য়'ক' টাৱাডা (多和田葉子 Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা এগৰাকী জাপানী লেখক। তেওঁ জাপানী আৰু জাৰ্মান দুয়োটা ভাষাতে লিখে। টাৱাডাই তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুতাগাৱা বঁটা, তানিজাকি বঁটা, নমা সাহিত্য বঁটা, আইযুমি কিয়ুকা পুৰস্কাৰ, নতুন লেখকৰ বাবে প্ৰদান কৰা গুঞ্জ পুৰস্কাৰ, গয়েথ মেডেল, ক্লিষ্ট পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা আদি অসংখ্য উল্লেখযোগ্য জাপানী সাহিত্য বঁটা লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
টাৱাডাৰ জন্ম ট’কিঅ’ৰ নাকানোত হৈছিল।১ তেওঁৰ দেউতাক এজন অনুবাদক আৰু কিতাপ বিক্ৰেতা আছিল।২ টাৱাডাই ট’কিঅ’ৰ মেট্ৰপলিটান টাচিকাৱা হাইস্কুলত পঢ়িছিল।৩ তাৰপিছত ১৯৮২ চনত ৰাছিয়ান সাহিত্যত মেজৰ লৈ তেওঁ ৱাচেদা বিশ্ববিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। স্নাতক পৰীক্ষা পাছ কৰি টাৱাডা জাৰ্মানীৰ হামবুৰ্গলৈ যায় আৰু তাত দেউতাকক কিতাপ বিতৰণ ব্যৱসায়ৰ কামত সহায় কৰে।৪ ব্যৱসায়ত লাগি থকাৰ মাজতে তেওঁ হামবুৰ্গ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে আৰু একাণপতীয়াকৈ পঢ়া-শুনাত লাগিবলৈ ব্যাৱসায় ত্যাগ কৰে। ১৯৯০ চনত এই বিশ্ববিদ্যালয়পৰাই তেওঁ সমসাময়িক জাৰ্মান সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫ ২০০০ চনত তেওঁ জুৰিখ বিশ্ববিদ্যালয়ৰ পৰা জাৰ্মান সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে, য’ত তেওঁৰ গৱেষণা উপদেষ্টা চিগ্ৰিড ৱেইগেলক শিক্ষক ৰূপে নিযুক্তি দিয়া হয়।৬৭ ২০০৬ চনত টাৱাদা বাৰ্লিনলৈ যায় আৰু তাতে নিগাজীকৈ থাকিবলৈ লয়।৮
কৰ্মজীৱন
১৯৮৭ চনত জাৰ্মান আৰু জাপানী ভাষাৰ দ্বিভাষিক কবিতা সংকলন এটি প্ৰকাশৰ পিছতে টাৱাডাৰ লেখক জীৱন আৰম্ভ হৈছিল। তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস ‘মিচিং হিলচ্’ৰ বাবে ১৯৯১ চনত নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা লাভ কৰিছিল।৬ ১৯৯৩ চনত তেওঁক ইনো মোক ইৰি উপন্যাসৰ বাবে আকুটাগৱা বঁটা প্ৰদান কৰা হয়।৯ ১৯৯৩ চনত লেচিং প্ৰাইজ স্কলাৰশ্বিপ অৰ্জন কৰি টাৱাডাই জাপানৰ বাহিৰৰ প্ৰথমটো স্বীকৃতি পায়।১০ তেওঁৰ কিতাপ ইংৰাজীকে ধৰি কেইবাটাও আন্তৰ্জাতিক ভাষালৈ অনুবাদ হৈছে।
লেখনশৈলী
বিদেশী ভাষাৰ পঢ়ুৱৈ এজনৰ দৃষ্টিকোণেৰে চাই ক’ব পাৰি, টাৱাদাৰ লেখনিয়ে ভাষাৰ ৰহস্যময়তা বা সেই ভাষাৰ বিচিত্ৰ শব্দবোৰক ধৰি ৰাখিবলৈ সক্ষম হৈছে।১১১২ তেওঁৰ লেখা পঢ়িলে ভাষাৰ কালিকা শক্তিক উপলব্ধি কৰিব পাৰি। দৈনন্দিন জীৱনত অনুবাদৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ তেওঁ তেওঁৰ লিখনিত অপ্ৰত্যাশিত শব্দ, বৰ্ণমালা আৰু জটুৱা ঠাঁচৰ ব্যৱহাৰ কৰিছে।১৩ তেওঁ কৈছে যে, ভাষা প্ৰাকৃতিক নহয়, ই কৃটিম আৰু যাদুকৰী।১৪ টাৱাডাই তেওঁৰ লেখাৰ অনুবাদকসকলক অনুবাদ কৰোঁতে তেওঁ ব্যৱহাৰ কৰা শব্দৰ ঠাইত তেওঁলোকৰ নিজৰ ভাষাৰ শব্দ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে।১৫
স্বীকৃতি
- ১৯৯১ চনত গুঞ্জ প্ৰাইজ ফৰ নিউ ৰাইটাইৰ্চ৬
- ১৯৯৩ চনত ‘দ্য ব্ৰাইডগ্ৰুম ৱাজ আ ডগ’ৰ বাবে আকুটাগৱা বঁটা৯
- ১৯৯৩ চনত লেচিং প্ৰাইজ স্কলাৰশ্বিপ১০
- ১৯৯৬ চনত এডেলবাৰ্ট ভন চেমিস্’ প্ৰাইজ১৬
- ২০০০ চনত আইযুমি কিয়ুকা প্ৰাইজ ফৰ লিটাৰেচাৰ১৭
- ২০০৩ চনত চেই ইট’ লিটাৰেচাৰ প্ৰাইজ১৮১৯
- ২০০৩ চনত ‘চাচপেক্ট অন দ্য নাইট ট্ৰেইন’ৰ বাবে তানাজাকি প্ৰাইজ২০
- ২০০৫ চনত গয়েথ মেডেল২১
- ২০১১ চনত নমা লিটাৰেৰী প্ৰাইজ২২
- ২০১২ চনত য়মিউৰি প্ৰাইজ২৩
- ২০১৬ চনত ক্লিষ্ট প্ৰাইজ২৪
- ২০১৭ চনত ৱাৰৱিক প্ৰাইজ ফৰ ৱুমেন ইন ট্ৰেন্সলেচন
- ২০১৮ চনত কাৰ্ল ঝুকমেয়ৰ মেডেল২৫
- ২০১৮ চনত অনুবাদৰ বাবে নেচনেল বুক এৱাৰ্ড (দ্য লাষ্ট চিলড্ৰেন অৱ ট’কিঅ’]]২৬
- ২০১৯ চনত অসাহী প্ৰাইজ২৭
- ২০২২ চনত লণ্ডনৰপৰা ডক্টৰেট ডিগ্ৰী২৮
- ২০২৩ দ্য লাষ্ট চিলড্ৰেন অফ ট’কিঅ’ৰ বাবে প্ৰিক্স ফ্ৰেগ’নাৰ্ড বঁটা২৯
তথ্যসূত্ৰ
- ↑ リーディングパフォーマンス 雲をつかむ言/雲を飛ばす音
- ↑ Galchen, Rivka. (October 27, 2016). Imagine That: The Profound Empathy of Yoko Tawada. The New York Times Magazine
- ↑ (December 3, 2009). 第二回 早稲田大学坪内逍遙大賞 多和田 葉子氏に決定!. Waseda University
- ↑ (2003-09-12). The Bridegroom Was a Dog by Yoko Tawada, translated by Margaret Mitsutani + Author Interview (in AsianWeek) · BookDragon. Smithsonian Asian Pacific American Center: BookDragon
- ↑ Itakura, Kimie. (October 28, 2001). Double Wordplay. Asahi Shimbun
- ↑ Brandt, Bettina. (2006). Women in German Yearbook: Feminist Studies in German Literature and Culture. University of Nebraska Press. পৃ. 1–15. ISBN 978-0-8032-9859-0
- ↑ Tawada, Yōko. (1998). Spielzeug und Sprachmagie in der europäischen Literatur: eine ethnologische Poetologie. University of Zurich
- ↑ (8 September 2011). Yoko Tawada. New Directions Publishing
- ↑ Porter, Michael. (January 31, 1999). Never Marry A Dog. The New York Times
- ↑ Yoko Tawada: zur Person. University of Hamburg
- ↑ Kim, John Namjun. (2010). Ethnic Irony: The Poetic Parabasis of the Promiscuous Personal Pronoun in Yoko Tawada's "Eine leere Flasche" (A Vacuous Flask). The German Quarterly. পৃ. 333–352
- ↑ Stoehr, Ingo Roland. (2011). German Literature of the Twentieth Century: From Aestheticism to Postmodernism. Boydell & Brewer. পৃ. 456. ISBN 978-1-57113-157-7
- ↑ Maurer, Kathrin. (2016). Translating Catastrophes: Yoko Tawada's Poetic Responses to the 2011 Tōhoku Earthquake, the Tsunami, and Fukushima. New German Critique. পৃ. 171–194
- ↑ Totten, Monika. (1999). Writing in Two Languages: A Conversation with Yoko Tawada. Harvard Review. পৃ. 93–100
- ↑ Sobelle, Stephanie. (November 9, 2016). Susan Bernofsky Walks the Tightrope: An Interview About Translating Yoko Tawada's "Memoirs of a Polar Bear". Los Angeles Review of Books
- ↑ Adelbert von Chamisso Prize of the Robert Bosch Stiftung. Robert Bosch Stiftung
- ↑ 泉鏡花文学賞. City of Kanagawa
- ↑ Writing across Languages and Cultures: An Afternoon with writer Yoko Tawada. University of Queensland
- ↑ 伊藤整文学賞. 伊藤整文学賞の会
- ↑ 谷崎潤一郎賞受賞作品一覧 (List of Tanizaki Prize Award Winners). Chuo Koron Shinsha
- ↑ GOETHE-MEDAILLE: DIE PREISTRÄGER 1955 – 2018. Goethe Institut
- ↑ 過去の受賞作品. Kodansha
- ↑ 読売文学賞 第61回(2009年度)~ 第65回(2013年度). Yomiuri Shimbun
- ↑ Būrger, Britta. (November 20, 2016). Schreiben über das elfte Gebot. Deutschlandfunk Kultur
- ↑ Gries, Marika. (January 19, 2018). Lob für die ausgefallene Sprache. SWR2
- ↑ The Emissary: Winner, National Book Awards 2018 for Translated Literature. National Book Foundation
- ↑ 朝日賞 2019年度
- ↑ SOAS Awards 'Academic Luminaries' with Honorary Doctorates as Part of the 2022 Summer Graduation Ceremonies
- ↑ Yoko Tawada imagine un Japon isolationniste, liberticide et toxique (et remporte le prix Fragonard). Le Nouvel Observateur
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়'ক' টাৱাডা” প্ৰবন্ধৰ সংশোধন ৩৯১০৭০ (১০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।