শ্বেৰন ছেইলছ বেল্টন (Sharon Sayles Belton; জন্ম: ১৩ মে', ১৯৫১) এগৰাকী আমেৰিকান সম্প্ৰদায়ৰ নেতা, ৰাজনীতিবিদ আৰু কৰ্মী। থমছন ৰয়টাৰছ লিগেল ব্যৱসায়ৰ বাবে তেওঁ সমূদায় সম্পৰ্কৰক্ষী বিষয়া আৰু চৰকাৰী পৰিক্ৰমাৰ উপ-সভানেত্ৰী।১
তেওঁ ১৯৯৪ চনৰ পৰা ২০০১ চনলৈকে মিনেছ’টাৰ মিনিয়াপলিছৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ সেই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী আফ্ৰিকান আমেৰিকান আৰু প্ৰথমগৰাকী মহিলা।
প্ৰাৰম্ভিক জীৱন
মিনেছ'টাৰ ছেইণ্ট পলত বিল আৰু এথেল ছেইলছৰ চাৰিগৰাকী কন্যাৰ ভিতৰত এগৰাকী হিচাপে ছেইলছ বেল্টনৰ জন্ম হৈছিল।২ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত তেওঁ এবছৰ মাকৰ সৈতে মিনেছ’টাৰ ৰিচফিল্ডত থাকে, য’ত তেওঁ ইষ্ট জুনিয়ৰ হাইস্কুলৰ একমাত্ৰ আফ্ৰিকান আমেৰিকান আছিল, তাৰ পিছত দক্ষিণ মিনিয়াপলিছলৈ গুচি যায় আৰু পিতৃৰ সৈতে থাকিবলৈ লয়। তেওঁ মিনিয়াপলিছৰ চেণ্ট্ৰেল হাইস্কুলত পঢ়িছিল।৩ মাউণ্ট চিনাই হাস্পতালত স্বেচ্ছাই কেণ্ডি ষ্ট্ৰাইপাৰ হিচাপে কাম কৰিছিল, আৰু পিছলৈ নাৰ্ছৰ সহায়িকা হিচাপে কাম কৰিছিল। তেওঁ কময় সময়ৰ বাবে মিচিচিপি ৰাজ্যৰ নাগৰিক অধিকাৰ কৰ্মী আছিল।
ছেইলছ বেল্টনে চেণ্ট পলৰ মেকেলেষ্টাৰ কলেজত পঢ়িছিল আৰু তাতেই জীৱবিজ্ঞান আৰু সমাজবিজ্ঞান অধ্যয়ন কৰিছিল। পিছলৈ যৌন নিৰ্যাতনৰ বলি হোৱা লোকৰ সৈতে পেৰ’ল বিষয়া হিচাপে কাম কৰিছিল। ককাক বিল চেইলছৰ দৰেই তেওঁৱো সমূদায়টোৰ সমাজ কৰ্মী হৈ পৰিছিল।৪
মেয়ৰ হিচাপে
১৯৮৩ চনত ছেইলছ বেলটনক অষ্টম ৱাৰ্ডে মিনিয়াপলিছ চহৰ পৰিষদলৈ নিৰ্বাচিত কৰে। মেয়ৰ ড’নাল্ড এম ফ্ৰেজাৰৰ সৈতে কাম কৰি তেওঁ অনুপ্ৰাণিত হৈছিল। ১৯৮৪ চনত ডেম’ক্ৰেটিক নেশ্যনেল কনভেনচনত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল, য’ত মিনেছ’টাৰ ৰাজনীতিবিদ ৱালটাৰ মণ্ডেলক আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰা হৈছিল। মিনেছ’টা ডেম’ক্ৰেটিক-ফাৰ্মাৰ-লেবাৰ পাৰ্টিৰ সদস্য ছেইলছ বেল্টন ১৯৯০ চনত চহৰ পৰিষদৰ সভাপতি নিৰ্বাচিত হয়।
১৯৯৩ চনত মেয়ৰৰ প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰে। তিনিটা ফোন বেংক আৰু দহজনীয়া কৰ্মচাৰীৰ সহায়ত তেওঁক এনে এটা মঞ্চত নিৰ্বাচিত কৰা হয় য’ত আৰক্ষী বিভাগৰ সংস্কাৰ, প্ৰথম আফ্ৰিকান আমেৰিকান আৰু চহৰখনৰ ১৪০ বছৰীয়া ইতিহাসৰ প্ৰথমগৰাকী মহিলা মেয়ৰ আছিল। ডি এফ এলৰ প্ৰাক্তন হেনেপিন কাউণ্টি কমিছনাৰ জন ডেৰাছক তেওঁ পৰাস্ত কৰে। ১৯৯৭ চনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী বাৰ্বাৰা কাৰ্লছনক পৰাস্ত কৰি তেওঁ পুনৰ নিৰ্বাচিত হয়। ১৯৯৪ চনৰ ১ জানুৱাৰীৰ পৰা ২০০১ চনৰ ৩১ ডিচেম্বৰলৈকে দুটা কাৰ্যকালৰ বাবে ছেইলছ বেল্টনে এই পদত অধিষ্ঠিত হৈছিল।৪
ইয়াৰ উপৰিও চহৰখনে প্ৰাচীন ইউটিলিটি বিলিং, পুৰণি পানী পৰিশোধন আৰু চুবুৰীৰ বানপানীৰ বিষয়েও আলোচনা কৰে। দশকৰ শেষৰ ফালে মিনিয়াপলিছৰ সম্পত্তিৰ মূল্য বৃদ্ধি পাইছিল, ১৯৪০ চনৰ পিছত চহৰখনৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে বৃদ্ধি পাইছিল। ফ্ৰেজাৰে ছেইলছ বেল্টনক বৰ্ণগত উত্তেজনাৰ মাজত চুবুৰীসমূহ সুস্থিৰ কৰি তোলা, বিদ্যালয় ব্যৱস্থাক সমৰ্থন কৰা আৰু এজন সক্ষম আৰু বুদ্ধিমান চহৰৰ পৰিচালক হোৱাৰ বাবে কৃতিত্ব দিয়ে। সমালোচকসকলে ডাউনটাউন উন্নয়নৰ বাবে চহৰৰ ৰাজসাহায্য ব্যৱহাৰৰ বিৰোধিতা কৰিছিল।৫৬
ব্যক্তিগত জীৱন
ষ্টিভেন বেলটনৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ তিনিটা সন্তান হয়৷ কিলাইনা, জৰ্ডান আৰু কলমেন।৭
সহযোগিতাসমূহ
ছেইলছ বেল্টন জাতি সমতা, সম্প্ৰদায় আৰু চুবুৰীৰ উন্নয়ন, ৰাজহুৱা নীতি, মহিলা, পৰিয়াল আৰু শিশুৰ বিষয়, আৰক্ষী-সম্প্ৰদায়ৰ সম্পৰ্ক আৰু যুৱ বিকাশৰ সৈতে জড়িত।৮ ১৯৭৮ চনত তেওঁ মিনিয়াপলিছত হেৰিট টাবমেন শ্বেল্টাৰ ফৰ বেটাৰড উইমেনৰ সহ-প্ৰতিষ্ঠাপক হয়। তেওঁ নেচনেল ক’লিচন এগেইনষ্ট চেক্সুৱেল এছাল্টৰ সহ-প্ৰতিষ্ঠাপক। তেখেতে নেইবাৰহুড ৰিভাইটেলাইজেচন প্ৰগ্ৰেম, ক্লিন ৱাটাৰ পাৰ্টনাৰশ্বিপ, চিলড্ৰেনছ হেল্থকেয়াৰ এণ্ড হাস্পতাল, আমেৰিকান বাৰ এছ'চিয়েচনত অৰিহণা যোগাইছিল।৯
তথ্যসূত্ৰ
- ↑ Thomson Reuters Names Sharon Sayles Belton VP of Community Relations and Government Affairs for Its Legal Business | Minnesota Business Magazine | Minnesota Business Blogs. Minnesota Business
- ↑ Minnesota Historical Society quoted by the African American Registry. (2005). Sharon Sayles Belton, the first Black and woman mayor of Minneapolis
- ↑ Brandt, S. (2013-07-03). Central alums mark alma mater's centennial. Star Tribune
- ↑ Anderson, G.R. Jr. (October 31, 2001). The Education of Sharon Sayles Belton. City Pages
- ↑ Olson, Dan. (November 7, 2001). The political legacy of Sharon Sayles Belton. Minnesota Public Radio
- ↑ Hughes, Art. (October 24, 2001). Profile: Sharon Sayles Belton. Minnesota Public Radio
- ↑ Sharon Sayles Belton. Encyclopedia.com
- ↑ University of Minnesota. (February 20, 2006). Hubert H. Humphrey Institute of Public Affairs: Sharon Belton
- ↑ National Organization for Women. (2007). NOW National Conference 2002: Speakers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰন ছেইলছ বেল্টন” প্ৰবন্ধৰ সংশোধন ৬০৪৫৩২ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।