মাকি আছাকাৱা (জাপানী: 浅川マキ, ইংৰাজী: Maki Asakawa; ২৭ জানুৱাৰী, ১৯৪২ – ১৭ জানুৱাৰী, ২০১০) এগৰাকী জাপানী গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। "আণ্ডাৰগ্ৰাউণ্ডৰ ৰাণী" (アングラの女王, Anggura no Joō) হিচাপে পৰিচিত১২৩ মাকি আছাকাৱা জাপানৰ নগৰীয়া প্ৰতিসংস্কৃতিৰ (counterculture) এগৰাকী গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ আছিল।৪
দ্য জাপান টাইমছত লিখা হৈছিল যে তেওঁ "১৯৭০ চনত দ্য ৱৰ্ল্ড অৱ মাকি আছাকাৱাৰ জৰিয়তে নিজৰ নাম উজলাইছিল" ইয়াৰোপৰি তেওঁ "য়ো গা আকেতাৰা" আৰু "কামোমে"ৰ দৰে গীতৰ বাবেও পৰিচিত, লগতে ডাৰ্কনেছ কালেকচনৰ বাবেও পৰিচিত।৫ অলমিউজিকৰ থম জুৰেকে তেওঁৰ এলবাম ব্লু স্পিৰিট ব্লুজক (১৯৭২) "হয়তো তেওঁৰ আটাইতকৈ স্মৰণীয় ৰেকৰ্ডিং" বুলি বৰ্ণনা কৰিছিল আৰু কৈছিল যে তেওঁৰ মাকি II (১৯৭১) আৰু কেট নেপৰ (১৯৮২) গীতসমূহো সুপৰিচিত।৬ বেন ৰেটলিফে লিখিছে, "তেওঁ কৰা কিছুমান আটাইতকৈ তীব্ৰ ৰেকৰ্ডিং আছিল ইংৰাজী ভাষাৰ কভাৰ বা আমেৰিকাৰ জাজ ষ্টেণ্ডাৰ্ড, ব্লুজ গীত আৰু ধ্ৰুপদী গীতসমূহ জাপানীজ ভাষাত কেৱল একাউষ্টিক গীটাৰ আৰু ড্ৰাম ব্যৱহাৰ কৰি কৰা পুনৰ নিৰ্মাণ। তেওঁ গীত বোৰ লাহে লাহে গাইছিল, তেওঁৰ কণ্ঠত ওজন আছিল।"৭
তথ্যসূত্ৰ
- ↑ (May 16, 2023). アングラの女王・浅川マキ、プロデューサー寺本幸司と辿る影と闇の世界. Rolling Stone Japan
- ↑ (January 12, 2020). アングラの女王「浅川マキ」当時プロデューサーが語る秘話. Nippon Hōsō News Online. Nippon Broadcasting System
- ↑ (October 15, 2020). 【わがまちの偉人】 旧美川町 アングラの女王と呼ばれた歌手 浅川マキ. Chunichi Shimbun
- ↑ "The World of Maki Asakawa" - Songs from the Japanese Post-War Counterculture · SOAS University of London. www.soas.ac.uk
- ↑ (2010-01-19). Obituary: Maki Asakawa. The Japan Times
- ↑ Jurek, Thom. Maki Asakawa · Biography & History. AllMusic
- ↑ Ratliff, Ben. (2015-10-28). New Works by Negro Leo, Maki Asakawa, Ben Monder and Gemma (Published 2015). The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকি আছাকাৱা” প্ৰবন্ধৰ সংশোধন ৪৯৫১৩৯ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।