অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰাগ বাহাৰ

বাহাৰ হৈছে এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। এই ৰাগটো ৰাগ মিয়া কি মলহাৰ ৰাগৰ সৈতে অতি সাদৃশ্যপূৰ্ণ (কিন্তু তথাপি পৃথক)। এই ৰাগটো কাফী ঠাটৰ অন্তৰ্গত।

হালনাগাদ: ২ অক্টোবৰ ২০২৫ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বাহাৰ হৈছে এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। এই ৰাগটো ৰাগ মিয়া কি মলহাৰ ৰাগৰ সৈতে অতি সাদৃশ্যপূৰ্ণ (কিন্তু তথাপি পৃথক)। এই ৰাগটো কাফী ঠাটৰ অন্তৰ্গত।

তত্ত্ব

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সংগীত তত্ত্বৰ বিষয়ে লিখাটো ইয়াৰ জটিল আৰু বিশদ প্ৰকৃতিৰ বাবে জটিলতাৰে ভৰা। প্ৰথমতে, কোনো নিৰ্দিষ্ট, আনুষ্ঠানিক লিখিত স্বৰলিপিৰ পদ্ধতি নাছিল। ভাৰতীয় সংগীত হৈছে এটা শ্ৰৱণমূলক পৰম্পৰা, আৰু সেয়েহে লিখাটো তালিম (পদ্ধতিগত অধ্যয়ন) প্ৰাপ্ত কৰাৰ এটা অপৰিহাৰ্য অংশ নহয়। কিন্তু শেহতীয়া বছৰবোৰত, হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতৰ বাবে কেইবাটাও স্বৰলিপিৰ পদ্ধতি (স্বৰলিপি) বিকশিত হৈছে। ইয়াৰে এটা উল্লেখযোগ্য উদাহৰণ হৈছে পণ্ডিত বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰদ্বাৰা প্ৰণয়ন কৰা ভাটখাণ্ডে স্বৰলিপি (বৰ্তমান বহুলভাৱে ব্যৱহৃত)। এই ৰাগৰ সৃষ্টিকৰ্তা আছিল হজৰত আমিৰ খুশ্ৰু।

আৰোহণ আৰু অৱৰোহণ

আৰোহণ: ১ অৱৰোহণ: ২

বাদী আৰু সমবাদী

বাদী: ম সমবাদী: স

জাতি

ষড়ৱ - ষড়ৱ

ঠাট

এই ৰাগটো কাফী ঠাটৰ অন্তৰ্গত।

পকড় বা চলন

এই ৰাগৰ খালী স্কেলৰ সংগীতৰ দিশৰপৰা বিশেষ কোনো অৰ্থ নাই, আৰু সেয়েহে ইয়াক ইয়াৰ জিগজেগ ফ্ৰেজিং পেটাৰ্ণৰ সৈতে সংযুক্ত কৰি নথিভুক্ত কৰাৰ প্ৰয়োজন। R N. S M/ M M P g M / n P M P g M/ P g M n D n P/ g M n D N S' [বা] g M D - N S'/ g' M' R' S'/ R' N S' D n P/ n n P M P g M/ P g M R S

সময়

এই ৰাগটো মধ্যৰাতিৰ সময়ত গোৱা হয়।

ঋতুসংক্ৰান্তি

কিছুমান ৰাগৰ ঋতুৰ সৈতে সম্পৰ্ক থাকে। ৰাগ বাহাৰ সাধাৰণতে বসন্ত ঋতুত গোৱা হয়।

ৰস

যিহেতু এইটো বসন্তৰ ৰাগ, এই ৰাগত শৃঙ্গাৰ ৰস থকা বুলি ধৰিব পাৰি।

অন্য ৰাগৰ সৈতে সংযোজন

ৰাগ বাহাৰ বহুতো ৰাগৰ সৈতে সংযুক্ত হ’ব পাৰে কাৰণ ই বিপৰীতি প্ৰদান কৰে, ই একক মেজাজৰ একঘেয়ামিতা ভাঙিব পাৰে আৰু ৰাগত দ্বৈত আৱেগ প্ৰদান কৰিব পাৰে। এই কাৰণে ৰাগ বাহাৰ বহুতো যোড় ৰাগ গঠনত অংশগ্ৰহণ কৰে। তলত ৰাগ বাহাৰৰ সৈতে সংযুক্ত হৈ নতুন যোড় ৰাগ গঠন কৰা কিছুমান ৰাগৰ নামৰ তালিকা দিয়া হৈছে:

আড়ানা বাহাৰ

বাগেশ্ৰী বাহাৰ

ৰাগ বসন্ত

ভৈৰৱ বাহাৰ

হিন্দোল বাহাৰ

জয়ন্ত বাহাৰ

কানাড়া বাহাৰ

কেদাৰ বাহাৰ

খামাজ বাহাৰ

নায়কী বাহাৰ

ৰাগেশ্ৰী বাহাৰ

শাহানা বাহাৰ

শুদ্ধ বাহাৰ

সোহিনী বাহাৰ

সুহা বাহাৰ

ৰাগ বাহাৰত নিৰ্মিত উল্লেখযোগ্য বন্দিশ (ৰচনা)

+ক্ৰমিক নম্বৰৰাগৰ নামবন্দিশৰ প্ৰাৰম্ভিক বা বন্দিশৰ নামতালৰচয়িতা/বন্দিশ সৃষ্টিকৰ্তাৰ নাম
১ৰাগ বাহাৰআয়ে শ্যাম ৰাধিকা সঙ্গ आए श्याम राधिका संग৩তিনতালপণ্ডিত গোকুলোৎসৱজী মহাৰাজ

চলচ্চিত্ৰৰ গীত

ভাষা: হিন্দী ভাষা

গীতচলচ্চিত্ৰসুৰকাৰশিল্পী
সকল বন গগনমমতা (১৯৬৬ চলচ্চিত্ৰ)ৰোশন (সংগীত পৰিচালক)লতা মংগেশকাৰ
সকল বনহীৰামণ্ডী (২০২৪)সঞ্জয় লীলা বানছালী, আমিৰ খুশ্ৰুৰাজা হাচান
মন কি বিন মাতৱাৰী বাজেশাবাব (চলচ্চিত্ৰ)নৌশাদলতা মংগেশকাৰ আৰু মহম্মদ ৰফি
ছম ছম নাচত আয়ী বাহাৰছায়া (চলচ্চিত্ৰ)সলিল চৌধুৰীলতা মংগেশকাৰ
ৰে ৰে বাহাৰ আয়ীজয় হনুমান (১৯৭৩ চলচ্চিত্ৰ)নাৰায়ণ দত্তআশা ভোছলে আৰু মহেন্দ্ৰ কাপুৰ

উৎস

বৰ, জোৱেপ; ৰাও, সুৱৰ্ণলতা. (১৯৯৯). দ্য ৰাগা গাইড° এ সাৰ্ভে অৱ ৭৪ হিন্দুঃস্থানী ৰাগাছ. নিম্বাছ ৰেকৰ্ডছ উইথ ৰটৰডাম কনজাৰ্ভেটৰী অৱ মিউজিক. পৃ. ২৮. ISBN ৯৭৮০৯৫৪৩৯৭৬০৯

বাহ্যিক সংযোগ

এছআৰএত সময় আৰু ৰাগ এছআৰএত ৰাগ আৰু ঠাট ৰজন পৰিকৰৰ ৰাগৰ ওপৰত ৰাগ বাহাৰত চলচ্চিত্ৰৰ গীত

তথ্যসূত্ৰ

  1. ↑ Bor Rao 1999
  2. ↑ Bor Rao 1999
  3. ↑ মাথুৰা, নীতা. (২০১১). শাস্ত্ৰীয় সংগীতৰ সূৰ্য: আচাৰ্য (পণ্ডিত) গোকুলোৎসৱ জী মহাৰাজ: সংগীত সেৱা, শাস্ত্ৰ চিন্তন আৰু বন্দিশৰ সংকলন. ৰাধা পাব্লিকেশ্যন. ISBN ৯৭৮-৮১-৭৪৮৭-৭৬৫-৯

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগ বাহাৰ” প্ৰবন্ধৰ সংশোধন ৫৪১২২৬ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।