ঈছপৰ সাধু
৭ প্ৰবন্ধ
-
ঈছপৰ সাধু
ঈছপৰ সাধু (Aesop's Fables, বা Aesopica) নীতিকথাৰ এক সংকলন। খ্ৰীষ্টপূৰ্ব ৬২০ৰ পৰা ৫৬৪ চনৰ ভিতৰত প্ৰাচীন গ্ৰীচত বাস কৰা দাস আৰু কাহিনীকাৰ ঈছপক এইসমূহ ৰচনাৰ কৃতিত্ব দিয়া হয়।
-
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো লেটিন ভাষাত পুনৰুদ্ধাৰ কৰা হৈছিল আৰু এইদৰে সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল, যিয়ে নিজৰ হাতত যি আছে তাতেই সন্তুষ্ট হ’বলৈ আৰু ছাঁৰ স্বাৰ্থত একো বলিদান নিদিবলৈ পাঠটো শিকাইছিল। গল্পটোৰ ভাৰতীয় সংস্কৰণো আছে।
-
গাধ আৰু গাহৰিৰ সাধু
গাধ আৰু গাহৰিৰ সাধু হৈছে ইছপৰ এক অন্যতম সাধু, যিটো পাশ্চাত্যত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল যদিও প্ৰাচ্যত ইয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ হৈয়ে আছে। এই সাধুটোৰ সাধাৰণ নীতিশিক্ষা হ’ল, কাৰোবাৰ সহজ জীৱন আৰু সাম্ভাৱ্য সৌভাগ্যই তেওঁলোকৰ কল্যাণৰ প্ৰতি ভয়ৰ কাৰণ হৈ পৰে।
-
শিয়াল আৰু কাউৰী (ঈছপৰ সাধু)
শিয়াল আৰু কাউৰী হৈছে ইছপৰ অন্যতম উপকথা। ইয়াৰ প্ৰাচীন লেটিন আৰু গ্ৰীক সংস্কৰণ আছে, আনকি এই উপকথাটো প্ৰাচীন গ্ৰীক ফুলদানিত চিত্ৰিত হ’ব পাৰে।
-
সিংহ আৰু নিগনি
সিংহ আৰু নিগনি ইছপৰ এটা অন্যতম সাধুকথা। গল্পৰ শ্ৰেণীবিভাজনৰ এক বিশেষ পদ্ধতি পেৰী সূচকাংকত এই গল্পটোৱে ১৫০ নম্বৰ স্থান লাভ কৰিছে। কাহিনীটোৰ কেইবাটাও পূবৰ সংস্কৰণ আছে, যিবোৰে আকাৰ বা আখ্যান নিৰ্বিশেষে পাৰস্পৰিক সম্পৰ্ক প্ৰদৰ্শন কৰে।
-
সোণৰ কণী পৰা হাঁহ
সোণৰ কণী পৰা হাঁহ (The Goose that Laid the Golden Eggs) ইছপৰ অন্যতম ফেবলছ বা উপকথ। আন বহুতো কাহিনীত সোণালী কণী পৰা হাঁহ পোৱা যায় যদিও কিছুমান সংস্কৰণে ইয়াক কুকুৰা বা সোণালী কণী পৰা আন চৰাইলৈ সলনি কৰে।
-
সাপ আৰু খেতিয়ক
সাপ আৰু খেতিয়ক (ইংৰাজী: The Snake and the Farmer; দ্য স্নেক এণ্ড দ্য ফাৰ্মাৰ) হৈছে ঈছপৰ নামত প্ৰচলিত এক নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। ইয়াৰ কেইবাটাও প্ৰাচীন সংস্কৰণ পোৱা যায় আৰু মধ্যযুগৰ ইউৰোপ তথা ভাৰতীয় ইতিহাসতো ইয়াৰ উল্লেখ আছে।