অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

সমমিতি

সমমিতি দৈনন্দিন জীৱনত সাধাৰণতে ৰূপৰ, অনুপাতৰ আৰু সমতাৰ এটি সুন্দৰ আৰু সুমধুৰ অনুভৱৰ দিশত ইঙ্গিত কৰে। গণিতত, এই শব্দটোৰ এটা অধিক সঠিক সংজ্ঞা থাকে আৰু সাধাৰণতে এনে বস্তুৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হয় যি কিছুমান পৰিবৰ্তনৰ প্ৰতি অপৰিবৰ্তনীয় (invariant) হৈ থাকে, যেনে স্থানান্তৰ, প্ৰতিফলন, ঘূৰ্ণন বা…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
এটা গোলীয় সমমিতি গোট য’ত অক্টাহেড্ৰেল সমমিতি দেখা পোৱা যায়। হালধীয়া অংশটো হৈছে মৌলিক ক্ষেত্ৰ।
এটা গোলীয় সমমিতি গোট য’ত অক্টাহেড্ৰেল সমমিতি দেখা পোৱা যায়। হালধীয়া অংশটো হৈছে মৌলিক ক্ষেত্ৰ।ছবি: User:Tomruen · Public domain
এটা ভগ্নআকৃতি সদৃশ আকৃতি য’ত প্ৰতিফলন সমমিতি, ঘূৰ্ণন সমমিতি আৰু স্ব-সাদৃশ্যতা থাকে, এইবোৰ সমমিতিৰ তিনি প্ৰকাৰ। এই আকৃতিখন এটা সীমিত উপবিভাজন নিয়মৰ দ্বাৰা লাভ কৰা হৈছে।
এটা ভগ্নআকৃতি সদৃশ আকৃতি য’ত প্ৰতিফলন সমমিতি, ঘূৰ্ণন সমমিতি আৰু স্ব-সাদৃশ্যতা থাকে, এইবোৰ সমমিতিৰ তিনি প্ৰকাৰ। এই আকৃতিখন এটা সীমিত উপবিভাজন নিয়মৰ দ্বাৰা লাভ কৰা হৈছে।ছবি: Brirush · CC BY-SA 3.0

সমমিতি দৈনন্দিন জীৱনত সাধাৰণতে ৰূপৰ, অনুপাতৰ আৰু সমতাৰ এটি সুন্দৰ আৰু সুমধুৰ অনুভৱৰ দিশত ইঙ্গিত কৰে।১২ গণিতত, এই শব্দটোৰ এটা অধিক সঠিক সংজ্ঞা থাকে আৰু সাধাৰণতে এনে বস্তুৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হয় যি কিছুমান পৰিবৰ্তনৰ প্ৰতি অপৰিবৰ্তনীয় (invariant) হৈ থাকে, যেনে স্থানান্তৰ, প্ৰতিফলন, ঘূৰ্ণন বা আকাৰ পৰিবৰ্তন। যদিও এই শব্দৰ দৈনন্দিন আৰু বৈজ্ঞানিক অৰ্থ বেলেগ হব পাৰে, তথাপি এইবোৰ গভীৰভাৱে আন্তঃসংযুক্ত আৰু সেইকাৰণে একেলগে আলোচনা কৰা হয়।

গণিতীয় সমমিতি সময়ৰ প্ৰবাহৰ সৈতে, স্থানিক সম্পৰ্কৰ সৈতে, জ্যামিতিক ৰূপান্তৰৰ সৈতে, আন ধৰণৰ কাৰ্য্যগত ৰূপান্তৰৰ সৈতে, তথা বৈজ্ঞানিক মডেল, ভাষা আৰু সংগীত আদি অমূৰ্ত বস্তুৰ ক্ষেত্ৰতো লক্ষ্য কৰিব পৰা যায়।৩

এই লেখাটোত সমমিতি তিনিটা দৃষ্টিভংগীৰ পৰা বৰ্ণনা কৰা হৈছে: গণিত (বিশেষকৈ জ্যামিতি)ৰ ক্ষেত্ৰত, যি বহুতে সৰ্বাধিক পৰিচিত; বিজ্ঞান আৰু প্ৰকৃতিৰ ক্ষেত্ৰত; আৰু স্থাপত্য, কলা আৰু সংগীতৰ দৰে কলাৰ ক্ষেত্ৰত।

সমমিতিৰ বিপৰীত শব্দ হৈছে অসমমিতি, অৰ্থাৎ য’ত সমমিতি নাই।

তথ্যসূত্ৰ

  1. ↑ Zee, A. (2007). Fearful Symmetry. Princeton University Press. ISBN 978-0-691-13482-6
  2. ↑ Hill, C. T.; Lederman, L. M. (2005). Symmetry and the Beautiful Universe. Prometheus Books
  3. ↑ Mainzer, Klaus. (2005). Symmetry and Complexity: The Spirit and Beauty of Nonlinear Science. World Scientific. ISBN 981-256-192-7

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানগণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমমিতি” প্ৰবন্ধৰ সংশোধন ৬৩১০৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।