হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (Humankind: A Hopeful History) হৈছে ডাচ ইতিহাসবিদ ৰুটজাৰ ব্ৰেগমেনে ২০১৯ চনত লিখা এখন অ-কাহিনীমূলক গ্ৰন্থ। ২০২১ চনৰ মে' মাহত ব্লুমছবেৰীয়ে গ্ৰন্থখন প্ৰকাশ কৰে।.১গ্ৰন্থখনৰ জৰিয়তে মানৱীয় হৃদয়ক মান্য বুলি যুক্তি দিয়া হৈছে আৰু মানুহৰ প্ৰতি এই আশাবাদী দৃষ্টিভংগীৰ ফলৰ ভিত্তিত এক নতুন বিশ্বদৃষ্টিভংগীৰ প্ৰস্তাৱ দিয়া হৈছে। ই মানৱ জাতিৰ অপৰিহাৰ্য অহংকাৰ আৰু কু-অভিপ্ৰায়ৰ ধাৰণাসমূহৰ বিৰুদ্ধে যুক্তি আগবঢ়ায়। ব্ৰেগমেনৰ মতামত আগবঢ়াই নিবলৈ গ্ৰন্থখনে ঐতিহাসিক পৰিঘটনাৰ বহু-বিষয়ক অধ্যয়ন, বৈজ্ঞানিক অধ্যয়নৰ পৰীক্ষা আৰু দাৰ্শনিক যুক্তিৰ কামত জড়িত হৈছে৷ এই দৃষ্টিভংগী ইয়াৰ নেতিবাচক সমকক্ষৰ তুলনাত অধিক বাস্তৱসন্মত। গ্ৰন্থখন ৩০ টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।.২ আমেৰিকাত প্ৰকাশিত হোৱা পেপাৰবেক সংস্কৰণটো নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰ আছিল।৩
লিখকৰ বিষয়ে
ৰুটজাৰ চি. ব্ৰেগমেন (ইংৰাজী: Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷ 'ৱাশ্বিংটন পোষ্ট', 'দ্য গাৰ্ডিয়েন' আৰু 'বিবিচি'ত তেখেতৰ কৰ্মৰাজি সন্নিৱিষ্ট হৈছে৷ 'দ্য গাৰ্ডিয়েন' সংবাদগোষ্ঠীয়ে তেখেতক "Dutch wunderkind of new ideas" হিচাপে অভিহিত কৰিছে৷ আনহাতে 'টেড-সন্মিলনি'য়ে তেখেতক "ইউৰোপৰ বিশিষ্ট যুৱ চিন্তাবিদ' হিচাপে ঘোষিত কৰিছে৷ ব্ৰেগমেনৰ টেড-বক্তৃতা "Poverty Isn't a Lack of Character; It's a Lack of Cash"ক টেডৰ পৰিচালক ক্ৰিছ এণ্ডাৰছনে ২০১৭ বৰ্ষটোৰ 'শীৰ্ষ দহ'ত অন্তৰ্ভুক্ত কৰিছিল৷
গ্ৰন্থখনৰ সাৰাংশ
গ্ৰন্থখনে যুক্তি আগবঢ়ায় যে মানুহ মৌলিকভাৱে মান্য আৰু এই মতামতক অধিক স্বীকৃতি দিলে সকলোকে উপকৃত হোৱাৰ সম্ভাৱনা আছে, কিয়নো দুৰাকাংক্ষাই দুৰাকাংক্ষীৰ সৃষ্টি কৰে৷ ইতিহাস, অৰ্থনীতি, মনোবিজ্ঞান, জীৱবিজ্ঞান, নৃতত্ত্ব, আৰু পুৰাতত্ত্বৰ তথ্যৰ ওপৰত আধাৰিত এই গ্ৰন্থখনে বহুবিষয়ক দৃষ্টিভংগী গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ইয়াত জিন-জেক ৰুছ’ আৰু থমাছ হবছৰ মাজত হোৱা প্ৰকৃতিৰ অৱস্থাৰ বিতৰ্কক ফ্ৰেমিং ডিভাইচ হিচাপে ব্যৱহাৰ কৰা হৈছে, এই বিষয়ত লেখকে ৰুছ’ৰ স্থিতিৰ পক্ষ লয়৷
তথ্যসূত্ৰ
- ↑ Bloomsbury. (13 May 2021). Humankind. Bloomsbury
- ↑ Bregman, R. (2019). De meeste mensen deugen: een nieuwe geschiedenis van de mens (Dutch Edition) (1st ed.). De Correspondent BV
- ↑ (December 19, 2021). Paperback Nonfiction Books Best Sellers. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪২৬৫৫৬ (২৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।