ৰানিং ঈগল (Running Eagle) বা পিটামাকা আছিল আমেৰিকাৰ এগৰাকী খিলঞ্জীয়া মহিলা আৰু ব্লেকফিট জনগোষ্ঠীৰ যুদ্ধৰ প্ৰধান৷১২ ব্লেকফিট জনগোষ্ঠীৰ মাজত তেওঁ যুদ্ধত সফলতা লাভ কৰাৰ বাবে পৰিচিত।৩৪
প্ৰাৰম্ভিক জীৱন
ৰানিং ঈগল তেওঁৰ কেউটা ভাই-ভনীৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল আৰু তেওঁ কানাডাৰ দক্ষিণ আলবাৰ্টাত বাস কৰিছিল।৪ তেওঁক "ব্ৰাউন ৱেইজেল উইমেন" বুলিও জনা গৈছিল। ব্লেকফিট জাতিৰ পিকানি পিগান জনগোষ্ঠীত তেওঁৰ জন্ম হৈছিল। ৫ৰানিং ঈগলৰ তিনিগৰাকী সৰু ভগ্নী আৰু দুজন ভাতৃ আছিল।৬ সৰুতে তেওঁ ছোৱালীতকৈ ল’ৰাৰ লগত খেলা-ধূলা কৰাটো বেছি পছন্দ কৰিছিল আৰু ১২ বছৰ বয়সত তেওঁ ল’ৰাৰ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল।
মাকৰ ইচ্ছা নাছিল যদিও দেউতাকে পুতেকক শিকাই দিয়া একেখিনি কথাই জীয়েককো শিকাইছিল। ৰানিং ঈগলৰ পিতৃ এজন গুৰুত্বপূৰ্ণ যোদ্ধা আছিল আৰু তেওঁ বৰ জীয়েকক চিকাৰ কৰা আৰু যুঁজিবলৈ শিকাইছিল।৬ শিকিবলৈ তেওঁৰ বেছি দিন নালাগিল আৰু তেওঁ ম'হৰ চিকাৰ অভিযানত নামিবলৈ আৰম্ভ কৰিছিল।৫
এক চিকাৰ অভিযানৰ সময়ত এই গোটটোক এক শত্ৰু জনগোষ্ঠী আছিনিব’ইনে আক্ৰমণ কৰে। চিকাৰৰ দলটো পলাই যোৱাৰ সময়ত তেওঁৰ দেউতাকৰ ঘোঁৰাটোক গুলীয়াই হত্যা কৰা হয়। ৰানিং ঈগলে এই কথা দেখি পোনে পোনে শত্ৰু আক্ৰমণ কৰি খেদি গ’ল। তেওঁ কঢ়িয়াই অনা সতেজ মাংসখিনি পেলাই দিলে আৰু দেউতাকক নিজৰ ঘোঁৰাত টানি তুলি লৈ তেওঁৰ জীৱন ৰক্ষা কৰিলে। এই বিজয়ৰ পিছত তেওঁক সম্বৰ্ধনা জনোৱা হয় আৰু বিজয় গীত গোৱাৰ অনুমতি দিয়া হয় আৰু তেওঁৰ সন্মানত এক নৃত্য কৰা হয় যাক Scalp Dance নামে জনা যায়। যদিও বহুতে তেওঁৰ বিজয় উদযাপন কৰিছিল তথাপিও তেওঁৰ আচৰণ বেয়া পাই আঁতৰি থকা লোকো আছিল। জনগোষ্ঠীটোৰ কিছুমানে চিন্তিত হৈ পৰিছিল যে, আন মহিলাসকলেও ৰানিং ঈগলক অনুসৰণ কৰি পত্নী হিচাপে নিজৰ কৰ্তব্য এৰিব।
ৰানিং ঈগলৰ মাকৰ স্বাস্থ্য বেয়া হ’বলৈ ধৰিলে; ইয়াৰ পিছত তেওঁৰ পিতৃৰ মৃত্যু হয় ক্ৰো জনগোষ্ঠীৰ বিৰুদ্ধে এক যুদ্ধত। দুৰ্বল দেহাৰে মাকে এই কথা সহ্য কৰিব নোৱাৰি মৃত্যুবৰণ কৰে আৰু তাৰ আগতে ডাঙৰ সন্তান ৰানিং ঈগলক পৰিয়ালটোৰ দায়িত্বত ৰাখিলে। ভায়েক-ভনীয়েকহঁতৰ যত্ন লোৱা জীৱনটো তেওঁৰ ভাল নালাগিছিল, সেয়েহে কিছু সময়ৰ পাছত তেওঁ এগৰাকী বিধৱাক নিজৰ ঘৰলৈ ভায়েক-ভনীয়েকৰ যত্ন ল'বলৈ আৰু ঘৰৰ কাম কৰিবলৈ লৈ আহিছিল।৬
যুদ্ধ জয়
এদিন তেওঁৰ জনগোষ্ঠীটোৰ যোদ্ধাৰ এটা দলে ক্ৰো জনগোষ্ঠীৰ শিবিৰ এটা আক্ৰমণ কৰি ঘোঁৰাবোৰ ঘূৰাই ল’বলৈ ওলাই গ’ল। দেউতাকৰ ৰাইফল লৈ ৰানিং ঈগলেও পিছ পিছে খেদা দিলে।৫ কোৱা হয় যে, দলৰ নেতাজনে তেওঁক দেখা পাইছিল আৰু ঘৰলৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰিছিল৷ তথাপি তেওঁ সেই কথা নামানিছিল।২ তাৰ পিছত দলপতিজনে তেওঁৰ এই কথা মানি নল’লে অভিযান বন্ধ কৰাৰ ভাবুকি দিলে আৰু ঈগলে উত্তৰ দিলে যে, তেওঁ অকলেই ক্ৰো শিবিৰলৈ আগবাঢ়ি যাব। ইয়াৰ লগে লগে তেওঁ দৃঢ়তাই জয়লাভ কৰিলে। অভিযানৰ সময়ত তেওঁ জনগোষ্ঠীটোৰ বাবে ১১টা ঘোঁৰা সফলতাৰে বন্দী কৰে। তাৰ পিছত তেওঁ মানুহবোৰ শিবিৰলৈ উভতি যোৱাৰ পথত জিৰণি লোৱাৰ সময়ত চকু ৰাখিছিল আৰু হৰণ কৰা সামগ্ৰীবোৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা দুজন শত্ৰু ক্ৰো মানুহক দেখি নিজেই সিহঁতক দমন কৰিছিল। আকৌ এবাৰ এই বীৰত্বপূৰ্ণ কাৰ্যৰ বাবে তাইক অভিনন্দন জ্ঞাপন কৰা হৈছিল; তথাপি তেতিয়াও কিছুমানে তাইক অৱজ্ঞাৰ চকুৰে চাইছিল।৪
এই অৱজ্ঞাৰ বাবেই তেওঁৰ বয়োজ্যেষ্ঠসকলে তেওঁক “দৰ্শন অভিযান’’ কৰিবলৈ পৰামৰ্শ দিছিল, য'ত চাৰিদিন দূৰৈৰ নিৰ্জন ঠাইলৈ গৈ উপবাস কৰিব লাগিছিল, আনহাতে এই দৰ্শনত কোনো আত্মাই তেওঁলোকৰ ভাগ্য দেখুওৱালৈকে অপেক্ষা কৰিব লাগিছিল। পুৰুষ যোদ্ধাসকলৰ বাবে দৰ্শন অভিযান আছিল এক গুৰুত্বপূৰ্ণ আচাৰ, কিন্তু সাধাৰণতে মহিলাসকলে এই কাম কৰা নাছিল, যাৰ বাবে যোদ্ধা হিচাপে তেওঁৰ মূল্য প্ৰমাণ কৰাটো এটা উপযুক্ত প্ৰত্যাহ্বান আছিল। ৰানিং ঈগল মান্তি হ’ল আৰু যেতিয়া উভতি আহিল, তেওঁ ক’লে যে, তেওঁৰ সূৰ্যৰ দৰ্শন হৈছে। দৰ্শনত সূৰ্যই তেওঁক যুদ্ধত মহান শক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যেতিয়ালৈকে তেওঁ কোনো পুৰুষৰ লগত নোশোৱে।
তেওঁৰ কথাখিনি জনোৱাৰ পিছত তেওঁক দ্বিতীয় যুদ্ধৰ দললৈ আমন্ত্ৰণ জনোৱা হয় আৰু তেওঁৰ কাহিনীসমূহ সকলোকে জনাবলৈ “মেডিচিন লজ’’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। সাধাৰণতে এই অনুষ্ঠানত কেৱল পুৰুষকহে অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিল। জনজাতিটোৰ মুৰব্বী ল'ন ৱাকাৰে তেওঁৰ মহানতাৰ বাবেই তেওঁক "ৰানিং ঈগল" নামটো প্ৰদান কৰিছিল।৪ এই নামটো কেৱল মহান পুৰুষ যোদ্ধাসকলকহে দিয়া হৈছিল আৰু এই নামটোৱেই আছিল প্ৰথমবাৰৰ বাবে কোনো মহিলাক দিয়া হৈছিল। তেওঁক ব্ৰেভছ ছ’চাইটি অৱ ইয়ং ৱাৰিয়ৰ্ছৰ অংশ হ’বলৈও কোৱা হৈছিল।
জনগোষ্ঠীৰ সম্পূৰ্ণ সন্মান লাভ কৰাৰ পিছত তেওঁ বহুতো সফল যুদ্ধৰ দল আৰু চিকাৰ অভিযানৰ নেতৃত্ব দি থাকিল। তেওঁ কেতিয়াও বিয়া কৰা নাছিল,২ আৰু যদিও তেওঁ যুদ্ধৰ দলৰ নেতৃত্ব দিছিল আৰু পুৰুষৰ কাপোৰ পিন্ধিছিল; কোৱা হয় যে, তেওঁ পুৰুষসকলৰ বাবে ৰন্ধা-বঢ়া কৰিছিল আৰু তেওঁলোকৰ মকাচিন(চামৰাৰ জোতা) মেৰামতি কৰিছিল—যিবোৰ সাধাৰণতে জনগোষ্ঠীটোৰ মহিলাসকলে কৰা কাম আছিল আৰু সেইবাবেই পুৰুষসকলক সম্ভৱতঃ নিজৰ সেইবোৰ কাম কৰিবলৈ কেতিয়াও শিকোৱা হোৱা নাছিল৷
মৃত্যু আৰু উত্তৰাধিকাৰ
১৮৭৮ চনৰ পিছৰ কোনোবা এটা সময়ত ফ্লেটহেড যোদ্ধাসকলৰ বিৰুদ্ধে হোৱা যুদ্ধত তেওঁৰ জীৱনৰ অন্ত পৰে।১৭ তেওঁক হত্যা কৰা ফ্লেটহেড যোদ্ধাজন জামাল্যা নামৰ আছিল। ফ্লেটহেড যোদ্ধাসকলে শুনিছিল যে এগৰাকী মহিলাই যুদ্ধ দলটোৰ নেতৃত্ব দিছে, গতিকে তেওঁলোকে লগে লগে তেওঁক লক্ষ্য কৰি লৈছিল আৰু পিছফালৰ পৰা তেওঁক আঘাত কৰিছিল। ব্লেকফিটৰ মাজত উৰাবাতৰি প্ৰচাৰিত হৈছিল যে, যুদ্ধত তেওঁৰ মৃত্যু হৈছিল কাৰণ তেওঁ ব্ৰত ভংগ কৰি যুদ্ধৰ দলত এজন মানুহৰ লগত শোৱাে পিছত সূৰ্যই সুৰক্ষা দিয়া বন্ধ কৰি দিছিল। তেওঁ ভালপোৱা কামটো কৰি এগৰাকী সফল যোদ্ধা আৰু নায়ক হিচাপে মৃত্যুবৰণ কৰে৷৮
বৰ্তমান মন্টানা গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ পিটামাকান হ্ৰদৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। মন্টানা হৈছে সেই ঠাই য'ত তেওঁৰ বহু ব্লেকফিট বংশধৰ এতিয়াও আধুনিক আমেৰিকাৰ এটা সংৰক্ষিত ঠাইত বাস কৰে।৭
তথ্যসূত্ৰ
- ↑ Svinth, Joseph. A Chronological History of the Martial Arts and Combative Sports 1700-1859
- ↑ Schultz, James Willard. (1916). Blackfeet Tales of Glacier National Park. Houghton Mifflin Company
- ↑ Matney, Jerry A. (2015). Running Eagle: Woman Warrior. Alvus II Publishing. ISBN 9780990741022
- ↑ Schultz, James Willard. (1919). Running Eagle, the Warrior Girl. Houghton Mifflin
- ↑ ৰানিং ঈগল
- ↑ Lifeways of Montana's First People: Amazing Montanans—Biography Running Eagle (Pi'tamaka), Blackfeet (Piegan) Woman Warrior. Montana Historical Society
- ↑ Pi'tamaka (Running Eagle). National Park Service
- ↑ Ewers, John Canfield. (1997). Plains Indian History and Culture Essays on Continuity and Change. University of Oklahoma Press. পৃ. 198–199. ISBN 9780806129433
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰানিং ঈগল” প্ৰবন্ধৰ সংশোধন ৪১৩২৫৬ (২০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।