অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুচি চাও

লুচি চাও (ইংৰাজী: Lucy Chao; জন্ম: ৯ মে', ১৯১২ – ১ জানুৱাৰী, ১৯৯৮), যাক চীনত ঝাও লুঅ'ৰুই নামেৰে জনা যায়, এগৰাকী বিশিষ্ট চীনা কবি আৰু অনুবাদক আছিল। তেওঁ বিশেষকৈ ইংৰাজী সাহিত্যৰ কালজয়ী ৰচনাসমূহ চীনা ভাষালৈ অনুবাদ কৰাৰ বাবে বিখ্যাত।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লুচি চাও (ইংৰাজী ভাষা: Lucy Chao; জন্ম: ৯ মে', ১৯১২ – ১ জানুৱাৰী, ১৯৯৮), যাক চীনত ঝাও লুঅ'ৰুই নামেৰে জনা যায়, এগৰাকী বিশিষ্ট চীনা ভাষা কবি আৰু অনুবাদক আছিল। তেওঁ বিশেষকৈ ইংৰাজী ভাষা সাহিত্যৰ কালজয়ী ৰচনাসমূহ চীনা ভাষালৈ অনুবাদ কৰাৰ বাবে বিখ্যাত।

জীৱনী

লুচি চাওৰ জন্ম ১৯১২ চনৰ ৯ মে'ত চীনৰ ঝেজিয়াং প্ৰদেশৰ ডেকুয়াং কাউণ্টিৰ জিন্সিত হৈছিল।১

১৯৩২ চনত তেওঁ এজন নৃবিজ্ঞানী তথা অৰাকল বোন (oracle bones) বিশেষজ্ঞ চেন মেংজিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২ ১৯৪৪ চনত চাও আৰু চেনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ৰকফেলাৰ ফাউণ্ডেচনে এক যুটীয়া ফেল’শ্বিপ প্ৰদান কৰে।৩ ১৯৪৮ চনত হেনৰী জেমছৰ ওপৰত কৰা গৱেষণা পত্ৰৰ বাবে চাওৱে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।৪৫ ইয়াৰ পিছত তেওঁ চীনলৈ উভতি আহে আৰু বেইজিঙৰ ইয়েনচিং বিশ্ববিদ্যালয়ত ইংৰাজী আৰু উত্তৰ আমেৰিকান সাহিত্যৰ অধ্যাপনা কৰে।২

চাওৰ স্বামী চেনে ১৯৫০ চনত চীনা লিপি সৰলীকৰণৰ চৰকাৰী প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল আৰু যাৰ বাবে তেওঁক 'দক্ষিণপন্থী' তথা কমিউনিষ্ট পাৰ্টিৰ শত্ৰু বুলি অভিহিত কৰা হৈছিল। ১৯৫৭ চনত তেওঁক এটা শ্ৰম শিবিৰলৈ প্ৰেৰণ কৰা হয়।৬ উভতি অহাৰ পিছত তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয় আৰু সাংস্কৃতিক বিপ্লৱৰ সময়ত নিন্দা তথা নিৰ্যাতনৰ বলি হৈ তেওঁ আত্মহত্যা কৰে।৭

চেনৰ মৃত্যুৰ পিছত চাও স্কিজ’ফ্ৰেনিয়া (schizophrenia) ৰোগত আক্ৰান্ত হয়। ইয়াৰ স্বত্বেও তেওঁ ৱাল্ট হুইটমেনৰ লীভছ অৱ গ্ৰাছৰ (Leaves of Grass) প্ৰথমটো সম্পূৰ্ণ চীনা অনুবাদ সম্পূৰ্ণ কৰে, যিটো ১৯৯১ চনত প্ৰকাশ পাইছিল।৮ সেই একে বছৰতে তেওঁক চিকাগো বিশ্ববিদ্যালয়ৰ "প্ৰফেচনেল এচিভমেণ্ট এৱাৰ্ড" প্ৰদান কৰা হয়।৪

সাহিত্যকৰ্ম

লুচি চাওৱে ১৯৩৭ চনত টি. এছ. এলিয়টৰ প্ৰখ্যাত কবিতা দ্য ৱেষ্ট লেণ্ড চীনা ভাষালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও তেওঁ লংফেল’ৰ দ্য চং অৱ হায়াৱাথা আৰু ১৯৯১ চনত ৱাল্ট হুইটমেনৰ লীভছ অৱ গ্ৰাছৰ অনুবাদ কৰে। তেওঁ ১৯৭৯ চনত প্ৰকাশিত চীনৰ প্ৰথমখন 'ইউৰোপীয় সাহিত্যৰ ইতিহাস'ৰ সহ-সম্পাদিকা আছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2018-05-09). 赵萝蕤,记住这个翻译家的名字,不要念错了. 谈资有营养
  2. ↑ (2019-05-09). 赵萝蕤小传:历经磨难、精神分裂的民国才女,翻译出不朽名作. 万象历史
  3. ↑ Hessler, 2007, p. 245
  4. ↑ Wu, 2007
  5. ↑ Wu & Li, 1993, p. 13
  6. ↑ Hessler, 2007, p. 432
  7. ↑ Hessler, 2007, p. 224
  8. ↑ Hessler, 2007, p. 454

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুচি চাও” প্ৰবন্ধৰ সংশোধন ৫৯১১৪৩ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।