জ'হানেছ গুটন্বাৰ্গ, সম্পূৰ্ণ নাম Johannes Gensfleisch zur Laden zum Gutenberg ( আনুমানিক ১৩৯৮ – ৩ ফেব্ৰুৱাৰী, ১৪৬৮) এজন জাৰ্মান কমাৰ, সোণাৰী, মুদ্ৰক আৰু প্ৰকাশক আছিল। তেৱেঁই ইউৰোপত মুদ্ৰণৰ আৰম্ভণি কৰিছিল। ইউৰোপত তেওঁৰ যান্ত্ৰিক ছপা কৌশলে এক ছপা বিপ্লৱৰ সূচনা কৰে আৰু এই ঘটনাক আধুনিক যুগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হয়।১ ই নৱজাগৰণ, প্ৰটেষ্টাণ্ট ধৰ্মসংস্কাৰ, আলোকিত যুগ আৰু বৈজ্ঞানিক বিপ্লৱত এক মুখ্য ভূমিকা লৈছিল। লগতে আধুনিক জ্ঞান-ভিত্তিক অৰ্থনীতি আৰু ৰাইজৰ মাজত শিক্ষা প্ৰসাৰতো ছপাশালৰ আগমণে অন্যতম ভূমিকা লয়।২
১৪৩৯ চনত ইউৰোপত ছপাশাল ব্যৱহাৰ কৰা গুটন্বাৰ্গ আছিল প্ৰথম ইউৰোপীয় ব্যক্তি। ছপা জগতলৈ তেওঁৰ প্ৰধান অৱদানসমূহ হৈছে: movable type-ৰ সৰহীয়া উৎপাদনৰ বাবে কৌশল উদ্ভাৱন; কিতাপ ছপাবৰ বাবে তেল-ভিত্তিক চিয়াঁহী ব্যৱহাৰ;৩ সলাব পৰা গাঁথনি;৪ যান্ত্ৰিক movable type; আৰু সেই সময়ত খেতিত ব্যৱহৃত স্ক্ৰু শালৰ দৰে কাঠৰ ছপাশালৰ ব্যৱহাৰ।৫ তেওঁৰ সকলোতকৈ গুৰুত্বপূৰ্ণ উদ্ভাৱন আছিল এইবোৰৰ ব্যৱহাৰেৰে এনে এক প্ৰণালীৰ সজ্জা যাৰ ফলত কিতাপৰ সৰহীয়া ছপা সহজ হৈ পৰিছিল। ইয়াৰ ফলত প্ৰকাশক আৰু পঢ়ুৱৈৰ ধন ৰাহী হৈছিল।
ইউৰোপৰ নৱজাগৰণত যান্ত্ৰিক ছপাশালৰ আগমণে জনসংযোগৰ যুগৰ সূত্ৰপাত ঘটায় যি স্থায়ীভাৱে সমাজৰ গঠন সলাই দিয়ে। ৰাইজৰ মাজত তথ্যৰ বাধাহীন বিতৰণে ৰাজনৈতিক আৰু ধাৰ্মিক সংস্থাৰ ওপৰত প্ৰশ্ন তোলে, সাক্ষৰতাৰ বৃদ্ধিয়ে শিক্ষাৰ ক্ষেত্ৰত উচ্চশিক্ষিতসকলৰ প্ৰভাৱ হ্ৰাস কৰে আৰু মধ্যবিত্তসকলৰ উত্থানত সহায় কৰে।
তেওঁ ছপাই উলিওৱা গুটন্বাৰ্গ বাইবেল ইয়াৰ শৈল্পিক আৰু কাৰিকৰী মানৰ বাবে উচ্চ প্ৰশংসিত।
উৎস
- Childress, Diana. (2008). Johannes Gutenberg and the Printing Press. Twenty-First Century Books. ISBN 978-0-7613-4024-9
- Duchesne, Ricardo. (2006). Asia First?. The Journal of the Historical Society. পৃ. 69–91
- Juchhoff, Rudolf. (1950). Was bleibt von den holländischen Ansprüchen auf die Erfindung der Typographie?. Gutenberg-Jahrbuch. পৃ. 128–133
- Wolf, Hans-Jürgen. (1974). Geschichte der Druckpressen. Interprint
অতিৰিক্ত পঠন
- Blake Morrison, The Justification of Johann Gutenberg (2000) [Novel, describing social & technical aspects of the invention of printing]
- Albert Kapr, Johann Gutenberg: the Man and his Invention. Translated from the German by Douglas Martin, Scolar Press, 1996. "Third ed., revised by the author for...the English translation'''.
- Eisenstein, Elizabeth. (1980). The Printing Press as an Agent of Change. Cambridge University Press. ISBN 0-521-29955-1
- Eisenstein, Elizabeth. (2005). The Printing Revolution in Early Modern Europe. Cambridge University Press. ISBN 0-521-60774-4 [More recent, abridged version]
- Febvre, Lucien; Martin, Henri-Jean. (1997). The Coming of the Book: The Impact of Printing 1450–1800. Verso. ISBN 1-85984-108-2
- Man, John. (2002). The Gutenberg Revolution: The Story of a Genius and an Invention that Changed the World. Headline Review. ISBN 978-0-7472-4504-9
- McLuhan, Marshall. (1962). The Gutenberg Galaxy: The Making of Typographic Man. University of Toronto Press. ISBN 978-0-8020-6041-9
বাহ্যিক সংযোগ
- English homepage of the Gutenberg-Museum Mainz, Germany.
- The Digital Gutenberg Project: the Gutenberg Bible in 1,300 digital images, every page of the University of Texas at Austin copy.
- Treasures in Full – Gutenberg Bible View the British Library's Digital Versions Online
তথ্যসূত্ৰ
- ↑ See People of the Millenium for an overview of the wide acclaim. In 1999, the A&E Network ranked Gutenberg no. 1 on their "People of the Millennium" countdown . In 1997, Time–Life magazine picked Gutenberg's invention as the most important of the second millennium; the same did four prominent US journalists in their 1998 resume 1,000 Years, 1,000 People: Ranking The Men and Women Who Shaped The Millennium . The Johann Gutenberg entry of the Catholic Encyclopedia describes his invention as having made a practically unparalleled cultural impact in the Christian era
- ↑ McLuhan 1962; Eisenstein 1980; Febvre Martin 1997; Man 2002
- ↑ Soap, Sex, and Cigarettes: A Cultural History of American Advertising By Juliann Sivulka, page 5
- ↑ www.fonts.com/content/learning/fontology/level-4
- ↑ www.livescience.com/2569-gutenberg-changed-world
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়'হানেছ গুটন্বাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।