ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা (Ram Mandir Prana Pratishtha ) হৈছে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা ভাৰতত স্থিত অযোধ্যা চহৰৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান। ১২ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ উদ্যোগত কৰা হৈছে এই অনুষ্ঠান॥৩ উত্তৰ প্ৰদেশ চৰকাৰ আৰু নগৰ প্ৰশাসনৰ সৈতে এই ট্ৰাষ্টে ভক্তৰ বৃহৎ ভিৰ আৰু সমগ্ৰ বিশ্বৰ পৰা আমন্ত্ৰিত অতিথিৰ আগমনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল।৪৫ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত ৰাজহুৱা বন্ধৰ ঘোষণা কৰে আৰু মন্দিৰ চৌহদ আৰু ইয়াৰ আশে-পাশে কঠোৰ নিৰাপত্তা ব্যৱস্থা প্ৰয়োগ কৰে।৬ ভিআইপি আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অযোধ্যা চহৰৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছিল।৭৮ ভাৰত চৰকাৰে একাংশ ৰাজ্য চৰকাৰৰ লগতে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে এই অনুষ্ঠান উপলক্ষে আধা দিনৰ ছুটী ঘোষণা কৰে।৯ ভাৰত চৰকাৰে নিজৰ কৰ্মচাৰীসকলৰ বাবে এই অনুষ্ঠানৰ বাবে আধা দিনৰ ছুটী ঘোষণা কৰিছিল।১০ উত্তৰ প্ৰদেশ, হাৰিয়ানা, ছত্তীশগড়, গোৱা, মহাৰাষ্ট্ৰ, অসম, ত্ৰিপুৰা, মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী, গুজৰাটৰ দৰে কেইবাখনো ৰাজ্যই যোৱা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ৰাজহুৱা বন্ধ ঘোষণা কৰিছিল।১১
সবিশেষ
ভগৱান ৰাম লল্লাৰ মূৰ্তি
প্ৰস্তুত কৰা তিনিটা মূৰ্তিৰ ভিতৰত কৰ্ণাটকৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে প্ৰস্তুত কৰা মূৰ্তিটোক স্থাপন কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল। ২০২৪ চনৰ ২২ জানুৱাৰীৰ নিশা ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত ৰাম মন্দিৰ, অযোধ্যাৰ অভিষেক অনুষ্ঠান হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানটোৰ ৰীতি-নীতিৰ মুখ্য প্ৰদৰ্শক হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ বাবে তেওঁ ১১ দিনৰ বাবে কঠোৰ আহাৰ গ্ৰহণ কৰে য'ত তেওঁ কেৱল নাৰিকল পানী খাই আৰু মজিয়াত শোৱে।১২১৩১৪ তাৰ পিছত তেওঁ অনুষ্ঠানস্থলীত ৭,০০০তকৈও অধিক লোকৰ সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অতিথি আমন্ত্ৰণ জনোৱা হয়। আমন্ত্ৰণকাৰীসকলৰ ভিতৰত আছে বিখ্যাত অভিনেতা, ৰাজনীতিবিদ, আমোলা, ব্যৱসায়ী, আধ্যাত্মিক নেতা,আৰু খেলুৱৈ।১৫১৬১৭ এই দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীএ প্ৰতিজন ভাৰতীয়ক এই উপলক্ষে চাকি জ্বলাই দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়।১৮১৯ পুৱা ৭ বজাৰ পৰা ১১:৩০ বজালৈ ভক্তসকলে মন্দিৰ দৰ্শন লাভ কৰে। মন্দিৰটোৱে আকৌ এবাৰ দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দৰ্শনৰ বাবে দুৱাৰ মুকলি কৰা হয়।২০ এই অনুষ্ঠানৰ বাবে ৰামায়ণ নামৰ মহাকাব্যিক টিভি ছিৰিজৰ অন্যতম চৰ্চিত অভিনেতা অৰুণ গোভিল, দিপিকা চিকলিয়া আৰু সুনীল লাহেৰীক বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে পূৰ্ব আমন্ত্ৰণ জনোৱা হৈছে।২১
তথ্যসূত্ৰ
- ↑ Mogul, Rhea. (2024-01-20). A decades long Hindu nationalist dream is about to be achieved. What does this mean?. CNN
- ↑ Livemint. (2024-01-20). Ayodhya Ram Mandir: Date, aarti timings, darshan, and other details here. mint
- ↑ (2024-01-20). Ram temple chief priest's strong reaction after Ram Lalla idol photo leaked online: 'Should be investigated'. Hindustan Times
- ↑ (2024-01-20). Ayodhya Ram mandir inauguration 2 days away, here's all you need to know about the temple, the preparations. The Indian Express
- ↑ (2024-01-17). Modi's promised Ram temple is set to open and resonate with Hindus ahead of India's election. AP News
- ↑ (2024-01-20). 3-layered security cordon to guard Ayodhya temple. The Times of India
- ↑ ANI. (2023-12-16). Security arrangements increased in Ayodhya ahead of 'Pran Pratishtha' of Ram Mandir. The Hindu
- ↑ Morning brief: Security beefs up ahead of Ram Temple event, Pak-Iran tensions, and more. WION
- ↑ (2024-01-20). Ram Mandir Inauguration: These states have declared a holiday on Jan 22, check full list. The Times of India
- ↑ (2024-01-20). Ram Mandir Inauguration: These states have declared a holiday on Jan 22, check full list. The Times of India
- ↑ /s/timesofindia.indiatimes.com/education/news/ram-mandir-pran-pratishtha-school-holidays-announced-in-these-states-for-january-22-heres-the-full-list/amp_articleshow/107023892.cms/
- ↑ Sleeping on floor, drinking only coconut water: PM Modi’s ‘Anushthaan’ for Pran Pratishtha explained · News - Times of India Videos. The Times of India
- ↑ (2024-01-18). PM Narendra Modi to follow ‘sattvic diet’, sleep on the floor, before consecration of Ram Mandir. The Economic Times
- ↑ (2024-01-19). 'Gau Pooja', feeding cows, donations part of PM Modi's 11-day rituals. The Times of India
- ↑ Desk, India TV News; News, India TV. (2024-01-20). Ayodhya Ram Mandir LIVE Updates: Priests perform consecration rituals at temple on Day 5. www.indiatvnews.com
- ↑ PTI. (2024-01-19). Ayodhya Ram Mandir Guest List: Ambanis, Bachchan And More. news.abplive.com
- ↑ Ram Mandir Consecration Live · Ram Mandir Pran Pratishtha Ceremony Live Updates Check latest Ram lalla Idol Photos Videos and News of Ayodhya Ram Temple. WION
- ↑ (2023-12-30). Celebrate Diwali across country on January 22, on the day of Ram temple ceremony: PM Modi at Ayodhya. The Indian Express
- ↑ Livemint. (2023-11-12). PM Modi greets nation on Diwali, ‘May this special festival bring joy…’. mint
- ↑ Schedule of Prana Pratishtha
- ↑ (2024-01-17). Ramayan stars Arun Govil, Sunil Lahiri, Deepika Chikhalia to attend Ayodhya Ram temple inauguration. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা” প্ৰবন্ধৰ সংশোধন ৪০৪০১৬ (৩০ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।