কুইনী ৰংকে ড'হাৰ্টি (Ronke Doherty) নাইজেৰিয়াৰ এগৰাকী মহিলা নেত্ৰী আছিল৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈকে মহিলা সমাজৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভানেত্ৰী আছিল। ১৯৭০ চনত ৰাজনৈতিক পদত নিযুক্তি পোৱা নিৰ্বাচিত কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁৱো আছিল।১
পশ্চিম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৰিচাৰ্ড আদেয়ো ড’হাৰ্টিৰ পত্নী আছিল।২
জীৱন
১৯১৬ চনত এগবা ঐতিহ্যৰ নাথানিয়েল ফেহিণ্টোলা উইলিয়ামছৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ড'হাৰ্টি (nee Williams) ১৯৩০ চনত লাগোছৰ কুইনছ কলেজত পঢ়াৰ পূৰ্বে চিএমএছ গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু ১৯৩৪ চনত অধ্যয়ন সম্পূৰ্ণ কৰে।যদিও ড'হাৰ্টি পুৰণি লাগোছত ডাঙৰ-দীঘল হৈছিল, য'ত তেওঁৰ বয়সৰ ল'ৰাতকৈ ছোৱালীৰ সুযোগ কম আছিল, তেওঁক মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকে শিক্ষকতা ডিপ্লমা লাভ কৰিবলৈ বিদেশলৈ যাবলৈ মান্তি কৰিছিল। ৩ লণ্ডনৰ চাউথলেণ্ডছ কলেজ আৰু কিংছ কলেজত অধ্যয়নৰ পিছত ইংলেণ্ডত শিক্ষকতাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছত তেওঁ লাগোছলৈ উভতি যায় আৰু লাগোছৰ চিএমএছ গাৰ্লছ স্কুলৰ কৰ্মচাৰীৰ সৈতে শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ১৯৪০ চনত তেওঁ বিবাহপাশত আবদ্ধ হয়, ৰিচাৰ্ড ড’হাৰ্টি নামৰ এজন উকীলৰ লগত; যি সেই সময়ত ইবাদানৰ বাহিৰত কাম কৰি আছিল৷ তেওঁ চিএমএছ গাৰ্লছ স্কুল এৰি স্বামীৰ লগত ইবাদানলৈ যায় য’ত তেওঁ যুদ্ধৰ শেষলৈকে আছিল। ইবাদানত থকাৰ সময়ত তেওঁ ইবাদানত স্থায়ী পদবী গ্ৰহণ কৰা নাছিল যদিও কুষ্ঠ ৰোগ সাহায্য সংস্থা আৰু গুৰুত্বপূৰ্ণভাৱে ৰেড ক্ৰছকে ধৰি স্বেচ্ছাসেৱী সংগঠনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।৩১৯৪৫ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত তেওঁ লাগোছৰ চৰকাৰী বৃত্তি ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল, পশ্চিম অঞ্চলৰ বৃত্তি ব'ৰ্ডৰ সম্পাদিকা আছিল আৰু কিছু সময়ৰ বাবে আন এখন প্ৰাক্তন শিক্ষানুষ্ঠান কুইন্স কলেজত শিক্ষকতা বৃত্তিলৈ উভতি আহে।৩
ড’হাৰ্টি নাইজেৰিয়াৰ ৰেড ক্ৰছৰ ইবাডান শাখাৰ সঞ্চালক আছিল আৰু ইবাডানত হোৱা ছমপক্স মহামাৰী নিয়ন্ত্ৰণৰ যুঁজত আৰু নাইজেৰিয়াৰ গৃহযুদ্ধৰ সময়ত আছাবাত সহায় আগবঢ়োৱাৰ সাংগঠনিক প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত আছিল। পিছলৈ তেওঁ পশ্চিম ৰাজ্যৰ নেচনেল কাউন্সিল অৱ ৱমেনছ ছ'চাইটিৰ সভানেত্ৰী হয়।৩
১৯৭৬ চনত তেওঁ নেচনেল কাউন্সিল অৱ ৱমেনছ ছ'চাইটিৰ সভানেত্ৰী হয়।২
তথ্যসূত্ৰ
- ↑ Udoh, Valentine. (1999). The feminization of development processes in Africa: current and future perspectives. Praeger. পৃ. 27. ISBN 978-0-313-02496-2
- ↑ Ojewusi, Sola. (1996). Speaking for Nigerian women: (a history of the National Council of Women's Societies, Nigeria). All State Pub. and Print. Co. পৃ. 299–301. ISBN 978-32382-0-5
- ↑ Osindele, Bisi. (June 15, 1969). Humanitarian with no Regrets. Daily Sketch
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংকে ড'হাৰ্টি” প্ৰবন্ধৰ সংশোধন ৪৮৮৭৭৩ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।