অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰিভ'লিউচন ২০২০

ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition)হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।

হালনাগাদ: ১৪ মে’ ২০২৫ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition)হৈছে চেতন ভগতৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। উপন্যাসখনৰ সমগ্ৰ কাহিনীটো প্ৰেম, দুৰ্নীতি আৰু উচ্চাকাংক্ষা - এই ত্ৰিকোণীয়া ত্ৰিভুজৰ মাজত আৱদ্ধ।

পটকথা

এখন ঐতিহ্যপূৰ্ণ চহৰ বাৰাণসীত ইয়াৰ কাহিনীয়ে গঢ় লৈ উঠিছে। গোপাল, ৰাঘৱ আৰু আৰতি তিনিও বাল্যকালৰ বন্ধু। গোপালৰ মাক সৰুতেই ঢুকোৱাত স্কুল শিক্ষক বাপেকেই তুলি -তালি ডাঙৰ-দীঘল কৰিছিল। আৰতি প্ৰতিপত্তিশালী পৰিয়ালৰ ছোৱালী, ককাক এসময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল আৰু তাইৰ বাপেক এজন প্ৰশাসনিয় বিষয়া আছিল। ইঞ্জিনিয়াৰ বাপেকৰ ছত্ৰছায়াত ৰাঘৱৰ পৰিয়ালৰো আৰ্থিক অৱস্থা স্বচ্ছল আছিল। তিনিও বন্ধুৰ নিজৰ নিজৰ জীৱনত বেলেগ বেলেগ লক্ষ্য আছিল। গোপাল ভৱিষ্যতে আৰ্থিক ভাৱে স্বচ্ছল হ'ব বিচাৰিছিল, ৰাঘৱে ৰাজনৈতিক জীৱনত প্ৰিৱৰ্তন আনিব বিচাৰিছিল আৰু আৰতিয়ে এগৰাকী বিমান পৰিচাৰিকা হ'ব বিচাৰিছিল। গোপাল সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈও ভাল কলেজ এখনত নামভৰ্তি কৰিবলৈ বিফল হ'ল। আকোঁৰগোজ বাপেকে পুনৰ পিছৰ বছৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ক'চিঙ ল'বৰ বাবে ধাৰ-ঋণ কৰি হ'লেও ৰাজস্থানৰ কোটালৈ পঠাই দিলে। আনহাতে, ৰাঘৱে এই প্ৰৱেশ পৰীক্ষাত ভাল ফল দেখুৱাই "বেনাৰস হিন্দু ইনিভাৰ্ছিটিৰ ইনষ্টিটিউট অফ টেকন'লজি"ত নামভৰ্তি কৰিলে। ৰাঘৱে ইয়াৰ দ্বাৰাই এজন সাংবাদিক হৈ ভাৰতৰ ৰাজনীতিত এক বিপ্লৱৰ সূচনা কৰিব বিচাৰিছিল। কোটাত থাকোঁতেই গোপালে গম পালে যে ৰাঘৱ আৰু আৰতিৰ মাজত প্ৰেমৰ অংকুৰণ ঘটিছিল। এই কথাই গোপালৰ অন্তৰ দহি-পুৰি মাৰিছিল। কাৰণ, গোপালে আগৰপৰাই আৰতিক অন্তঃকৰণেৰে ভাল পাইছিল। ইয়াৰ ফলত মানসিকভাৱে ভাগি পৰিছিল আৰু পুনৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত বিফল হ'ল। অস্থিৰ বাপেকে এই কথা সহ্য কৰিব নোৱাৰি মৃত্যুবৰণ কৰিলে। বিধিৰ বিপাকত স্থানীয় বিধায়ক শুক্লাজীৰ লগত গোপালৰ সংযোগ ঘটিল। শুক্লাৰ ক'লা ধনৰ জোৰত গোপালে তাৰ পৈতৃক খেতি মাটিৰ ওপৰত এখন আটক ধুনীয়া "ইঞ্জিনিয়াৰিঙ কলেজ" স্থাপন কৰিলে। চফল ডেকা অৱস্থাতে গোপাল ইয়াৰ ডাইৰেক্টৰ হৈ প্ৰতিপত্তিশীল হৈ উঠিল। বিধায়ক শুক্লাৰ কবলত পৰি লাহে লাহে গোপালে দুৰ্নীতিৰ সৈতে সহজে আপোচ কৰিবলৈ ল'লে। ইঞ্জিনিয়াৰিঙ পাছ কৰাৰ পাছত আন কাম নিবিছাৰি ৰাঘৱে সাংবাদিকতাৰ ক্ষেত্ৰখন বাছি লৈছিল। বিতৰ্কিত ভূমিৰ ওপৰত কলেজ নিৰ্মাণৰ বিষয়ে ৰাঘৱে এক প্ৰতিৱেশন দাখিল কৰাত কলেজখনৰলৈ বিপৰ্য্যয় নামি আহিছিল। এনে পৰিপেক্ষতাত শুক্লাৰ উচতনিত গোপালে ৰাঘৱক সি কাম কৰা "দৈনিক" কাকত খনৰপৰা অপসাৰিত কৰিলে। ইয়াৰ পাছত ৰাঘৱে নিজে “ৰিভ'লিউচন ২০২০” নামৰ বাতৰি কাকত এখন প্ৰকাশ কৰিলে। সততা আৰু যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি ৰাঘৱে "গংগা একচন প্লেন"ৰ এক দুৰ্নীতি সম্পৰ্কীয় দাখিল কৰাত শুক্লাজীয়ে জেল ভাত খাবলগীয়া হ'ল। ইতিমধ্যে আৰতিয়ে বাৰানসীৰে তাৰকা হোটেল "ৰামদা"ত গেষ্ট ৰিলশ্যন ট্ৰেইনী স্বৰূপে কামত যোগদান কৰিছিল। কামত ব্যস্ত থকাৰ বাবে ৰাঘৱে আৰতিক আগৰ দৰে সময় দিব নোৱাৰিছিল। কিন্তু হাজাৰ কামৰ মাজতো অৱকাশ উলিয়াই গোপালে আৰতিক সংগ সুখ দিছিল আৰু নিজেও অনুৰূপ সুখ লৈছিল। অচিৰেই গোপালে তাৰ নিজৰ ভুল উপলব্ধি কৰিছিল আৰু জোৰ কৰি আৰতিক ৰাঘৱৰ কাষৰ পৰা আঁতৰাই অনাটো তাৰ ভুল বুলি অনুভৱ কৰিলে। গোপালে ইচ্ছাকৃতভাৱে এক নাটকীয় পৰিস্থিতিৰ মাজেৰে তাৰ প্ৰতি ঘৃণাৰ ভাৱ সৃষ্টি কৰি তাৰ জীৱনৰপৰা আৰতিক চিৰবিদায় দিলে। প্ৰত্যাশিত ভাৱেই কিছুদিন পিছতেই ৰাঘৱ আৰু আৰতিৰ বিবাহ সম্পন্ন হ'ল।

লগতে চাওক

বাহ্যিক সংযোগ

সমালোচনা

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিভ'লিউচন ২০২০” প্ৰবন্ধৰ সংশোধন ৫০৮৫৩৭ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।