অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেডিশ্যন পেটিছ

মেডিশ্যন মিচেল পেটিছ (জন্ম ২২ জুলাই ১৯৯৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ডিজনী চেনেলৰ ধাৰাবাহিক কৰী ইন দ্য হাউচত ছফী মাৰ্টিনেজ, লেব ৰেটছত জেনেল, ৱাইটিভি/টিননিক ধাৰাবাহিক লাইফ উইথ বয়জত এলি ব্ৰুকছ, দ্য গেম প্লেন চলচ্চিত্ৰত পেটন কেলী, হি ইজ অল দ্যাটত অল্ডেন পিয়াৰ্চ আৰু দ্য ৰং পেৰিছত লেক্সি মিলাৰৰ…

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মেডিশ্যন মিচেল পেটিছ১ (জন্ম ২২ জুলাই ১৯৯৮২৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ডিজনী চেনেলৰ ধাৰাবাহিক কৰী ইন দ্য হাউচত ছফী মাৰ্টিনেজ, লেব ৰেটছত জেনেল, ৱাইটিভি/টিননিক ধাৰাবাহিক লাইফ উইথ বয়জত এলি ব্ৰুকছ, দ্য গেম প্লেন চলচ্চিত্ৰত পেটন কেলী, হি ইজ অল দ্যাটত অল্ডেন পিয়াৰ্চ আৰু দ্য ৰং পেৰিছত লেক্সি মিলাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।

প্ৰাৰম্ভিক জীৱন

মেডিশ্যন মিচেল পেটিছৰ জন্ম ১৯৯৮ চনৰ ২২ জুলাইত হৈছিল২৩৪ আৰু তেওঁ টেক্সাছৰ আৰ্লিঙটনৰ বাসিন্দা।৫ তেওঁৰ পিতৃ ষ্টিভেন পেটিছ আফ্ৰিকান-আমেৰিকান আৰু মাতৃ মিচেল ডাল্লাভা ইটালীয়, আইৰিছ আৰু ফৰাচী বংশোদ্ভৱ।৬৭৮ তেওঁৰ ষ্টিভেন জুনিয়ৰ নামৰ এজন ককায়েক আছে।৯১০

কৰ্মজীৱন

পেটিছ পোনপ্ৰথমে চৰ্চালৈ আহে যেতিয়া তেওঁৰ মাতৃয়ে এখন স্থানীয় মেগাজিন ফৰ্টৱৰ্থচাইল্ডৰদ্বাৰা আয়োজিত বাৰ্ষিক কভাৰ চাৰ্চত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছিল।১১ কেৰিয়াৰৰ আৰম্ভণিতে পেটিছে ২০০৫ আৰু ২০০৬ চনত বাৰ্ণী এণ্ড ফ্ৰেণ্ডছত৫ ব্ৰীজেট হিচাপে অভিনয় কৰিছিল, য'ত তেওঁ গীত গোৱাৰ লগতে নৃত্য আৰু অভিনয়ো কৰিছিল।

২০০৬ চনত পেটিছে তেওঁৰ প্ৰথমটো ডাঙৰ চৰিত্ৰ লাভ কৰে, যেতিয়া তেওঁক ২০০৭ চনৰ ডিজনী চিনেমা দ্য গেম প্লেনত ডৱেইন জনছনৰ চৰিত্ৰটোৰ হেৰাই যোৱা কন্যা পেটন কেলী হিচাপে নিৰ্বাচিত কৰা হয়।১২১৩ ২০০৭ চনত তেওঁক ২০০৮ চনৰ ছবি ফ্ৰী ষ্টাইলত কৰ্বিন ব্লিউৰ চৰিত্ৰটোৰ ভগ্নী বেইলিপি ব্ৰায়াণ্ট হিচাপে নিৰ্বাচিত কৰা হয়।১৪ ২০০৮ চনত তেওঁ ড° চিউছ হৰটন হিয়াৰ্ছ এ হু! ত এটা সৰু চৰিত্ৰত অভিনয় কৰে আৰু এ মাপ্পেট খ্ৰীষ্টমাছ: লেটাৰ্ছ টু ছাণ্টাত এটা ভূমিকা পালন কৰে।১৫ ইয়াৰ উপৰি তেওঁ উইল স্মিথৰ ছবি চেভেন পাউণ্ডছত লোৰেনা হিচাপে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। পেটিছে ২০০৮ চনৰ চিনেমা মোষ্টলী ঘোষ্টলী: হু লেট দ্য ঘোষ্টছ আউট? আৰু ইয়াৰ ২০১৪ চনৰ ছিকুৱেলত প্ৰেতাত্মা টাৰা ৰোলেণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।১৬

২০১০ চনত পেটিছ
২০১০ চনত পেটিছছবি: Madison_Pettis_1.jpg: Chairman of the Joint Chiefs of Staff derivative work: Hoa · CC BY 2.0

পেটিছে কৰী ইন দ্য হাউচত ৰাষ্ট্ৰপতিৰ কন্যা ছফীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু হান্না মণ্টানাৰ এটা খণ্ডতো একেটা চৰিত্ৰতে অভিনয় কৰিছিল। তেওঁ দ্য ৪৪০০ৰ এটা খণ্ডত ইছাবেল টাইলাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ডিজনী চেনেলৰ এনিমেটেড ধাৰাবাহিক স্পেচিয়েল এজেণ্ট অছত কণ্ঠদান কৰিছিল। ২০০৯ চনত পেটিছে গেম শ্ব’ আৰ ইউ স্মাৰ্টাৰ দ্যান এ ৫থ গ্ৰেডাৰ?ত অংশগ্ৰহণ কৰিছিল।

২০১১ চনত পেটিছে দুটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে: এনিমেটেড ধাৰাবাহিক জেক এণ্ড দ্য নেভাৰ লেণ্ড পাইৰেটছত ইজীৰ কণ্ঠ হিচাপে আৰু কানাডিয়ান ধাৰাবাহিক লাইফ উইথ বয়জত এলি ব্ৰুকছ হিচাপে।১৭ ২০১২ চনত তেওঁ লেব ৰেটছত এটা পাৰ্শ্ব চৰিত্ৰত অভিনয় আৰম্ভ কৰে।১৮ ২০১৪ চনত পেটিছে দ্য ফষ্টাৰ্ছত অভিনয় কৰাৰ কথা নিশ্চিত কৰে।১৯ ২০১৫ চনত তেওঁক ডিজনী চেনেলৰ এনিমেটেড ধাৰাবাহিক দ্য লায়ন গাৰ্ডৰ বাবে কণ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হয়।

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষনামচৰিত্ৰটোকা
২০০৫বাৰ্ণী: কেন ইউ ছিং দ্যাট ছং?ব্ৰীজেট
২০০৬বাৰ্ণী: লেটছ মেক মিউজিকব্ৰীজেট
২০০৭দ্য গেম প্লেনপেটন কেলী
২০০৮মোষ্টলী ঘোষ্টলীটাৰা ৰোলেণ্ডডাইৰেক্ট-টু-ভিডিঅ’ চলচ্চিত্ৰ
চেভেন পাউণ্ডছকনিৰ কন্যা
ফ্ৰী ষ্টাইলবেইলিপি ব্ৰায়াণ্ট
২০১০দ্য চাৰ্চ ফৰ ছাণ্টা পজউইলামিনা "উইল" হাকলবাকলডাইৰেক্ট-টু-ভিডিঅ’ চলচ্চিত্ৰ
২০১১বেভাৰ্লী হিলছ চিহুৱাহু ২লালা কৰ্টেজ (কণ্ঠ)
২০১২বেভাৰ্লী হিলছ চিহুৱাহু ৩: বিভা লা ফিয়েষ্টা!
২০১৪মোষ্টলী ঘোষ্টলী: হেভ ইউ মেট মাই ঘুলফ্ৰেণ্ড?টাৰা ৰোলেণ্ড
২০১৫ডু ইউ বিলিভ?মেগী২০
২০২০আমেৰিকান পাই প্ৰেজেণ্টছ: গাৰ্লছ ৰুলছএনী ৱাটছনডাইৰেক্ট-টু-ভিডিঅ’ চলচ্চিত্ৰ২১
২০২১হি ইজ অল দ্যাটঅল্ডেন পিয়াৰ্চ২২
২০২২মাৰ্গহান্না২৩
২০২৩ডেলটোপিয়াএলেনী
২০২৫দ্য ৰং পেৰিছএলেক্সিছ "লেক্সি" মিলাৰ২৪

টেলিভিছন

বৰ্ষনামচৰিত্ৰটোকা
২০০৬জেৰিকোষ্টেচি ক্লেমন্সখণ্ড° পাইলট
২০০৬বাৰ্ণী এণ্ড ফ্ৰেণ্ডছব্ৰীজেটখণ্ড° "Pets/Vets", "Playing Games/Fun with Reading"
২০০৭–২০০৮কৰী ইন দ্য হাউচছফী মাৰ্টিনেজমূল ভূমিকা
২০০৭হান্না মণ্টানাছফী মাৰ্টিনেজখণ্ড° "Take This Job and Love It"
২০০৭দ্য ৪৪০০কিশোৰী ইছাবেল টাইলাৰখণ্ড° "Daddy's Little Girl"
২০০৮এ মাপ্পেট খ্ৰীষ্টমাছ: লেটাৰ্ছ টু ছাণ্টাক্লেয়াৰটেলিভিছন চলচ্চিত্ৰ
২০০৯স্পেচিয়েল এজেণ্ট অছকেটি / টাৰা২টা খণ্ড
২০০৯–২০১৫, ২০২৫ফিনিয়াছ এণ্ড ফাৰ্বএডিচন চুইটৱাটাৰ (কণ্ঠ)পাৰ্শ্ব চৰিত্ৰ
২০০৯আৰ ইউ স্মাৰ্টাৰ দ্যান এ ৫থ গ্ৰেডাৰ?স্বয়ংপ্ৰতিযোগী
২০১১–২০১৫জেক এণ্ড দ্য নেভাৰ লেণ্ড পাইৰেটছইজী (কণ্ঠ)মূল ভূমিকা
২০১১আৰ. এল. ষ্টাইনছ দ্য হাণ্টিং আৱাৰজুলিখণ্ড° "The Black Mask"
২০১১–২০১৩লাইফ উইথ বয়জএলি ব্ৰুকছমূল ভূমিকা
২০১২–২০১৫লেব ৰেটছজেনেলপাৰ্শ্ব চৰিত্ৰ
২০১৫–২০১৬দ্য ফষ্টাৰ্ছডাৰিয়াপাৰ্শ্ব চৰিত্ৰ
২০১৫পেৰেণ্টহুডলিনখণ্ড° "May God Bless and Keep You Always"
দ্য লায়ন গাৰ্ড° ৰিটাৰ্ণ অৱ দ্য ৰোৰজুৰি (কণ্ঠ)টেলিভিছন চলচ্চিত্ৰ
২০১৬–২০১৯দ্য লায়ন গাৰ্ডপাৰ্শ্ব চৰিত্ৰ
২০১৬লেট ব্লুমাৰফ্ৰেংকীটেলিভিছন চলচ্চিত্ৰ
দ্য ৰিয়েল অ’নিলছক্লোই পেৰাণ্টেখণ্ড° "The Real Match"
২০১৭ল’ এণ্ড অৰ্ডাৰ: স্পেচিয়েল ভিকটিমছ ইউনিটষ্টেচি ভানহোভেনখণ্ড° "No Good Reason"
২০১৮–২০১৯ফাইভ পইণ্টছটশ বেনেটৱেব ধাৰাবাহিক; মূল ভূমিকা
২০১৮ছফিয়া দ্য ফাৰ্ষ্টৰাজকুমাৰী কেচেণ্ড্ৰাখণ্ড° "The Lost Pyramid"
২০১৮–২০২১ফেন্সী নেন্সিব্ৰীজেট (কণ্ঠ)৩টা খণ্ড
২০১৯–২০২১মিকি এণ্ড দ্য ৰোডষ্টাৰ ৰেচাৰ্ছৰাজকুমাৰী অলিভিয়াকণ্ঠ ভূমিকা; ২টা খণ্ড২৫

তথ্যসূত্ৰ

  1. ↑ Madison Pettis. (November 8, 2009). Michelle--not "Angel" like Wikipedia says! LOL! @iamsylena @MadisonPettis22 what is your middle name?
  2. ↑ Madison Pettis. Hollywood.com
  3. ↑ Pettis, Madison. (2012). Facebook – Madison Pettis – About. Facebook
  4. ↑ (July 22, 2022). KDUZ Birthdays – July 22nd. KDUZ
  5. ↑ (January 30, 2009). Barney the launching pad. Los Angeles Times. Associated Press
  6. ↑ John Emmet Gogan April 14, 2006. pittsfield.com
  7. ↑ James A. Pettis February 23, 1923 - October 26, 2011. www.corpuschristifh.com
  8. ↑ (June 12, 2012). @SwaggybieberJ I <3 this question! Italy, France, Ireland (I am Irish, Italian, French), Australia, Brazil:) xo #AskMadisonPettis22
  9. ↑ How it started —> How it's going 🥹 Celebrating my brother becoming First Sergeant 💚. instagram.com
  10. ↑ Disney's Madison Pettis Receives a Surprise Reunion on THE BONNIE HUNT SHOW. youtube.com
  11. ↑ Charean Williams. (November 27, 2006). She's a chip off the old Rock. Fort Worth Star Telegram
  12. ↑ Stacy Dodd. (July 5, 2006). Brian White, Madison Pettis. Variety (magazine)
  13. ↑ Joe Leydon. (September 23, 2007). Review: 'The Game Plan'. Variety (magazine)
  14. ↑ Frank Scheck. (October 12, 2009). Free Style -- Film Review. The Hollywood Reporter. Associated Press
  15. ↑ (December 4, 2009). Friday's TV Highlights: The season finale of 'Stargate Universe'. Los Angeles Times
  16. ↑ (April 27, 2016). R.L. Stine's Mostly Ghostly: Have You Met My Ghoulfriend?. The New York Times
  17. ↑ (August 18, 2011). Torri Webster And Madison Pettis Star In Nelvana Studio's Life With Boys Premiering September 9 On YTV. Corus Entertainment Inc
  18. ↑ Abby West. (January 25, 2013). 'Lab Rats' returns for season 2 on... Entertainment Weekly
  19. ↑ Madison Pettis Opens Up About Her First On-Screen Kiss On 'The Fosters'. hollywoodlife.com
  20. ↑ Do You Believe? - Timeline Photos
  21. ↑ Kim Novak. (August 13, 2020). American Pie's female spin-off Girls' Rules is coming to Netflix – and it looks as rude as ever. Metro (UK)
  22. ↑ Netflix: The most-watched adult comedy with Darren Barnet and Madison Pettis worldwide. www.msn.com
  23. ↑ Wiseman, Andreas. (July 1, 2021). Madison Pettis, Vanessa Morgan & Richard Harmon To Star In MPCA Horror Margaux. Deadline Hollywood
  24. ↑ Cordero, Rosy. (2024-09-20). Madison Pettis, Frances Fisher & Yvonne Orji Among 11 Cast In Netflix’s ‘The Wrong Paris’. Deadline
  25. ↑ Mickey Mouse Mixed-Up Adventures Premieres on October 14, 2019. animesuperhero.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেডিশ্যন পেটিছ” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২৬ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।