অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

সৱিতা পুনিয়া

সৱিতা পুনিয়া (Savita Punia; জন্ম: ১১ জুলাই ১৯৯০) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতৰ মহিলা হকী জাতীয় দলৰ সদস্য। তেওঁ গ'লৰক্ষক হিচাপে খেলে আৰু ভাৰতৰ গ্ৰেট ৱাল বুলি জনা যায়। ২০২০ চনৰ অলিম্পিকত তেওঁৰ প্ৰদৰ্শনক ব্যাপকভাৱে‍ প্ৰশংসা কৰা হয়।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ৪৪৮ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সৱিতা পুনিয়া (Savita Punia; জন্ম: ১১ জুলাই ১৯৯০)১ এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতৰ মহিলা হকী জাতীয় দলৰ সদস্য।২ তেওঁ গ'লৰক্ষক হিচাপে খেলে আৰু ভাৰতৰ গ্ৰেট ৱাল বুলি জনা যায়।৩ ২০২০ চনৰ অলিম্পিকত তেওঁৰ প্ৰদৰ্শনক ব্যাপকভাৱে‍ প্ৰশংসা কৰা হয়।৪

প্ৰাথমিক জীৱন

সৱিতা পুনিয়াৰ জন্ম হৈছিল ৰাজস্থানৰ হনুনগড় জিলাৰ ঝান্সাল গাঁৱত। উন্নত স্কুলীয়া শিক্ষাৰ বাবে তেওঁক জিলা সদৰলৈ পঠিওৱা হৈছিল। তেওঁ ক্ৰীড়া একাডেমীত নামভৰ্তি কৰিছিল। ককাক মহিন্দৰ সিঙে হকী খেলিবলৈ তেওঁক উৎসাহিত কৰাত তেওঁ হিছাৰত থকা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ কেন্দ্ৰত যোগদান কৰে।৫ প্ৰথম বছৰবোৰত তেওঁ সুন্দৰ সিং খৰাবৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু পাছলৈ আজাদ সিং মালিকৰপৰা তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।৬ প্ৰথম অৱস্থাত তেওঁ খেলৰ প্ৰতি বেছি আগ্ৰহ নাছিল, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তেওঁৰ দেউতাকে খেলৰ সা-সঁজুলিৰ বাবে ২০ হাজাৰ টকা খৰচ কৰিলে‍ তেওঁ খেলক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ প্ৰতি দায়ৱদ্ধ হৈ পৰিল। ২০০৭ চনত লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় শিবিৰৰ বাবে পুনিয়াক বাছি লোৱা হৈছিল আৰু তেওঁ এজন শীৰ্ষ গ’লৰক্ষকৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷৭

কেৰিয়াৰ

২০০৮ চনত পুনিয়াই প্ৰথমবাৰৰ বাবে চাৰিখন দেশৰ মাজত নেদাৰলেণ্ড আৰু জাৰ্মানীত অনুষ্ঠিত হোৱা খেলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰে।৮ ২০১১ চনত ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১০০ খনতকৈও অধিক খেলত তেওঁ অংশগ্ৰহণ কৰিছে। ২০০৭ চনত তেওঁৰ বয়স যেতিয়া মাত্ৰ ১৭ বছৰ হৈছিল তেতিয়াই তেওঁ জাতীয় দলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ ২০০৯ চনত জুনিয়ৰ এছিয়া কাপত দলৰ সদস্যা হিচাপে অংশগ্ৰহণ কৰিছিল৷ ২০১৩ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা অষ্টম মহিলা এছিয়া কাপত অংশগ্ৰহণ কৰি পেনাল্টি শ্বুট আউটত দুটা গুৰুত্বপূৰ্ণ সম্ভাৱ্য গ’ল ৰক্ষা কৰি তেওঁ ভাৰতক ব্ৰঞ্জৰ পদক লাভ কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল৷ ২০১৪ চনৰ ইঞ্চিয়ন এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী দলটোৰ তেওঁ এগৰাকী সদস্যা আছিল৷

২০১৬ চনত জাপানৰ বিৰুদ্ধে শেষ মুহূৰ্তত পেনাল্টি কৰ্ণাৰ বিশেষভাৱে প্ৰতিহত কৰি‍ ভাৰতক ১-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰাত সহায় কৰি তেওঁ তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছিল৷ ৩৬ বছৰৰ পাছত দলক ৰিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত তেওঁ সহায় কৰিছিল। ২০১৮ চনৰ এছিয়া কাপত তেওঁ চীনৰ বিৰুদ্ধে ফাইনেলত আচৰিত ধৰণৰ প্ৰতিৰোধ গঢি় তুলিছিল, ইয়াৰ যোগেদি তেওঁ টুৰ্ণামেণ্টৰ গ'লৰক্ষক বঁটা লাভ কৰিছিল আৰু দলে ২০১৮ চনৰ লণ্ডনত অনুষ্ঠিত হোৱা বিশ্বকাপ স্লট লাভ কৰিবলৈ সক্ষম হৈছিল৷৯

নিউজিলেণ্ডৰ হক’ছ বে কাপত তেওঁ ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছিল আৰু তেওঁৰ দলটোক প্ৰতিযোগিতাখনত ৬ নম্বৰ স্থান দখল কৰাত সহায় কৰিছিল।১০

তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে মহিলা হকী বিশ্ব লীগৰ ২য় ৰাউণ্ডৰ অন্তিমখন খেলত চিলিক পৰাস্ত কৰাত মহিলা ভাৰতীয় দলটোক সহায় কৰিছিল৷১১

২০১৬ চনত দিয়া এক সাক্ষাৎকাৰত পুনিয়াই প্ৰকাশ কৰে যে তেওঁক হাৰিয়ানা চৰকাৰৰ মেডেল লাও, নৌকৰী পাও আঁচনি, ২০১৮ৰ অধীনত চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু তেওঁ চাকৰি নাপালে৷ এবছৰৰ পাছতো তেওঁ কৈছিল, একো সলনি হোৱা নাই।

বঁটা আৰু মনোনয়ন

ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগ বঢে়াৱা অসাধাৰণ প্ৰদৰ্শন আৰু অৱদানৰ বাবে‍ ২০১৫ চনত তেওঁক হকী ইণ্ডিয়া বাৰ্ষিক বঁটা বলজিৎ সিং গ’লকীপাৰ বঁটা প্ৰদান কৰা হয়, ই তেওঁক দেশৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে প্ৰমাণ কৰে। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।১২

+বছৰপুৰস্কাৰশ্ৰেণীফলাফলপ্ৰসঙ্গ.
২০২৫হকী ইণ্ডিয়া বঁটাবছৰৰ শ্ৰেষ্ঠ গ’লৰক্ষক
বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ

তথ্যসূত্ৰ

  1. ↑ Savita Punia. Forbes India
  2. ↑ (6 August 2021). Savita Punia: From lugging kit on Haryana roadways buses to Olympic glory. Indian Express
  3. ↑ (2 August 2021). Wall of India! Social Media Hails Savita Punia as Indian Women's Hockey Team Reach Semis. News18
  4. ↑ Savita "The Wall" Punia, #ChakDeIndia Trend As Hockey Team Reaches Semis. NDTV
  5. ↑ Sen, Debayan. (19 July 2018). Savita Punia fulfills grandfather's dream to become world's best. ESPN
  6. ↑ (14 July 2016). Savita Punia: 10 things to know about India's female hockey goalkeeper at Rio Olympics 2016
  7. ↑ Savita Punia fulfills grandfather's dream to become world's best. ESPN
  8. ↑ Patwardhan, Deepti. (14 March 2018). Savita Punia: India's lady in shining armour. livemint.com
  9. ↑ Savita Punia – Forbes India Magazine. Forbes India
  10. ↑ (7 July 2015). Once reluctant player, Savita Punia keeps India in Olympic chase. The Indian Express
  11. ↑ India Women's team beat Chile via penalty shootout in Hockey World League Round 2 final
  12. ↑ (14 July 2016). Savita Punia: 10 things to know about India's female hockey goalkeeper at Rio Olympics 2016

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৱিতা পুনিয়া” প্ৰবন্ধৰ সংশোধন ৫৩৮৪১৯ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।