অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হাইডাস্পেছ (শ্ৰুতিকথা)

হাইডাস্পেছ (প্ৰাচীন গ্ৰীক: Ὑδάσπης), গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পেণ্টাপটেমিয়াৰ চেৰ'নিটিক চিৰ্টিছলৈ বৈ যোৱা এখন অসাধাৰণ দ্ৰুত বেগী নদীৰ এজন নদী দেৱতা আছিল। এই নদীখন আধুনিক যুগৰ ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা ঝেলুম নদী (সংস্কৃতত "বিতাস্তা") বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হাইডাস্পেছ (প্ৰাচীন গ্ৰীক: Ὑδάσπης), গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পেণ্টাপটেমিয়াৰ চেৰ'নিটিক চিৰ্টিছলৈ বৈ যোৱা এখন অসাধাৰণ দ্ৰুত বেগী নদীৰ এজন নদী দেৱতা আছিল। এই নদীখন আধুনিক যুগৰ ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা ঝেলুম নদী (সংস্কৃত ভাষাত "বিতাস্তা") বুলি বিশ্বাস কৰা হয়।

পৰিয়াল

হাইডাস্পেছ আছিল টাইটান বংশৰ দেৱতা, সাগৰ দেৱতা থাউমাছ আৰু এগৰাকী অ'চেনিড (সাগৰ দেৱী) ডাৱৰ দেৱী ইলেক্ট্ৰাৰ পুত্ৰ। তেওঁ ৰামধেনুৰ দেৱী আইৰিছৰ ভাতৃ আছিল।১ অবিকল্পিতভাৱে হাইডাস্পেছৰ সম্ভাৱ্য ভাই-ভনী আছিল আৰ্কে২ আৰু হাৰ্পি।

হেলিঅ'ছ আৰু অ'চেনিড কেটোৰ কন্যা হেলিয়াড এষ্ট্ৰিছৰ দ্বাৰা হাইডাস্পেছৰ পিতৃ পেণ্টাপটেমিয়াৰ (পাঞ্জাব) ৰজা ডেৰিয়াডেছ আছিল।৩

প্লুটাৰ্কৰ মতে হাইডাস্পেছ নিজৰেই পিতৃৰ প্ৰেমত পৰা ক্ৰিচিপৰ পিতৃ আছিল।৪

কিংবদন্তি

কবি নননাছে তেওঁৰ ডাইঅ’নিচিয়াকাত হাইডাস্পেছে ডাইঅ’নিছ দেৱতাৰ আক্ৰমণকাৰী সৈন্যৰ বিৰুদ্ধে হোৱা যুদ্ধত থলুৱা লোকসকলক সহায় কৰা বুলি উল্লেখ কৰিছে।৫

অন্য এটা শ্ৰুতিকথাত দেৱী আফ্ৰডাইটে ক্ৰীচিপেৰ প্ৰতি ক্ষুন্ন হৈছিল আৰু ফলস্বৰূপে ৰাজকুমাৰীক নিজৰ পিতৃৰ প্ৰেমত পেলাইছিল। ৰাজকুমাৰীয়ে নিজৰ অলৌকিক কামনাক ৰোধ কৰিব নোৱাৰি পৰিচাৰিকাৰ সহায়ত ৰাতিৰ অন্ধকাৰত ৰজাৰ বিচনাত গৈ তেওঁৰ লগত শুই পৰিল। যেতিয়া হাইডাস্পেছে কি হৈছে সেই কথা উপলব্ধি কৰিলে, তেতিয়া তেওঁ পৰিচাৰিকা গৰাকীক তাইৰ বিশ্বাসঘাতকতাৰ বাবে জীয়াই জীয়াই সমাধিস্থ কৰিবলৈ আৰু তেওঁৰ জীয়েকক ক্ৰুচত দিয়াৰ নিৰ্দেশ দিলে। তাৰ কিছু সময়ৰ পিছতে জীয়েকক হেৰুওৱাৰ শোকত নিজকে সিন্ধু নদীত (স্পষ্টভাৱে একে নামৰ আধুনিক যুগৰ পাকিস্তানী নদীখন নহয়) বিসৰ্জন দিলে, যাৰ নাম তেওঁৰ নামেৰে হাইডাস্পেছ হোৱা বুলি কোৱা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Nonnus, Dionysiaca 26.351ff.
  2. ↑ Ptolemy Hephaestion, New History 6; Photius, Bibliotheca 190
  3. ↑ Nonnus, Dionysiaca 17.269ff., 26.351ff., 27.195ff. & 33.13ff.
  4. ↑ Plutarch. De fluviis 1.
  5. ↑ Nonnus, Dionysiaca 17.282, 21.225, 23.236, 26.362

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইডাস্পেছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৮০৫৭৩ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।