লাৰিছা পিং লিউ (ইংৰাজী: Larissa Ping Liew; জন্ম: ১৮ মাৰ্চ ১৯৯৯) এগৰাকী মালয়েছিয়ান মডেল, ফেশ্বন ব্লগাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৮ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।১
ব্যক্তিগত জীৱন
লাৰিছাৰ জন্ম আৰু শৈশৱ কুচিং, চাৰাৱাকত অতিবাহিত হৈছিল। তেওঁৰ পিতৃ এজন মালয়েছিয়ান চীনামূলীয় ব্যক্তি আৰু ৰাজ্যখনৰ ৰাজধানী চহৰৰ বাসিন্দা; আনহাতে তেওঁৰ মাতৃ মিৰিৰ এগৰাকী কেনিয়াহ জনগোষ্ঠীৰ মহিলা। এইটো এটা খিলঞ্জীয়া জনজাতি যি 'ওৰাং উলু' গোটৰ অন্তৰ্ভুক্ত।২ তেওঁ ইংৰাজীৰ লগতে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ভাষা (বিশেষকৈ চাৰাৱাকিয়ান উপভাষা) সাৱলীলভাৱে ক’ব পাৰে।৩
তেওঁ কুচিঙৰ চেইণ্ট যোচেফ প্ৰাইভেট স্কুলত মাধ্যমিক শিক্ষা লাভ কৰিছিল আৰু এছপিএম পৰীক্ষাত সকলো বিষয়তে 'এ' গ্ৰেড লাভ কৰিছিল। তেওঁ 'হেল্প ইউনিভাৰ্ছিটী'ৰপৰা কলা শাখাৰ ফাউণ্ডেশ্যন পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।৪৫ তেওঁক তেওঁৰ ফাউণ্ডেশ্যন প্ৰগ্ৰেমৰ বাবে ২০,০০০ মালয়েছিয়ান ৰিংগিটৰ ১০০% 'স্কুল এচিভাৰ স্কলাৰশ্বিপ এৱাৰ্ড' প্ৰদান কৰা হৈছিল। ২০১৮ চনত তেওঁ ৮টা 'হাই ডিষ্টিংচন' আৰু ৫টা 'ডিষ্টিংচন'সহ এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।৫
২০২৩ চনত লাৰিছাই মালয় বিশ্ববিদ্যালয়ৰপৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।৬৭
সৌন্দৰ্য প্ৰতিযোগিতা
কেলিগিট ওৰাং উলু মিৰি ২০১৮
২০১৮ চনৰ মে' মাহত মিৰি ডিভিজনৰ বাবে অনুষ্ঠিত 'কেলিগিট ওৰাং উলু' প্ৰতিযোগিতাত লাৰিছা বিজয়ী হিচাপে নিৰ্বাচিত হয়। গৱাই দায়াক উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়।৮
মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৮
২০১৮ চনৰ ৮ ছেপ্টেম্বৰত চাৰাৱাকৰ 'বোৰ্নিঅ' কনভেনচন চেণ্টাৰ কুচিং'ত অনুষ্ঠিত প্ৰতিযোগিতাত লাৰিছাই মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৮ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি তেওঁ 'মিছ টেলেণ্ট' আৰু 'মিছ ফটোজেনিক' বঁটাও লাভ কৰে। তেওঁ মিছ ৱৰ্ল্ড মালয়েছিয়া ২০১৬ শ্বেতা ছেখোনৰ উত্তৰাধিকাৰী হয়।৯
মিছ ৱৰ্ল্ড ২০১৮
এবছৰৰ বিৰতিৰ পিছত লাৰিছাই ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰতিযোগিতাখনৰ শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কোৱাৰ্টাৰ ফাইনেলিষ্ট হোৱাৰ উপৰি তেওঁ প্ৰতিযোগিতাৰ সপ্তাহত অনুষ্ঠিত হোৱা কেইবাটাও শিতানত স্থান লাভ কৰিছিল:১০
- ৰাউণ্ড ১ আৰু ২ ত 'হেড টু হেড চেলেঞ্জ'ৰ বিজয়ী
- 'মিছ ৱৰ্ল্ড টেলেণ্ট'ত চতুৰ্থ ৰানাৰ্ছ-আপ
- 'শ্ৰেষ্ঠ ডিজাইনাৰ বঁটা'ত শীৰ্ষ ৫ গৰাকীৰ ভিতৰত স্থান
- 'বিউটি উইথ এ পাৰপাজ' শিতানত শীৰ্ষ ১২ গৰাকীৰ ভিতৰত স্থান
- 'মাল্টিমিডিয়া এৱাৰ্ড'ত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান
- ছুইমচুট মিউজিক ভিডিঅ'ত শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান
- 'মিছ ৱৰ্ল্ড টপ মডেল'ত শীৰ্ষ ৩২ গৰাকীৰ ভিতৰত স্থান
তথ্যসূত্ৰ
- ↑ Sarawak's Larissa Ping is Miss World Malaysia 2018. The Nation (Thailand). The Nation
- ↑ Jeremy Veno. (2 September 2018). Up close and personal with local beauties. The Borneo Post
- ↑ (6 January 2015). Larissa Ping Ask FM. Ask FM
- ↑ (15 December 2013). St Joseph's School Band Concert. St Joseph's Family of Schools, Kuching
- ↑ ACHIEVERS IN Foundation Studies. HELP University
- ↑ Fairul Asmaini Mohd Pilus. (4 September 2019). Ratu cantik 'mendaftar' di UM. Harian Metro
- ↑ Christina Thomas-Mamora. (29 October 2023). Beauty and charity: A winning combo. The Borneo Post
- ↑ (21 May 2018). Emillia Edwin, Eyvonny Lawai, Larissa Ping Liew win Gawai Dayak pageant titles. The Borneo Post
- ↑ Miss World Malaysia 2018 Charity Gala and Coronation Night. sarawaktourism.com. Sarawak Tourism
- ↑ (30 November 2018). Miss World Malaysia 2018 Places In The Top 30 At The Miss World 2018!. Hitz
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৰিছা পিং” প্ৰবন্ধৰ সংশোধন ৬০২৬৯২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।