অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামিন বাহৰানী

ৰামিন বাহৰানী (ফাৰ্চী: رامین بحرانی; জন্ম: ২০ জানুৱাৰী, ১৯৭৫) এজন আমেৰিকান পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে বাহৰানীৰ চপ শ্বপ (২০০৭) ছবিখনক ২০০০ দশকৰ ষষ্ঠ শ্ৰেষ্ঠ ছবি হিচাপে স্থান দিছিল আৰু তেওঁক দশকটোৰ নতুন পৰিচালক বুলি অভিহিত কৰিছিল।

হালনাগাদ: ১ জুন ২০২৬ ৫৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰামিন বাহৰানী (ফাৰ্চী ভাষা: رامین بحرانی; জন্ম: ২০ জানুৱাৰী, ১৯৭৫) এজন আমেৰিকান পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে বাহৰানীৰ চপ শ্বপ (২০০৭) ছবিখনক ২০০০ দশকৰ ষষ্ঠ শ্ৰেষ্ঠ ছবি হিচাপে স্থান দিছিল আৰু তেওঁক দশকটোৰ নতুন পৰিচালক বুলি অভিহিত কৰিছিল।১ বাহৰানীয়ে ২০০৯ চনৰ গুগেনহাইম ফেলোশ্বিপ লাভ কৰিছিল। বাহৰানী তেওঁৰ শিক্ষানুষ্ঠান কলম্বিয়া ইউনিভাৰ্ছিটি স্কুল অৱ দি আৰ্টছৰ চলচ্চিত্ৰ পৰিচালনাৰ এজন অধ্যাপক।২

২০আই১ চনত বাহৰানীয়ে দা হোৱাইট টাইগাৰ ছবিৰ বাবে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ একাডেমী বঁটা (অস্কাৰ) ৰ মনোনয়ন লাভ কৰে।৩ তেওঁ বাফটা আৰু প্ৰাইমটাইম এমি বঁটাৰ বাবেও মনোনীত হৈছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বাহৰানীৰ জন্ম উত্তৰ কেৰোলিনাৰ ৱিনষ্টন-চালেমত হৈছিল। তেওঁ ইৰানীয় প্ৰব্ৰজনকাৰীৰ পুত্ৰ আছিল। মূলতঃ চিৰাজৰ বাসিন্দা তেওঁৰ পিতৃয়ে তেওঁক প্ৰথম অৱস্থাত হাফেজৰ কাব্যিক সৃষ্টিৰাজিৰ সৈতে চিনাকি কৰাই দিছিল আৰু কলাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহক আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল।৪ তেওঁ ১৯৯৬ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৫ বাহৰানীয়ে ইৰানতো চলচ্চিত্ৰ নিৰ্মাণৰ অধ্যয়ন কৰিছিল আৰু কলেজৰ শিক্ষা সমাপ্ত কৰাৰ পিছত কিছু সময়ৰ বাবে পেৰিছত বসবাস কৰিছিল।৬

কৰ্মজীৱন

বাহৰানীৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ম্যান পুশ কাৰ্ট (২০০৫)-ৰ ভেনিছ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল আৰু ২০০৬ চনত ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। চিনেমাখনে দহটাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে, বিশ্বজুৰি মুক্তি পায় আৰু তিনিটা ইণ্ডিপেণ্ডেন্ট স্পীৰিট বঁটাৰ বাবে মনোনীত হয়।

বাহৰানীৰ দ্বিতীয়খন ছবি চপ শ্বপ (২০০৭)-ৰ কান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ডিৰেক্টৰ্ছ ফৰ্টনাইটত প্ৰিমিয়াৰ হৈছিল। তাৰ পিছত ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০০৭) আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০০৮)-ত ই প্ৰদৰ্শিত হৈছিল আৰু বহুল তথা ইতিবাচক সমীক্ষা লাভ কৰিছিল। বাহৰানীয়ে ২০০৭ চনৰ ইণ্ডিপেণ্ডেন্ট স্পীৰিট 'চামৱান টু ৱাচ বঁটা' লাভ কৰে আৰু ২০০৮ চনৰ ইণ্ডিপেণ্ডেন্ট স্পীৰিট শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে মনোনীত হয়।৭

গুডবাই চলো নামৰ বাহৰানীৰ তৃতীয়খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ভেনিছ চলচ্চিত্ৰ মহোৎসৱ (২০০৮)-ৰ এক চৰকাৰী বাছনি হিচাপে প্ৰিমিয়াৰ হৈছিল, য’ত ই শ্ৰেষ্ঠ ছবিৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচকৰ 'ফি প্ৰেছকী বঁটা' লাভ কৰিছিল।৮ পিছলৈ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০০৮)-ত ইয়াৰ উত্তৰ আমেৰিকান প্ৰিমিয়াৰ হয়।৯ চিনেমাখনক ৰজাৰ ইবাৰ্ট আৰু দা নিউয়ৰ্ক টাইমছৰ এ. অ'. স্কটকে ধৰি বহুতো সমালোচকে এক "শ্ৰেষ্ঠ কৃতি" বুলি অভিহিত কৰিছিল।১০

২০০৯ চনত তেওঁ প্লাষ্টিক বেগ নামেৰে এখন হ্ৰস্বদৈৰ্ঘ্য ছবি নিৰ্মাণ কৰে, য’ত জাৰ্মান চলচ্চিত্ৰ নিৰ্মাতা ৱাৰ্নাৰ হাৰ্জোগৰ কণ্ঠ আৰু চিলুৰ ৰোচ বেণ্ডৰ কিয়াৰ্টান চভেইনছনৰ সংগীত আছিল। প্লাষ্টিক বেগ-ৰ ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ কৰ্টো কৰ্টিচিমোৰ মুকলি নিশাৰ ছবি হিচাপে প্ৰিমিয়াৰ হৈছিল, য’ত বাহৰানী শ্ৰেষ্ঠ প্ৰথম চলচ্চিত্ৰৰ জুৰী সদস্যও আছিল। পিছলৈ ই টেলুৰাইড আৰু নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ২০১২ চনত তেওঁ চিলুৰ ৰোচৰ এলবাম 'ভালটাৰি'-ৰ "এগ আন্দা" গীতটোৰ এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰে।

বাহৰানীৰ চতুৰ্থখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ এট এনী প্ৰাইচ (২০১৩)-ত ডেনিছ কুৱেইড, জেক এফ্ৰন, হিদাৰ গ্ৰাহাম, কিম ডিকেন্স, ক্লেন্সী ব্ৰাউন আৰু চেলছী ৰছে অভিনয় কৰিছিল। ৬৯ সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন লায়ন বঁটাৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ ইয়াক বাছনি কৰা হৈছিল।১১ আপেক্ষিকভাৱে তাৰকা শিল্পীৰ উপস্থিতি আৰু ডেনিছ কুৱেইডৰ উল্লেখনীয় অভিনয় থকা সত্ত্বেও ছবিখনে বেছিভাগ সমালোচকৰ পৰা মিশ্ৰিত সমীক্ষা লাভ কৰে আৰু বক্স অফিচত ৫০০,০০০ ডলাৰতকৈ কম উপাৰ্জন কৰে।১২

বাহৰানীৰ পঞ্চমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৯৯ হোমছ (২০১৫) ভেনিছ চলচ্চিত্ৰ মহোৎসৱত শক্তিশালী সমীক্ষাৰে মুকলি হয় আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনীত হয়।

ৰেই ব্ৰেডবেৰীৰ ১৯৫৩ চনৰ একে নামৰ ডিষ্টোপিয়ান উপন্যাসৰ আধাৰত এইচবিঅ'-ৰ বাবে নিৰ্মিত বাহৰানীৰ চলচ্চিত্ৰ ফাৰেনহেইট ৪৫১ ২০১৮ চনৰ ১২ মে’ত মুক্তি পায় আৰু ই বেছিভাগেই নেতিবাচক সমীক্ষা লাভ কৰে।১৩১৪১৫

২০২১ চনত তেওঁ অৰবিন্দ আদিগাৰ ২০০৮ চনৰ উপন্যাস দা হোৱাইট টাইগাৰ-ক নেটফ্লিক্সত একে নামৰ এখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ হিচাপে অভিযোজিত কৰে, যিখন সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰে।১৬ ৯৩ সংখ্যক একাডেমী বঁটাত ছবিখনে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ মনোনয়ন লাভ কৰিছিল, কিন্তু দা ফাদাৰ ছবিৰ হাতত পৰাজিত হয়।

২০২৬ চনত নেটফ্লিক্সৰ বাবে গ্ৰাম্য টেক্সাছৰ পটভূমিত নিৰ্মিত নাৰী-প্ৰধান থ্ৰিলাৰ চিনেমা দা ৰেঞ্চাৰ-ৰ পৰিচালক আৰু সহ-লেখক হিচাপে বাহৰানীৰ নাম ঘোষণা কৰা হয়। মেলানী টোষ্টৰ এক স্পেকৰ ওপৰত আধাৰিত এই ছবিখন আৰডিভি ফিল্মছৰ বাবে টবি জাফীয়ে প্ৰযোজনা কৰিছে। এই প্ৰজেক্টটো বাহৰানীৰ পূৰ্বৰ কাম ভেগাছ: এ লাভ ষ্ট'ৰী আৰু ইতিপূৰ্বে ঘোষিত ড্ৰামা লাষ্ট মিলছ-ৰ পৰৱৰ্তী কাম।১৭

তথ্যসূত্ৰ

  1. ↑ Ebert, Roger. (22 March 2009). Roger Ebert's Journal.://suntimes.com
  2. ↑ Ramin Bahrani
  3. ↑ Whitten, Sarah. (15 March 2021). Here is the complete list of Oscar nominees for 2021. CNBC
  4. ↑ "The New Great American Director"- Iranian American Ramin Bahrani. www.payvand.com
  5. ↑ (12 July 2018). AitN: July 16, 2018. Columbia College Today
  6. ↑ Walters, Ben. (2009-03-04). Ben Walters meets Ramin Bahrani, the chronicler of the new American reality. The Guardian
  7. ↑ Bahrani at SpiritAwards.com
  8. ↑ Fipresci.Org. Fipresci.Org
  9. ↑ Goodbye Solo at Toronto International Film Festival. Tiff08.ca
  10. ↑ Goodbye Solo: Movie Review The New York Times
  11. ↑ Venezia 69. labiennale
  12. ↑ At Any Price (2013). Rotten Tomatoes
  13. ↑ Fahrenheit 451. Rotten Tomatoes
  14. ↑ Jagernauth, Kevin. (13 April 2016). '99 Homes' Director Ramin Bahrani To Helm 'Fahrenheit 451' For HBO. IndieWire
  15. ↑ Petski, Denise. (4 August 2017). 'Fahrenheit 451′: Saad Siddiqui Cast In HBO Films' Adaptation Of Bradbury Classic. Deadline Hollywood. Penske Business Media, LLC
  16. ↑ Del Rosario, Alexandra. (2021-01-29). 'The White Tiger': Read The Screenplay For Ramin Bahrani's Rags-To-Riches Drama. Deadline
  17. ↑ Grobar, Matt. (2026-03-26). Ramin Bahrani To Direct 'The Rancher' For Netflix (EXCLUSIVE). Deadline

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকচলচ্চিত্ৰ প্ৰযোজকইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামিন বাহৰানী” প্ৰবন্ধৰ সংশোধন ৬১০৮২৮ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।