অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ষ্টৰ্ম ৰিড

ষ্টৰ্ম ৰিড (ইংৰাজী: Storm Reid; জন্ম: ১ জুলাই, ২০০৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। টেলিভিছন শ্ব’ এ ক্ৰছ টু বিয়েৰ (২০১২), ড্ৰামা ছবি ১২ য়েৰ্ছ এ স্লেভ (২০১৩) আৰু ছুপাৰহিৰো ছবি শ্লেট (২০১৬)-ত প্ৰাৰম্ভিক অভিনয়ৰ পিছত তেওঁ ফেণ্টাছী ছবি এ ৰিংকল ইন টাইম (২০১৮)-ত মেগ মাৰীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ষ্টৰ্ম ৰিড (ইংৰাজী ভাষা: Storm Reid; জন্ম: ১ জুলাই, ২০০৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। টেলিভিছন শ্ব’ এ ক্ৰছ টু বিয়েৰ (২০১২), ড্ৰামা ছবি ১২ য়েৰ্ছ এ স্লেভ (২০১৩) আৰু ছুপাৰহিৰো ছবি শ্লেট (২০১৬)-ত প্ৰাৰম্ভিক অভিনয়ৰ পিছত তেওঁ ফেণ্টাছী ছবি এ ৰিংকল ইন টাইম (২০১৮)-ত মেগ মাৰীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। থ্ৰিলাৰ ছবি ড’ণ্ট লেট গ’ (২০১৯) আৰু হৰৰ ছবি দ্য ইনভিজিবল মেন (২০২০)-ত অভিনয় কৰি তেওঁ অধিক স্বীকৃতি লাভ কৰে।

ৰিডে নেটফ্লিক্সৰ মিনি ছিৰিজ হোৱেন দে চি আছ (২০১৯) আৰু এইচবিঅ’ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–২০২২)-ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ড্ৰামা ধাৰাবাহিক দ্য লাষ্ট অৱ আছ (২০২৩)-ৰ "লেফ্ট বিহাইণ্ড" খণ্ডত ৰাইলী এবেলৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ৰিডে ড্ৰামা ছিৰিজৰ আউটষ্টেণ্ডিং গেষ্ট এক্ট্ৰেছ শিতানত প্ৰাইমটাইম এমি বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ মিষ্ট্ৰী ছবি মিচিং (২০২৩) আৰু হৰৰ ছবি দ্য নান ২ (২০২৩)-ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

ৰিডৰ জন্ম ২০০৩ চনৰ ১ জুলাইত জৰ্জিয়াৰ আটলাণ্টাত ৰডনী আৰু ৰবিন চিম্পছন ৰিডৰ ঘৰত হৈছিল।১২ তেওঁ চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু; তেওঁৰ ককায়েক জচ আৰু ইমান আৰু পেৰিছ নামৰ দুগৰাকী ভনীয়েক আছে।৩ সৰুৰেপৰাই ৰিডে এগৰাকী অভিনেত্ৰী হোৱাৰ আকাংক্ষা কৰিছিল আৰু ৯ বছৰ বয়সত অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ তেওঁ আৰু তেওঁৰ পৰিয়াল লছ এঞ্জেলছলৈ গুচি গৈছিল।২

কৰ্মজীৱন

ৰিডে অতি কম বয়সতে পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ২০১২ চনত টেলিভিছন ফিল্ম এ ক্ৰছ টু বিয়েৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ২০১৩ চনত তেওঁ ঐতিহাসিক ড্ৰামা ছবি ১২ য়েৰ্ছ এ স্লেভত এমিলীৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল।৪ ২০১৬ চনত তেওঁ বিজ্ঞান ভিত্তিক ড্ৰামা ছবি শ্লেটত টিনাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি ছবিখনৰ নায়ক ব’ৰ সৰু ভনীয়েক আছিল।৫ ছবিখন সফল হোৱাৰ লগতে ইতিবাচক সঁহাৰি লাভ কৰিছিল।৬৭ ২০১৬ চনত তেওঁ লিয়া টু দ্য ৰেস্কিউ নামৰ ছবিখনত আকিৰ চৰিত্ৰত অভিনয় কৰিছিল, যি ছবিখন আমেৰিকান গাৰ্ল ছবি শৃংখলাৰ অংশ আছিল।৮৯

২০১৭ চনত তেওঁ কমেডী-ড্ৰামা ছবি এ হেপেনিং অৱ মনুমেণ্টেল প্ৰপ’ৰচনছত পেট্ৰিচিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে সমালোচকৰপৰা নেতিবাচক সঁহাৰি পাইছিল।১০ ইয়াৰ বিপৰীতে একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আভা ডুভাৰ্নেৰ ছবি এ ৰিংকল ইন টাইমত মেগ মাৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক ইতিবাচক সঁহাৰি লাভ কৰিছিল।১১ ছবিখন বক্স অফিচত বিফল হোৱা সত্ত্বেও ৰিডৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল, বহুতে তেওঁৰ অভিনয়ক ছবিখনৰ বিশেষ আকৰ্ষণ বুলি অভিহিত কৰিছিল।১২ দ্য হলিউড ৰিপ’ৰ্টাৰৰ হৈ লিখা জচ স্পিগেলৰ মতে, "ৰিড ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ; মেগৰ মনত থকা সন্দেহৰপৰা আৰম্ভ কৰি নিজৰ ভুলবোৰ আৰু বিশৃংখল পৰিয়ালটোক আঁকোৱালি লোৱালৈকে হোৱা পৰিৱৰ্তনখিনি ৰিডৰ অভিব্যক্তি আৰু সূক্ষ্ম অভিনয়ৰ জৰিয়তে সুন্দৰকৈ ফুটি উঠিছে।" ১৩ এই চৰিত্ৰটোৰ বাবে তেওঁ টিন চয়ছ এৱাৰ্ড আৰু এন.এ.এ.চি.পি. ইমেজ এৱাৰ্ডৰ মনোনয়ন লাভ কৰিছিল।১৪১৫১৬

২০১৯ চনত ৰিডে নেটফ্লিক্সৰ মিনি ছিৰিজ হোৱেন দে চি আছৰ দুটা খণ্ডত লিচাৰ চৰিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

ৰিড ইয়াৰ পূৰ্বে অভিনেতা ছায়ীদ শ্বাহিদীৰ সৈতে সম্পৰ্কত আছিল।১৭১৮১৯

২০২১ চনৰ শৰৎকালত ৰিডে ইউনিভাৰ্চিটি অৱ চাউদাৰ্ণ কেলিফৰ্ণিয়াত নাটকীয় কলাক (dramatic arts) মুখ্য বিষয় আৰু আফ্ৰিকান আমেৰিকান অধ্যয়নক গৌণ বিষয় হিচাপে লৈ অধ্যয়ন আৰম্ভ কৰে।২০২১ তেওঁ এগৰাকী খ্ৰীষ্টান।২২

তথ্যসূত্ৰ

  1. ↑ Rose, Mike. (July 1, 2022). Today's famous birthdays list for July 1, 2022 includes celebrities Dan Aykroyd, Alan Ruck. Cleveland.com
  2. ↑ Barth, Lauren. (March 5, 2020). The untold truth of Storm Reid. TheList.com
  3. ↑ (June 25, 2019). Facts About Storm Reid – Parents, Brother, Net Worth and Pictures. glamourpath.com
  4. ↑ Brooks, Brian. (October 20, 2013). Specialty Box Office: '12 Years A Slave' Triumphs In Limited Debut; 'All Is Lost,' 'Kill Your Darlings' Open Solid. Deadline
  5. ↑ Atkinson, S. (September 14, 2016). Who Is Storm Reid? 'A Wrinkle In Time's Meg Murry Is Played By A Formidable Young Actress. Bustle
  6. ↑ D'Alessandro, Anthony. (April 30, 2017). 'Latin Lover' Sets $12M Pantelion Record, 'Baahubali 2' Mighty With $10M+, 'Circle' A Square As 'F8' Leads Listless Weekend. Deadline
  7. ↑ Sleight (2017)
  8. ↑ (September 5, 2019). 'Don't Let Go' Star Storm Reid on Watching 'Euphoria' and Shooting 'Invisible Man'. The Hollywood Reporter
  9. ↑ Storm Reid - Speakers Bureau and Booking Agent Info. All American Speakers Bureau
  10. ↑ (August 24, 2018). A Happening of Monumental Proportions (2018)
  11. ↑ Busch, Anita. (September 14, 2016). Ava DuVernay Sets Lead With 13-Year-Old Storm Reid For 'A Wrinkle In Time'. Deadline
  12. ↑ Ma, Wenlei. (March 29, 2018). Oprah epic Disney banked $100 million on. news.com.au
  13. ↑ Spiegel, Josh. (March 10, 2018). The Brightest Star of 'A Wrinkle in Time'. The Hollywood Reporter
  14. ↑ (August 12, 2018). Teen Choice Awards: Winners List. The Hollywood Reporter
  15. ↑ D'Alessandro, Anthony. (April 8, 2019). The Biggest Box Office Bombs Of 2018: Deadline's Most Valuable Blockbuster Tournament. Deadline
  16. ↑ NAACP Image Awards ·
  17. ↑ Khalifeh, Mona. (February 17, 2021). Storm Reid Says Her 'Suicide Squad' Character Is 'Sassy'. Entertainment Tonight
  18. ↑ (2019-04-10). Yara Shahidi's Brother Sayeed Just Asked Storm Reid to Prom in the Sweetest Way. E! Online
  19. ↑ Delgado, Sara. (2019-04-10). Yara Shahidi Helped Her Brother Sayeed Give Storm Reid the Best Promposal Ever. Teen Vogue
  20. ↑ Elizabeth, De. (May 2, 2021). Storm Reid Confirms She Will Attend USC. Entertainment Tonight
  21. ↑ Apple. (2023, October 11). Study With Me feat. Storm Reid x Apple [Video]. YouTube. www.youtube.com/watch?v=ti6r17_TWf4
  22. ↑ Neffinger, V. (2018, March 6). 'A Wrinkle in Time' Actress Storm Reid Says God Called Her into Acting. 93.9 KPDQ. kpdq.com/articles/blogs/religion-today-blog/a-wr

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টৰ্ম ৰিড” প্ৰবন্ধৰ সংশোধন ৫৮৮২০৪ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।