ৰুবানা হক (: Rubana Haque; জন্ম: ৯ ফেব্ৰুৱাৰী ১৯৬৪)১ এগৰাকী বাংলাদেশী ব্যৱসায়ী, বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ আৰু কবি।২ তেওঁ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন (AUW)ৰ উপাচাৰ্য হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে।৩
ৰুবানা বাংলাদেশী সংঘবদ্ধ সংস্থা মহম্মদী গ্ৰুপৰ অধ্যক্ষা।৪৫ ২০১৩ আৰু ২০১৪ চনত বিবিচি ১০০ উইমেনত তেওঁক তালিকাত ভুক্ত কৰা হৈছিল।৬ ২০১৯–২০২১ চনৰ ভিতৰত বিজিএমইএৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত তেতিয়াৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ ঢাকাত ৰুবানাৰ জন্ম হৈছিল।১ তেওঁ ভিকাৰুনিছা নন স্কুলৰপৰা স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত, হলি ক্ৰছ কলেজত উচ্ছশিক্ষা গ্ৰহণ কৰে।১ইয়াৰ পিছত ২০০৮ চনত ইষ্ট ৱেষ্ট ইউনিভাৰ্চিটিৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ আৰু ২০১৮ চনত জাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা পি এইচ ডি সম্পূৰ্ণ কৰে।১৮
কৰ্ম জীৱন
১৯৯৫ চনৰপৰা ২০১৭ চনলৈকে ৰুবানাই তেওঁৰ স্বামী আননিছুল হকে প্ৰতিষ্ঠা কৰা ৰেডি মেড গাৰ্মেণ্টছ সংঘ মহম্মদী গ্ৰুপৰ পৰিচালন সঞ্চালক হিচাপে কাম কৰিছিল।৯ ৰুবানাই ২০০৬ চনৰপৰা ২০১০ চনলৈকে টিভি চাউথেছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০১১
২০১৭ চনত আননিছুলৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছত তেওঁ মহম্মদী গ্ৰুপৰ অধ্যক্ষা পদত অধিষ্ঠিত হয়।১২
২০১৯ চনত তেওঁ বাংলাদেশ গাৰ্মেণ্ট মেনুফেকচাৰ্ছ এণ্ড এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ (বিজিএমইএ) প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।১৩ ৰুবানাই বিজিএমইএ, ইউএনএফচিচিচি ফেশ্বন চাৰ্টাৰ, এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন (এউডব্লিউ), আৰু গন সহযোগ সংস্থা (জিএছএছ)ৰ ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰে।১৪১৫১৬১৭
২০২২ চনৰ ১৫ ফেব্ৰুৱাৰীত ৰুবানা এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেনৰ উপাচাৰ্য হয়।১৮১৯ আৰু তাৰ লগে লগে বাংলাদেশ গাৰ্মেণ্ট মেনুফেকচাৰ্ছ এণ্ড এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ (বিজিএমইএ)ৰ সভাপতি পদৰপৰা পদত্যাগ কৰে।২০ বিজিএমইএত তেওঁৰ ঠাইত ক্ৰনি গ্ৰুপৰ অধ্যক্ষা নীলা হোছন আৰাক নিযুক্তি দিয়া হয়।২১
বঁটা আৰু স্বীকৃতি
২০১৩ আৰু ২০১৪ চনত বিবিচি ১০০ মহিলাৰশৃংখলাত ৰুবানাক স্বীকৃতি দিয়া হৈছিল।৬ ২০১৪ চনত তেওঁক "বছৰৰ অসাধাৰণ ব্যাৱসায়িক মহিলা"ৰ বাবে ডি এইচ এল-ডেইলী ষ্টাৰ বাংলাদেশ ব্যাৱসায়িক বঁটাৰে সন্মানিত কৰা হয়।২২
ব্যক্তিগত জীৱন
ৰুবানা, উত্তৰ ঢাকাৰ প্ৰাক্তন মেয়ৰ আনছুল হকৰ বিধৱা পত্নী। আনছুল হক আৰু ৰুবানাৰ বৈবাহিক জীৱনৰ তিনিজন সন্তান আছে।১
তথ্যসূত্ৰ
- ↑ (2018-11-21). bn:ৰুবানা হক একা এবং অনেক. Prothom Alo
- ↑ Moshiri, Nazanine. (3 October 2012). From Milan Fashion Week to Dhaka. Al Jazeera
- ↑ (15 February 2022). Rubana Huq, new vice chancellor of Asian University of Women. The Daily Star
- ↑ (2019-04-07). Rubana Huq elected as BGMEA's first female President. Mohammadi Group
- ↑ (11 August 2016). Rubana Huq gives a talk at AIUB. Daily Sun
- ↑ Samira Sadeque, Syeda. (8 March 2014). Rubana Huq: Emblem of empathy. Dhaka Tribune
- ↑ Faruque Hassan is set to head BGMEA as Sammilita Parishad wins polls. bdnews24.com
- ↑ Talk Show on 'Women Entrepreneurs of Bangladesh: Status, Problems & Prospects'. American International University-Bangladesh
- ↑ (2015-10-03). Outstanding Business Woman Triumping in Man's World. The Daily Star
- ↑ Isas Departmental. (2016-04-27). Price and Progress: Beyond Rana Plaza in Bangladesh
- ↑ British Bangladesh Chamber of Women Entrepreneurs (BBCWE)
- ↑ (2019-09-20). Fashion Bosses:Rubana Huq and Kim Winser. Mohammadi Group
- ↑ (2019-04-12). Rubana Huq elected first female BGMEA President. Dhaka Tribune
- ↑ (2021-03-16). Rubana Huq elected a member of board of UNFCCC fashion industry charter. Textiletoday
- ↑ AUW Board of Trustees. Asian University for Women
- ↑ Who we are – GSS Bangladesh
- ↑ (2021-04-16). Mother, son become first ever BGMEA directors together. Daily Economist
- ↑ Express, The Financial. (15 February 2022). Dr Rubana Huq new VC of Asian University for Women. The Financial Express
- ↑ (2022-02-15). Dr. Rubana Huq new VC of Asian University for Women. Textile News, Apparel News, RMG News, Fashion Trends
- ↑ (March 2022). Rubana Huq resigns from BGMEA board of directors · Daily Sun ·. daily sun
- ↑ (2022-03-16). Neela replaces Rubana as BGMEA director. The Business Standard
- ↑ (2015-10-03). Cheers for Change Makers, DHL-The Daily Star Business Award-2014. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবানা হক” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৪৪ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।