অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লে'ভ লাণ্ডাউ

লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।১ তেওঁৰ শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত কোৱাণ্টাম বলবিজ্ঞানৰ ঘনত্ব মেট্ৰিস্ক পদ্ধতিৰ আৱিষ্কাৰ (যুটীয়াভাৱে)২, দ্বিচুম্বকত্বৰ কোৱাণ্টাম বলবিজ্ঞান তত্ত্ব, অতিতাৰল্যৰ তত্ত্ব, দ্বিতীয় মাত্ৰাৰ দশা অৱস্থান্তৰৰ তত্ত্ব, অতিপৰিবাহিতাৰ গিঞ্জবাৰ্গ-লাণ্ডাউ তত্ত্ব, ফাৰ্মি তৰলৰ তত্ত্ব, প্লাজমা পদাৰ্থ বিজ্ঞানত লাণ্ডাউ ডেম্পিংৰ বিৱৰণ, কোৱাণ্টাম ত্বৰিৎবলবিজ্ঞানৰ লাণ্ডাউ মেৰু আৱিষ্কাৰ, নিউট্ৰিন'ৰ দ্বি-উপাদান তত্ত্ব আদি উল্লেখযোগ্য।৩ অতিতাৰল্যৰ এক গাণিতিক তত্ত্ব বিকাশৰ বাবে তেওঁ ১৯৬২ চনত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। এই তত্ত্ব অনুসৰি ২.১৭ কেলভিন তাপমাত্ৰাৰ তলত তৰল হিলিয়াম ২-ৰ আচৰণক বুজিব পৰা যায়।৪

অতিৰিক্ত পঠন

গ্ৰন্থ

  • Dorozynski, Alexander. (1965). The Man They Wouldn't Let Die. Secker and Warburg (After Landau's 1962 car accident, the physics community around him rallied to attempt to save his life. They managed to prolong his life until 1968.)
  • Janouch, Frantisek. (1979). Lev D. Landau: His life and work. CERN
  • Khalatnikov, I. M. (1989). Landau. The physicist and the man. Recollections of L. D. Landau. Pergamon Press. ISBN 0-08-036383-0
  • Kojevnikov, Alexei B. (2004). Stalin's Great Science: The Times and Adventures of Soviet Physicists. History of Modern Physical Sciences. Imperial College Press. ISBN 1-86094-420-5
  • Landau-Drobantseva, Kora. (1999). Professor Landau: How We Lived. AST. ISBN 5-8159-0019-2
  • Shifman. (2013). Under the Spell of Landau: When Theoretical Physics was Shaping Destinies. World Scientific. ISBN 978-981-4436-56-4

প্ৰবন্ধ

তথ্যসূত্ৰ

  1. ↑ Rosen, Joe. Encyclopedia of Physics. Facts on File. পৃ. 177
  2. ↑ Schlüter, Michael; Lu Jeu Sham. (1982). Density functional theory. Physics Today. পৃ. 36
  3. ↑ Shifman. (2013). Under the Spell of Landau: When Theoretical Physics was Shaping Destinies. World Scientific. ISBN 978-981-4436-56-4
  4. ↑ Kapitza, P. L.; Lifshitz, E. M. (1969). Lev Davydovitch Landau 1908–1968. Biographical Memoirs of Fellows of the Royal Society. পৃ. 140–158

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীৰয়েল ছ'ছাইটিৰ বিদেশী সদস্যপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লে'ভ লাণ্ডাউ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৪৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।