ৰাজকুমাৰ সত্ত্ব (ইংৰাজী: Prince Sattva) জাতকৰ কাহিনী অনুসৰি গৌতম বুদ্ধৰ পূৰ্বৰ অৱতাৰ সমূহৰ ভিতৰত এক অন্যতম অৱতাৰ।১
তপস্বী জীৱন
জাতকৰ কাহিনী মতে গৌতম বুদ্ধ মহাৰথ ৰজাৰ পুত্ৰ সত্ত্ব হিচাপে অৱতাৰ লৈছিল আৰু তপস্বী জীৱন গ্ৰহণ কৰিছিল৷ তপস্বী হিচাপে তেওঁ বহু কেইজন শিষ্য লাভ কৰিছিল।
দ্বিধাদ্বন্দ্ব
এবাৰ এজন ঘনিষ্ঠ শিষ্যৰ সৈতে বৌদ্ধিসত্ত্ব খোজ কাঢ়ি গৈ থাকোঁতে এটা শিলৰ ওচৰ পায়গৈ৷ শিলটোৰ তলত এজনী অনাহাৰে থকা বাঘিনীয়ে খাদ্যৰ অভাৱত আৰু ভোকত কাতৰ হৈ নিজৰ নৱজাত পোৱালিবোৰকে খাবলৈ উদ্যোত হয়। তেতিয়া বোধিসত্ত্বই শিষ্যজনক খাদ্য বিচাৰি যাবলৈ কয় আৰু তেওঁ নিজে বাঘৰ পোৱালিকেইটাক বচোৱাৰ উপায় উলিয়াবলৈ চেষ্টা কৰে। শিষ্যজন গুছি যোৱাৰ পিছত বোধিসত্ত্বই অনুভৱ কৰে যে তেওঁৰ শিষ্যজনে খাদ্য বিচাৰি নাপাবও পাৰে সেয়ে তেওঁ বাঘৰ পোৱালীকেইটা ৰক্ষা কৰিবলৈ নিজৰ শৰীৰটো ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ শিলৰ পৰা জপিয়াই মৃত্যুমুখত পৰে আৰু বাঘিনীজনীয়ে তেওঁৰ মৃত শৰীৰটো খাই পেলায়৷
কৃতিত্ব আৰু উত্তৰাধিকাৰ
এইদৰে বিভিন্ন অৱতাৰৰ মাজেৰে তেওঁ বৌদ্ধ ধৰ্মৰ উদাৰতা, ত্যাগ, নৈতিকতা, সংকল্প আৰু সমতাৰ দহটা সিদ্ধতাক সিদ্ধ কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ শিষ্যজনে খাদ্য নাপাই উভতি আহে আৰু বোধিসত্ত্বই কি কৰিছে সেই কথা আৱিষ্কাৰ কৰাৰ লগে লগে তেওঁৰ ভাল কামত আনন্দিত হয়। তেওঁ আন শিষ্যসকলৰ ওচৰলৈ উভতি আহে আৰু শিষ্যসকলৰ সৈতে স্বৰ্গৰ পৰাও সেই ঠাইখিনিত পদুম ফুলৰ বৰ্ষণ হয়।
স্তুপ
চীনা তীৰ্থযাত্ৰী ফা-হিয়েনে উত্তৰ ভাৰতৰ চাৰিটা মহান স্তুপৰ ভিতৰত এটাৰ কথা উল্লেখ কৰিছে যিয়ে এই অৱতাৰৰ দেহাদানক স্মৰণ কৰে।২ ভাৰতীয় বৌদ্ধ আখ্যানমূলক সাহিত্যত এই দেহাদানক "শৰীৰৰ উপহাৰ" বুলি জনা যায়৷৩
তথ্যসূত্ৰ
- ↑ Prince Sattva
- ↑ John S. Strong. (2007). Relics of the Buddha. Princeton University Press. পৃ. 53. ISBN 9788120831391
- ↑ R. Ohnuma, Dehadana: The 'Gift of the Body' in Indian Buddhist narrative literature.1997
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজকুমাৰ সত্ত্ব” প্ৰবন্ধৰ সংশোধন ৪৮৬০৯৪ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।