মাছৌমেহ দাদেহবালা হায়েদেহ নামেৰে জনাজাত। ( ১০ এপ্ৰিল ১৯৪২ – ২০ জানুৱাৰী ১৯৯০) নামেৰে পৰিচিত আছিল পাৰ্চী শাস্ত্ৰীয়, লোক আৰু পপ সংগীতৰ এগৰাকী ইৰাণী গায়িকা। দুটা দশকৰো অধিক সময় সংগীত জগতত সক্ৰিয় আছিল আৰু ২০ শতিকাৰ ইৰাণৰ অন্যতম জনপ্ৰিয় গায়িকা হিচাপে গণ্য কৰা হয়।১
প্ৰাথমিক জীৱন আৰু কৰ্মজীৱন
মা’ছুমিহ দাদেহবালো এ ১৯৪২ চনৰ ১০ এপ্ৰিলত ইৰানৰ তেহৰাণত জন্মগ্ৰহণ কৰিছিল।২৩ ইৰাণী সংগীতজ্ঞ মহেষ্টীৰ ডাঙৰ ভগ্নী।

১৯৬৮ চনত তেওঁৰ সংগীত জীৱনৰ আৰম্ভণি হয় "গোলাহা য়েহ ৰঙাৰাং" (ৰঙীন ফুল) (পাৰ্চী: گلهای رنگارنگ) গীতটো পৰিৱেশন কৰি ১৯৭০ চনত হায়েদেহে পাৰ্চী পপ সংগীতক তেওঁৰ শাস্ত্ৰীয় পাৰ্চী ৰেপাৰ্টৰীত অন্তৰ্ভুক্ত কৰে। এই সময়ছোৱাৰপৰা আনশিৰাভ ৰোহানী, আৰু মহম্মদ হাইদৰীৰ ৰচনাসমূহৰ ভিতৰত বেজান টাৰ, গোল-ই চাং, নৱৰোজ আমাদ, আৰু ছ’ঘাটি আদি উল্লেখযোগ্য।
বিপ্লৱৰ পাছত ইৰান ত্যাগ
ইৰাণৰ ইছলামিক বিপ্লৱৰ কিছুসময়ৰ আগতে ১৯৭৮ চনৰ ২৯ আগষ্টত হায়েদে যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰে। তাত তিনি বছৰ থকাৰ পিছত ১৯৮২ চনত আমেৰিকালৈ গুচি যায় আৰু পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।
১৯৮২ চনৰপৰা জীৱনৰ শেষলৈকে হায়েদেহে লছ এঞ্জেলছত বাস কৰিছিল। ১৯৮০ চনত হায়েদেহৰ কেৰিয়াৰ গঢ় লৈ উঠে, কাৰণ বিপ্লৱৰ পিছত দক্ষিণ কেলিফৰ্ণিয়াত ইৰাণী পলায়নৰ সংখ্যা বৃদ্ধি পায়।
এই সময়ছোৱাত হায়েদেহে কেইবাটাও সফল এলবাম মুকলি কৰে আৰু ইৰাণত তেওঁৰ সকলো গীত নিষিদ্ধ কৰা হয়। তেওঁৰ ৰাজনৈতিক আৰু নষ্টালজিক গীত যেনে "ৰৌজা-ই ৰোছান", "খোডাফেজ", "ফাৰিয়াদ" আৰু "জিণ্ডেগী" ইৰাণী নিৰ্বাসিত সম্প্ৰদায়ৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল।
আমেৰিকাত তেওঁৰ প্ৰায়বোৰ গীতৰ গীতিকাৰ আৰু প্ৰযোজক হিচাপে আছিল ছাদেদ নোজৌকি, মহম্মদ হেইদাৰী আৰু এণ্ড্ৰনিক। আৰমালান সৰফৰাজ, হোমা মিৰ-আফছাৰ আৰু বিজন সমন্দৰৰ সৈতেও কাম কৰি আহিছে। হায়েদেহৰ ৩০টাতকৈও অধিক গীত লিখিছে তেওঁৰ বন্ধু লেলা কাছৰা (হেদিয়েহ নামেৰেও পৰিচিত), যিয়ে মাজে মাজে হায়েদেহৰ বহু এলবামৰ গীতৰ বাবে কবিতা আবৃত্তি কৰে। নিৰ্বাসনৰ সময়ত হায়েদেহে নিয়মিতভাৱে লছ এঞ্জেলছৰ ইৰাণৰ টেলিভিছন চেনেল আই আৰ টিভি জামেহ-ই-জামেহত উপস্থিত হৈছিল।
মৃত্যু আৰু সমাধি
১৯৯০ চনৰ ২০ জানুৱাৰীত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোৰ কাছাব্লাংকা ক্লাবত অনুষ্ঠিত হোৱা কনচাৰ্টৰ কেইঘণ্টামান পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ৪তেওঁৰ বয়স আছিল ৪৭ বছৰ। তেওঁৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আছিল। মৃত্যুৰ কেইসপ্তাহমানৰ পিছত বাহৰেইনত লাইভ কনচাৰ্ট পৰিৱেশন কৰাৰ কথা আছিল। সাড়ে তিনি ঘণ্টীয়া এই কনচাৰ্টৰ এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল কেলিফৰ্ণিয়াৰ পাৰ্চী আই টি বিশেষজ্ঞ খোছৰ’ মোটাৰ্জেমিয়ে যদিও অজ্ঞাত কাৰণত ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই।
পাছদিনা ২৪ জানুৱাৰীত হায়েদেহক কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ৱেষ্টউড ভিলেজ মেম’ৰিয়েল পাৰ্ক কবৰস্থানত সমাধিস্থ কৰা হয়। মৃত্যুৰ কিছুসময়ৰ আগতে হায়েদেহে এটা এলবাম ৰেকৰ্ডিং কৰি আছিল।
বাহ্যিক সংযোগ
- Documentary website (in English & Persian)
- Hayedeh live performance, National TV, Tehran, 1977 (Video)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হায়েদেহ” প্ৰবন্ধৰ সংশোধন ৬০৮৯১০ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।