অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ল'ৰা বেনাণ্টি

ল'ৰা আইলিন বেনাণ্টি (পূৰ্বনাম বিদনোভিচ; জন্ম ১৫ জুলাই, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। বেনাণ্টিয়ে ১৯৯৮ চনত ব্ৰডৱেৰ পুনৰুজ্জীৱিত প্ৰযোজনা দ্য ছাউণ্ড অৱ মিউজিক-ত প্ৰথমে এনছেম্বল সদস্য হিচাপে আৰু পিছত মাৰিয়া ফন ট্ৰাপৰ ভূমিকাত অভিনয় কৰি আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ৩৪৬ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ল'ৰা আইলিন বেনাণ্টি (পূৰ্বনাম বিদনোভিচ; জন্ম ১৫ জুলাই, ১৯৭৯)১ এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।

বেনাণ্টিয়ে ১৯৯৮ চনত ব্ৰডৱেৰ পুনৰুজ্জীৱিত প্ৰযোজনা দ্য ছাউণ্ড অৱ মিউজিক-ত প্ৰথমে এনছেম্বল সদস্য হিচাপে আৰু পিছত মাৰিয়া ফন ট্ৰাপৰ ভূমিকাত অভিনয় কৰি আত্মপ্ৰকাশ কৰে। তেওঁ ২০০৮ চনত পুনৰুজ্জীৱিত জিপ্সি সংগীতনাট্যত লুইজ (জিপ্সি ৰ’জ লী)ৰ ভূমিকাত অভিনয় কৰি শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ টনি বঁটা লাভ কৰে। তেওঁ ছুইং! (২০০০), ইণ্টু দ্য উডছ (২০০২), উইমেন অন দ্য ভাৰ্জ অৱ আ নাৰ্ভাছ ব্ৰেকডাউন (২০১০) আৰু শি লাভছ মি (২০১৬)ত অভিনয়ৰ বাবে টনি বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁৰ আন উল্লেখযোগ্য ব্ৰডৱে অভিনয়সমূহ হৈছে নাইন (২০০৩), ইন দ্য নেক্ষ্ট ৰুম (২০০৯), মিটিঅৰ শাৱাৰ (২০১৭) আৰু মাই ফেয়াৰ লেডি (২০১৮)।

টেলিভিছনত তেওঁ এনবিচি ছিটকম গ’ অন (২০১২–২০১৩)-ত লৰেন বেনেট, এবিচি সংগীতধৰ্মী নাট্যশৃংখলা নাশভিল (২০১৪–২০১৫)-ত সেডি ষ্টোন, চিবিএছ শৃংখলা ছুপাৰগাৰ্ল (২০১৫–২০১৬)-ত আলুৰা আৰু আষ্ট্ৰা, টিবিএছ কমেডি দ্য ডিটুৰ (২০১৭–২০১৯)-ত এডি ৰেণ্ডেল, এইচবিঅ’ মেক্স পুনৰুজ্জীৱিত শৃংখলা গছিপ গাৰ্ল (২০২১–২০২৩)-ত কিকি হোপ আৰু এইচবিঅ’ নাট্যশৃংখলা দ্য গিল্ডেড এজ (২০২৩)-ত সুজান ব্লেইনৰ ভূমিকাত অভিনয় কৰিছে।

২০১৬ চনৰপৰা তেওঁ দ্য লেট শ্ব’ উইথ ষ্টিফেন কলবাৰ্ট অনুষ্ঠানত আমেৰিকাৰ প্ৰথম মহিলা মেলানিয়া ট্ৰাম্পৰ পুনৰাবৃত্ত ভূমিকাত অভিনয় কৰি আহিছে।

ব্যক্তিগত জীৱন

বেনাণ্টিয়ে ২০০০ চনৰ আৰম্ভণিতে স্পিন ডক্টৰ্ছ বেণ্ডৰ মুখ্য গায়ক ক্ৰিছ বেৰনৰ সৈতে চিনাকি হয়। তেওঁলোকে ২৫ জুলাই, ২০০৫ চনত বিবাহ সম্পন্ন কৰে, কিন্তু সেই বছৰৰ শেষলৈকে তেওঁলোকে বিবাহবিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰে,২ যি ২০০৬ চনত চূড়ান্ত হয়। ২০০৫ চনৰ ৱৰ্ল্ড এইডছ ডে উপলক্ষ্যে আয়োজন কৰা “ড্ৰিম কাষ্ট” সংগীতানুষ্ঠানত দ্য ছিক্ৰেট গাৰ্ডেনৰ প্ৰদৰ্শনৰ সময়ত তেওঁ অভিনেতা ষ্টিভেন পাস্কুৱালেৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকে ছেপ্টেম্বৰ ২০০৭ চনত বিবাহ কৰে আৰু জুলাই ২০১৩ চনত পাৰস্পৰিকভাৱে বিবাহবিচ্ছেদৰ বাবে আবেদন জনায়।৩৪

১২ জুন, ২০১৫ চনত তেওঁ পেট্ৰিক ব্ৰাউনৰ সৈতে বাগদান কৰে।৫ তেওঁলোকে ১৫ নৱেম্বৰ, ২০১৫ চনত বিবাহ কৰে।৬ ২০১৭ চনত তেওঁলোকৰ এজনী কন্যা সন্তান, এলা, জন্মগ্ৰহণ কৰে।৭ ২০২২ চনত ছাৰোগেচিৰ জৰিয়তে দ্বিতীয় কন্যা সন্তান, লুইছা, জন্ম লাভ কৰে।৮ ৭ এপ্ৰিল, ২০২৩ চনত বেনাণ্টিয়ে ঘোষণা কৰে যে ব্ৰডৱে-থীমযুক্ত এটা ক্ৰুজ অনুষ্ঠানত মঞ্চত অভিনয় কৰি থকা অৱস্থাত তেওঁ গৰ্ভপাতৰ সন্মুখীন হৈছিল। গৰ্ভপাত হৈ আছে বুলি জানিও তেওঁ অভিনয় অব্যাহত ৰাখিছিল আৰু কৈছিল যে “যদি এইটো আমাৰ প্ৰথম বা দ্বিতীয় ক্ষতি হ’লহেঁতেন, মই সম্ভৱতঃ মঞ্চত উঠিব নোৱাৰিলোহেঁতেন […] কিন্তু দুৰ্ভাগ্যবশতঃ গৰ্ভধাৰণ হেৰুৱাৰ বেদনা আৰু শূন্যতাৰ সৈতে মই অপৰিচিতা নহয়।”৯

তথ্যসূত্ৰ

  1. ↑ (July 15, 2015). Birthday: Laura Benanti
  2. ↑ Brian Scott Lipton. (June 26, 2007). Everything's Coming Up Laura. TheaterMania.com
  3. ↑ "An Off-Broadway Production" Newjerseybride.com, December 17, 2008
  4. ↑ (July 8, 2013). Broadway Stars Laura Benanti & Steven Pasquale to Divorce | Broadway Buzz. Broadway.com
  5. ↑ Gans, Andrew. "Put a Ring On It! Tony Winner Laura Benanti Is Engaged" Playbill.com, June 12, 2015
  6. ↑ Adams, Char. (November 16, 2015). Supergirl's Laura Benanti and Patrick Brown. People.com
  7. ↑ Fierberg, Ruthie. "Laura Benanti Gives Birth to "Beautiful and Healthy" Baby Girl" Playbill, February 14, 2017
  8. ↑ Laura Benanti Welcomes Baby via Surrogate and Shares Photos with Daughter Ella: 'Rainbow Babies'. Peoplemag
  9. ↑ (April 7, 2023). Laura Benanti: Actress says she went on stage while having miscarriage. BBC News

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ল'ৰা বেনাণ্টি” প্ৰবন্ধৰ সংশোধন ৫৮৩৩২৮ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।