প্ৰথম মহিলা চিকিৎসক
১০ প্ৰবন্ধ
-
খালিদা জাহিৰ
খালিদা জাহিৰ (১৯২৭–২০১৫), যাৰ বানান খালদা জাহিৰ, চুডানৰ প্ৰথম মহিলা চিকিৎসক আৰু মহিলা অধিকাৰ কৰ্মীসকলৰ ভিতৰত অন্যতম।
-
চালমা ইছমাইল
তন শ্ৰী চালমা বিণ্টি ইছমাইল ( Tan Sri Salma binti Ismail; ১৯ ডিচেম্বৰ ১৯১৮ – ২০ জুলাই ২০১৪) এগৰাকী মালয়েছিয়াৰ চিকিৎসক আছিল আৰু প্ৰথমগৰাকী মালয়েছিয়ান মালয় মহিলা, যিয়ে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰিছিল।
-
ছউ ছা
ছাউ ছা এফ আৰ চি এছ/এম বি ই, ( Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া।
-
জেন এলিজাবেথ ওৱাটাৰষ্টন
জেন এলিজাবেথ ওৱাটাৰষ্টন (১৮৪৩ – ৭ ডিচেম্বৰ ১৯৩২) আছিল স্কটিছ শিক্ষয়িত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক। ডেভিদ লিভিংষ্টনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চিকিৎসক আৰু মিছনেৰী হ’বলৈ প্ৰশিক্ষণ লয়। পক্ষপাতিত্বৰ বাবেই তেওঁ লিভিংষ্টনৰ পদাংক এৰি দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰসকলৰ সৈতে কাম কৰিবলৈ বাধ্য হয়।
-
জোজেফিন নামবুজে
জোজেফিন নামবুজে (জন্ম ১৯৩০) এগৰাকী উগাণ্ডাৰ চিকিৎসক, জনস্বাস্থ্য বিশেষজ্ঞ, শৈক্ষিক আৰু চিকিৎসা গৱেষক। মাকেৰেৰে ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ জনস্বাস্থ্যৰ এমেৰিটাছ অধ্যাপিকা। ১৯৫৯ চনৰ আশে-পাশে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী পূব আফ্ৰিকান মহিলা।
-
তেৱিদা বেন শ্বেখ
তেৱিদা বেন শ্বেখ ( Tewhida Ben Sheikh; ২ জানুৱাৰী, ১৯০৯ ৰাছ জেবেলত – ৬ ডিচেম্বৰ, ২০১০) আছিল প্ৰথমগৰাকী আধুনিক টিউনিছিয়ান আৰু উত্তৰ আফ্ৰিকান মহিলা চিকিৎসক। বিশেষকৈ গৰ্ভনিৰোধ আৰু গৰ্ভপাতৰ সুবিধাৰ ক্ষেত্ৰতো তেওঁ মহিলা চিকিৎসা বিজ্ঞানৰ পথ প্ৰদৰ্শক আছিল।
-
মে ৰত্নায়েকে
মে ৰত্নায়েকে (১৮৯২–১৯৮৮) এগৰাকী শ্ৰীলংকাৰ চিকিৎসক, সেই দেশৰ দ্বিতীয়গৰাকী মহিলা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আৰু ইয়াৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিচিত।
-
মেৰী থমাছ
মাৰিয়া এমিলিয়া থমাছ (১৭ ফেব্ৰুৱাৰী ১৮৯৬ – ১০ অক্টোবৰ ১৯৬৬),বা মেৰী থমাছ নামেৰে বেছি পৰিচিত, ইণ্ডোনেছিয়ান প্ৰথমগৰাকী মহিলা চিকিৎসক। ১৯২২ চনত স্কুল অৱ ট্ৰেইনিং অৱ নেটিভ ফিজিচিয়ান (STOVIA বা School tot Opleiding van Indische Artsen)ৰ পৰা ডিপ্লমা লাভ কৰে।
-
লিবাৰ্টিনা আমাথিলা
লিবাৰটিনা ইনাভিপোছা আমাথিলা ( Libertina Inaviposa Amathila; জন্ম: ১০ ডিচেম্বৰ ১৯৪০) এগৰাকী নামিবিয়ান চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০০৫ চনৰ মাৰ্চৰ পৰা ২০১০ চনৰ মাৰ্চলৈকে নামিবিয়াৰ উপ-প্ৰধানমন্ত্ৰী আছিল।
-
হিলানা চেডাৰাছ
ডাঃ হিলানা চেডাৰাছ, জন্ম: ১৯০৪ চন আৰু মৃত্যু: ১৯৯৮ চন, কপটিক ইজিপ্তৰ এগৰাকী চিকিৎসক আছিল। তেওঁ ইজিপ্তত চিকিৎসক হোৱা প্ৰথমগৰাকী মহিলা।