শ্বিণ্ট (神道) এটি জাপানী ধৰ্ম। গৱেষকে এই ধৰ্মক পূব এছিয়াৰ ধৰ্মসমূহৰ মাজত স্থান দিয়ে।১ শ্বিণ্ট' ধৰ্মী লোকে সাধাৰণতে এই ধৰ্মক জাপানৰ আদিবাসী ধৰ্ম জ্ঞান কৰে। ই এক প্ৰকৃতিবাদী ধৰ্ম। এই ধৰ্মৰ কোনো কেন্দ্ৰীয় প্ৰশাসক নাই, আৰু শ্বিণ্ট' বিশ্বাসীৰ মাজত ভিন ভিন ধৰণৰ ৰীতি-নীতি দেখা যায়।
ৰীতি-নীতি
শ্বিণ্ট' ধৰ্মত একাধিক দেৱতাৰ কল্পনা কৰা হয়, যাক কামি বোলা হয়। এই কামি সকলো বস্তুতে বিৰাজমান। কামিৰ আৰাধনা ঘৰৰ কামিডানা মঠ,২ পৰিয়ালৰ মঠ আৰু ৰাজহুৱা জিঞ্জা মঠত৩ কৰা হয়। জিঞ্জা মঠত পূজাৰীয়ে সেৱা কৰে। এনে পূজাৰীক কান্নুশ্বি বোলা হয়।৪ তেওঁলোকে মঠৰ কামিজনক খাদ্য আৰু পানীয় যোগান ধৰে। এনে কৰা হয় মানুহ আৰু কামিৰ মাজত সম্প্ৰীতিৰ সৃষ্টি কৰিবলৈ, আৰু কামিৰ আশীষ লাভ কৰিবলৈ। আন আন ৰীতি-নীতি হ'ল কাগুৰা নৃত্য প্ৰদৰ্শন,৫ উত্তৰণৰ আচাৰ আৰু সাময়িক উৎসৱ-পাৰ্বন। ৰাজহুৱা মঠসমূহত বিশ্বাসীৰ বাবে তাবিজ আদিও প্ৰদান কৰা হয়। শ্বিণ্ট'ৰ কোনো বিশেষ নৈতিক বিশ্বাস নাই। কিন্তু ইয়াত পৱিত্ৰতাৰ প্ৰতি বিশেষ গুৰুত্ব আছে, যাৰ নিশ্চিতি ৰীতিগত ধোৱা আৰু স্নান কৰাৰে কৰা হয়।৬ শ্বিণ্ট' ধৰ্মৰ কোনো প্ৰৱৰ্তক নাই আৰু কোনো নিশ্চিত মতবাদো নাই। স্থানভেদে এই ধৰ্মই ভিন্ন ৰূপ লাভ কৰে।
ইতিহাস
যদিও ইতিহাসবিদে এই কথা নিশ্চিতভাৱে ক'ব নোৱাৰে যে কেতিয়া শ্বিণ্ট'ই এটি পৃথক ধৰ্মৰ ৰূপ গ্ৰহণ কৰিলে, এই কথা নিশ্চিত যে খ্ৰীষ্টপূৰ্ব ৩০০ৰ আগে-পাছে য়ায়ই কালত কামিৰ আৰাধনা প্ৰচলিত আছিল।৭ ৩০০ৰ পৰা ৫৩৮ চনৰ কফুন কালত জাপানত বৌদ্ধ ধৰ্মৰ প্ৰৱেশ ঘটিল আৰু এই ধৰ্মৰ ব্যাপকভৱে প্ৰচাৰ-প্ৰসাৰ হ'ল। বৌদ্ধ আৰু শ্বিণ্ট' ধৰ্মৰ সান-মিহলি হৈ এনে পৰ্যায় পালেগৈ যে জাপানী বৌদ্ধ ধৰ্ম আৰু শ্বিণ্ট' ধৰ্মৰ পালনত এটাৰ অবিহনে আনটো কৰা অসম্ভৱ হৈ পৰিল। এই প্ৰক্ৰিয়াক শ্বিনবুৎচু-শ্বুগ' বোলা হয়।৮ কামিসকলক বৌদ্ধ সৃষ্টিতত্ত্বৰ অংশ গণ্য কৰা হ'ল আৰু লাহে লাহে কামিসকলে অৰ্ধ-মানৱৰ ৰূপ ল'লে। কামিৰ আৰাধনাৰ আতাইতকৈ পুৰণি লিখিত উল্লেখ পোৱা যায় অষ্ট শতিকাৰ কজিকি আৰু নিহন শ্ব'কিত। তাৰ পাছৰ শতিকাকেইটাত শ্বিনবুৎচু-শ্বুগ'ক জাপানৰ ৰাজপৰিয়ালে গ্ৰহণ কৰিলে। ১৮৬৮ চনৰ পৰা ১৯১২ চনলৈ বৰ্তিত মেইজি কালত জাপানী জাতীয়তাবাদীয়ে শ্বিণ্ট'ৰ পৰা বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বৰ্জন কৰি ৰাজ্য শ্বিণ্ট'ৰ সৃষ্টি কৰিলে।৯ অনেক ইতিহাসবিদে এই ঘটনাকে শ্বিণ্ট' ধৰ্মৰ পৃথক ধৰ্ম হিচাপে আৰম্ভণি বুলি তৰ্ক প্ৰদান কৰে। শ্বিণ্ট' মঠসমূহত চৰকাৰৰ ৰুচি আৰু হস্তক্ষেপ বৃদ্ধি পালে আৰু জাপানৰ সম্ৰাটকো এজন কামি হিচাপে আৰাধনা কৰিবলৈ জাপানী মানুহক উৎসাহ দিয়া হ'ল। জাপান সাম্ৰাজ্যৰ গঠনৰ লগে লগেই শ্বিণ্ট' ধৰ্ম আন আন পূব এছিয়াৰ দেশলৈয়ো বিয়পিবলৈ ধৰিলে। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ পাছতহে শ্বিণ্ট' ধৰ্মক ৰাজ্যৰ পৰা আনুষ্ঠানিকভাৱে পৃথক কৰা হ'ল।১০
বিশ্বাসী লোক
শ্বিণ্ট' ধৰ্মাৱলম্বী লোকৰ প্ৰায়সংখ্যকেই জাপানত বসবাস কৰে। জাপানত প্ৰায় ১ লাখ ৰাজহুৱা শ্বিণ্ট' মঠ আছে। পিচে জাপানৰ বাহিৰতো শ্বিণ্ট' বিশ্বাসী লোক পোৱা যায়। শ্বিণ্ট' জাপানৰ আতাইতকৈ জনপ্ৰিয় ধৰ্ম, আৰু এই ধৰ্মৰ ঠিক পাছতেই আছে বৌদ্ধ ধৰ্ম। পিচে প্ৰায়সংখ্যক জাপানী মানুহেই শ্বিণ্ট' আৰু বৌদ্ধ ধৰ্মৰ উভয়ৰেই ৰীতি-নীতি পালন কৰে আৰু উৎসৱ আদিত অংশগ্ৰহণ কৰে। এই কাৰ্য পুৰণি জাপানী বিশ্বাসৰ সৈতে খাপ খায় যাৰ মতে কোনো এটি ধৰ্মত বিশ্বাস কৰিলে আন ধৰ্মত বিশ্বাস নকৰা বুজোৱাতো বাধ্যতামূলক নহয়।
তথ্যসূত্ৰ
- ↑ The Cliveland Museum of Art. Asian Odyssey. www.clevelandart.org/sites/default/files/documen
- ↑ Luther College. Kamidana in Meiji Japan Households. www.luther.edu/anthropology/lab-collections/exhi
- ↑ Japan Guide. Shinto Shrines. www.japan-guide.com/e/e2059.html
- ↑ Oxford Reference. Kannushi. www.oxfordreference.com/view/10.1093/oi/authorit
- ↑ Kids Web Japan. Kagura. web-japan.org/kidsweb/meet/kagura/kagura01.html
- ↑ BBC. Purity in Shinto. www.bbc.co.uk/religion/religions/shinto/beliefs/
- ↑ Nippon.com. Kami: The Evolution of Japan’s Native Gods. www.nippon.com/en/in-depth/a02902/
- ↑ New World Encyclopedia. Shinbutsu Shugo. www.newworldencyclopedia.org/entry/Shinbutsu_shu
- ↑ Susumu, S., 島茴進, & Murphy, R. E. (2009). State Shinto in the Lives of the People: The Establishment of Emperor Worship, Modern Nationalism, and Shrine Shinto in Late Meiji. Japanese Journal of Religious Studies, 36(1), 93–124. www.jstor.org/stable/30233855
- ↑ Breen John. “CONVENTIONAL WISDOM” AND THE POLITICS OF SHINTO IN POSTWAR JAPAN." VOL 4 NO 1 (2010): POLITICS AND RELIGION JOURNAL. www.politicsandreligionjournal.com/index.php/prj
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিণ্ট'” প্ৰবন্ধৰ সংশোধন ৪০৩৫৪৭ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।