লানা থেৰেছ কণ্ডৰ (ইংৰাজী ভাষা: Lana Therese Condor; জন্ম: ট্ৰান ডং লান; ১১ মে', ১৯৯৭)১২৩ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু ইউটিউবাৰ। তেওঁ ছুপাৰহিৰো ছবি এক্স-মেন: এপ’কেলিপ্স (২০১৬)-ত জুবিলীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল আৰু ৰোমাণ্টিক কমেডী ছবি শৃংখলা টু অল দ্য বয়জ (২০১৮–২০২১)-ত লাৰা জিন কভিৰ চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ টেলিভিছন ধাৰাবাহিক ডেডলী ক্লাছত চায়া কুৰোকি আৰু এলিটা: বেটল এঞ্জেল (দুয়োখন ২০১৯) ছবিত কয়োমিৰ চৰিত্ৰত অভিনয় কৰিছে আৰু এনিমেটেড কিশোৰ কমেডী ছবি ৰুবী গিলামেন, টিনেজ ক্ৰেকেন (২০২৩)-ত নামধামৰ চৰিত্ৰটোত কণ্ঠদান কৰিছে।
প্ৰাৰম্ভিক জীৱন
ভিয়েটনামত জন্মগ্ৰহণ কৰা কণ্ডৰে জীৱনৰ প্ৰথম কেইমাহমান কান থোৰ এটা অনাথ আশ্ৰমত ট্ৰান ডং লান নামেৰে অতিবাহিত কৰিছিল।৪ ১৯৯৭ চনৰ ৬ অক্টোবৰত তেওঁক চিকাগোৰ আমেৰিকান দম্পতী মেৰী কেৰল কণ্ডৰ (পূৰ্বতে হাউবোল্ড) (মৃত্যু জুলাই ২০২৪) ৫ আৰু বব কণ্ডৰে তুলি লয় আৰু তেওঁৰ নতুন নামকৰণ কৰে।৬ কণ্ডৰৰ আৰ্থাৰ নামৰ এজন ককায়েক আছে, যি তেওঁতকৈ তিনি মাহ ডাঙৰ আৰু তেওঁকো একেটা অনাথ আশ্ৰমৰপৰাই তুলি লোৱা হৈছিল।১৭ কণ্ডৰ আৰু তেওঁৰ পৰিয়ালে ৱাশ্বিংটনৰ হুইডবে আইলেণ্ড৮ আৰু নিউয়ৰ্ক চিটীত বাস কৰিছিল।৯
কণ্ডৰে সৰুতে বেলে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু হুইডবে আইলেণ্ড ডান্স থিয়েটাৰ, জফ্ৰী বেলে, দ্য ৰক স্কুল ফৰ ডান্স এডুকেচন আৰু আলভিন আইলী আমেৰিকান ডান্স থিয়েটাৰত প্ৰশিক্ষণ লৈছিল।১০ তেওঁ লছ এঞ্জেলছ বেলেৰ সৈতেও নৃত্য অব্যাহত ৰাখিছিল১১ আৰু লগতে দ্য গ্ৰাউণ্ডলিংছত ইম্প্ৰোভাইজেচনেল থিয়েটাৰৰ প্ৰশিক্ষণ লৈছিল। তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমী আৰু য়েল চামাৰ কনজাৰভেটৰী ফৰ এক্টৰ্ছত অভিনয় অধ্যয়ন কৰিছিল৬ আৰু ২০১৪ চনত কেলিফৰ্ণিয়া ষ্টেট চামাৰ স্কুল ফৰ দ্য আৰ্টছত এগৰাকী থিয়েটাৰ স্কলাৰ আছিল।১২ হাইস্কুলৰ প্ৰথম বৰ্ষত তেওঁ নিউয়ৰ্ক চিটীৰ প্ৰফেচনেল পাৰফৰ্মিং আৰ্টছ স্কুলত অধ্যয়ন কৰিছিল আৰু ২০১৫ চনত লছ এঞ্জেলছৰ নট্ৰে ডেম একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।১১ ২০১৬ চনত তেওঁ লয়োলা মেৰিমাউণ্ট ইউনিভাৰ্চিটিত ভৰ্তি হ’বলৈ সুযোগ লাভ কৰিছিল যদিও অভিনয়ৰ কেৰিয়াৰ আগবঢ়াই নিবলৈ ইয়াক স্থগিত ৰখাৰ সিদ্ধান্ত লয়।১৩
ব্যক্তিগত জীৱন
২০১৫ চনৰ আগষ্ট মাহত এটা এমি এৱাৰ্ডছ পাৰ্টিত লগ পোৱাৰ অলপ পাছতেই কণ্ডৰে অভিনেতা এণ্টনি ডি লা টৰেৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে।১৪ ২০২০ চনৰ তথ্য অনুসৰি তেওঁলোকে ছিয়াটলত একেলগে বাস কৰিছিল।১৫ ২০২১ চনৰ ডিচেম্বৰ মাহত মেক্সিকোত ছুটি কটাই থকাৰ সময়তে তেওঁলোকৰ বাগদান সম্পন্ন হয়১৬ আৰু ২০২৪ চনত কেলিফৰ্ণিয়াৰ মালিবুত এক ব্যক্তিগত অনুষ্ঠানৰ জৰিয়তে তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১৭১৮
তথ্যসূত্ৰ
- ↑ Condor, Bob. (December 21, 1997). Journey Of The Heart: How One Couple's Dream Of Having A Family Finally Came True. Chicago Tribune
- ↑ Condor, Lana. (May 11, 2015). It's my Bday!
- ↑ Schwartz, Dana. (August 20, 2018). Don't worry, To All the Boys star Lana Condor is Team Peter. Entertainment Weekly
- ↑ Bergado, Gabe. (August 15, 2018). Lana Condor on Why She Had to Have the Role of Lara Jean in To All the Boys I've Loved Before and Playing an Asian American Lead. Teen Vogue
- ↑ Mazzeo, Esme. (2024-07-28). Lana Condor Shares Emotional Tribute to Her Mother Days After Her Death: ‘I Miss You with My Whole Soul’. People.com
- ↑ Chang, Kee. (November 7, 2015). Screen Test: Lana Condor. Anthem
- ↑ Bell, Carrie. (May 24, 2016). Young Mutant Power: Meet X-Men: Apocalypse's Alexandra Shipp & Lana Condor. Refinery29
- ↑ (February 11, 2021). 'To All The Boys' star Lana Condor says farewell to Lara Jean. king5.com
- ↑ Weik, Taylor. (August 31, 2017). In To All the Boys I've Loved Before, Lana Condor Is the Rom-Com Star She's Always Wanted. NBC News
- ↑ Aldana, Ida. (May 10, 2016). Lana Condor: New Flame. Status
- ↑ Johnson-Hoyle, Kristopher. (April 26, 2016). Breakout Star of X-Men Apocalypse: Lana Condor. Raine
- ↑ (May 20, 2014). California State Summer School for the Arts: California Art Scholars 2014!. Ovation
- ↑ Zemler, Emily. (February 23, 2016). Meet Lana Condor, X-Men's Newest Star. Paper
- ↑ Jung, Helin. (February 5, 2019). To All the Boys I've Loved Before Star Lana Condor Covers Our March Issue and Talks Fame, Naked Saunas, and Her IRL True Love (Sorry, Noah). Cosmopolitan
- ↑ Bergado, Gabe. (January 14, 2020). Lana Condor Invites Us Home. Yahoo!
- ↑ Bird, Hannah. (January 29, 2022). To All the Boys' Lana Condor announces engagement. Digital Spy
- ↑ Macon, Alexandra. (November 1, 2024). Lana Condor and Anthony De La Torre Married in an Intimate Ceremony on Top of the Malibu Mountains—And Then Got Matching Tattoos the Next Day. Vogue
- ↑ Clark, Erin; Vasquez, Ingrid. (November 1, 2024). Lana Condor Marries Anthony De La Torre in Intimate Malibu Ceremony. People
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লানা কণ্ডৰ” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৯১ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।