অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেবেল আদিচ

মেবেল আদিচ মাৰ্গাৰ্ড (Mabel Addis Mergardt; ২১ মে’ ১৯১২-১৩ আগষ্ট ২০০৪) এগৰাকী আমেৰিকান লেখক, শিক্ষক আৰু প্ৰথমগৰাকী ভিডিঅ’ গেমৰ লেখক। তেওঁ ‘দ্য চুমেৰিয়ান গেম’টো ডিজাইন কৰিছিল, যিটো ১৯৬৪ চনত ‘আইবিএম ৭০৯০’ৰ বাবে ৱিলিয়াম মেকেই প্ৰগাম কৰিছিল।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মেবেল আদিচ মাৰ্গাৰ্ড (Mabel Addis Mergardt; ২১ মে’ ১৯১২-১৩ আগষ্ট ২০০৪) এগৰাকী আমেৰিকান লেখক, শিক্ষক আৰু প্ৰথমগৰাকী ভিডিঅ’ গেমৰ লেখক। তেওঁ ‘দ্য চুমেৰিয়ান গেম’টো ডিজাইন কৰিছিল, যিটো ১৯৬৪ চনত ‘আইবিএম ৭০৯০’ৰ বাবে ৱিলিয়াম মেকেই প্ৰগাম কৰিছিল। ই একেধৰণে নিৰ্মাণ কৰা হামুৰাবি ভিডিঅ' গেমৰ দৰে ১৯৭০ৰ দশকৰ প্ৰথমফালৰ গেমবিলাকক প্ৰভাৱিত কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯১২ চনৰ ২১ মে’ তাৰিখে মেবেল উদৰ জেমছ হ’মছৰ ঘৰত মেবেল হ’মছৰ জন্ম হৈছিল। তেওঁ মাউণ্ট ভাৰ্ননত ডাঙৰ-দীঘল হৈছিল আৰু কৃতিত্বৰে ১৯২৯ চনত ব্ৰুষ্টাৰ হাই স্কুলৰ পৰা ভেলেডিক্ট’ৰিয়ান ডিগ্ৰী লাভ কৰিছিল। স্নাতক পৰীক্ষা উৰ্ত্তীণ হৈ তেওঁ বাৰ্ণাৰ্ড কলেজত পঢ়িছিল। বাৰ্ণাৰ্ডত তেওঁ প্ৰাচীন ইতিহাসত ডিগ্ৰী আৰু ১৯৩৩ চনত মনোবিজ্ঞানত মাইনৰ ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২

কৰ্মজীৱন

শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, আদিচে মাত্ৰ এটি কোঠাৰ এখন গাঁৱৰ স্কুলত কাম কৰিছিল। ১৯৩৭ চনত, তেওঁ হায়াত এভিনিউ স্কুললৈ যায়। ইয়াত তেওঁ তেৰ বছৰ কাম কৰিছিল। ১৯৫০ চনৰপৰা ১৯৭৬ চনলৈ তেওঁ কাটোনাহ-লুইচবৰো স্কুল জিলাত কাম কৰিছিল।৩

ব্যক্তিগত জীৱন

মেবেলে ১৯৪২ চনত আলেকজেণ্ডাৰ এল আদিচক বিয়া কৰায় আৰু আনুষ্ঠানিকভাৱে মেবেল আদিচ হয়। ১৯৮১ চনত আলেকজেণ্ডাৰৰ মৃত্যু হয়। ১৯৯১ চনত জেৰাৰ্ড মাৰ্গাৰ্ডৰ সৈতে পুনৰ বিবাহ হয় যদিও ১৯৯৫ চনত মাৰ্গাৰ্ডৰ মৃত্যু হয়।

২০০৪ চনত আদিচৰ মৃত্যু হয়।১৪ ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত ‘গেম ডেভেলপাৰ কনফাৰেন্স, ২০২৩’ত তেওঁক মৰণোত্তৰভাৱে পাইওনিয়াৰ বঁটা প্ৰদান কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ March 2020, Stacey Henley 08. (8 March 2020). Remembering Mabel Addis, the first video game writer, on International Women's Day. gamesradar
  2. ↑ (2019-09-09). The Sumerian Game: The Most Important Video Game You've Never Heard Of – A Critical Hit!. A Critical Hit!
  3. ↑ (2020-03-02). Three Women Who Shaped Modern Gaming. Extra Life
  4. ↑ MABEL MERGARDT Obituary (2004) - The Journal News. obits.lohud.com
  5. ↑ (February 23, 2023). Legendary Game Designers John Romero and Mabel Addis Honored at GDCA 2023. Game Developers Conference

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেবেল আদিচ” প্ৰবন্ধৰ সংশোধন ৫৭১৪৬৪ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।