যালয়, মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।২ আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত চাৰি বছৰ ধৰি ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত এটা পাঠ্যক্ৰমো তেওঁ আৰম্ভ কৰিছে। তেওঁ এগৰাকী ইতিহাস বিভাগৰ অধ্যাপিকা আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন মুৰব্বী। ইয়াৰ আগতে তেওঁ ইতিহাস বিভাগৰো মুৰব্বী আছিল। মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়নৰ দুটা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ কাম কৰি আহিছে। ২০১৪ চনত ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা বিশ্ব কংগ্ৰেছৰ তেওঁ অধ্যক্ষ আছিল।৩

তেওঁ ইণ্টাৰনেচনেল পেমিনিষ্ট জাৰ্ণেল অৱ পলিটিক্স (IFJP)ৰ সম্পাদিকা।৪ তেওঁ “ফৰেইন পলিচি এনালাইছিছ”ৰো সম্পাদনা কৰিছিল। তেওঁ লণ্ডনৰ একাডেমিক জাৰ্নেল পালগ্ৰেভ কমিউনিকেচন, পালগ্ৰেভ মেকমিলান, ইণ্টাৰনেশ্যনেল ফেমিনিষ্ট জাৰ্নেল অৱ পলিটিক্স, ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ চেমিঅ’টিক্স এণ্ড ভিজুৱেল ৰেট’ৰিক (IJSVR), আৰু কাৰেণ্ট ৰিচাৰ্চ জাৰ্নেল অৱ ছ’চিয়েল চাইন্সেছ এণ্ড হিউমেনিটিজৰ সম্পাদনা মণ্ডলীৰো সদস্য। ২০১৬ চনত কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহিলা শান্তি গোটে তেওঁক দক্ষিণ এছিয়া অঞ্চলৰ শান্তি ৰাষ্ট্ৰদূত হিচাপে মনোনীত কৰে।৫ তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ বাৰ্কবেকৰ,৬ পৰা ভিজিটিং ফেল'শ্বিপ,৭ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ স্কুল অৱ পলিচি ষ্টাডিজৰ পৰা ইণ্টাৰনেচনেল ভিজিটিং ফেল'শ্বিপ, আমেৰিকাৰ “ইউনিভাৰ্ছিটি অৱ বাফেল্ল’”ৰ পৰা “একাডেমিক ফেল'শ্বিপ”, পেৰিছৰ “মাইছন ডে ৰিচাৰ্ছ”ৰ পৰা “ইণ্টাৰনেচনেল ভিজিটিং স্ক’লাৰ” আৰু ফ্ৰান্সৰ “ইউনিভাৰ্ছিটি অৱ আৰ্ট’ইছ”ৰ পৰা “ভিজিটিং প্ৰফেছৰশ্বিপ” সন্মান লাভ কৰিছে। তেখেতে ইতিহাস আৰু মহিলা অধ্যয়ন বিষয়ত কাম কৰি কেইবাখনো গৱেষণা পত্ৰ আৰু গ্ৰন্থ প্ৰকাশ কৰিছে।৮

নিৰ্বাচিত গ্ৰন্থ

  • Women’s work in the Unorganised sector: Issues of Exploitation and Globalisation in the Beedi Industry (২০২৩)
  • Telangana Land and People, From 1724 to 1858 CE (তিনিটা খণ্ড)
  • Devdasis in South India – a Journey from sacred to profane spaces (২০১৬)
  • Sex Trafficking in South Asia with a Special Focus on India (২০১০)
  • Gender Issues in the Police (২০০০)
  • Child Labour in Beedi Industry (১৯৯৮)
  • Succession in the Delhi Sultanate (১৯৯০)

তথ্যসূত্ৰ

  1. ↑ (6 January 2016). Rekha Pande appointed Peace Ambassador ·
  2. ↑ Thomas, Ashish. Prof. Rekha Pande to be NCW's National Resource Person
  3. ↑ Women's World Congress in 2014
  4. ↑ Overview. International Feminist Journal of Politics
  5. ↑ Rekha Pande appointed Peace Ambassador |
  6. ↑ (16 July 2018). Prof. Rekha Pande, awarded the Prestigious Visiting Fellowship at the Birkbeck Institute, University of London ·
  7. ↑ Prof. Rekha Pande, awarded the Prestigious Visiting Fellowship at the Birkbeck Institute, University of London |
  8. ↑ IIIrd Gender forum meeting. www.icrisat.org

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৪২৫৮০৭ (১৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।