অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মায়া মাকৈ দেৱতা

মায়া মাকৈ হৈছে মায়া মৌখিক পৰম্পৰাত বিশ্বাস কৰা মাকৈ গছৰ দেৱতা। অন্যান্য মেছ'আমেৰিকান জনগোষ্ঠীসমূহৰ দৰেই পৰম্পৰাগত মায়াসকলেও তেওঁলোকৰ মূল খাদ্যশস্য মাকৈত এক গুৰুত্বপূৰ্ণ শক্তিক চিনাক্ত কৰে। এই কথা তেওঁলোকৰ পৌৰাণিক পৰম্পৰাসমূহে স্পষ্টকৈ দেখুৱাইছে।

হালনাগাদ: ১ আগষ্ট ২০২৬ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মায়া মাকৈ হৈছে মায়া মৌখিক পৰম্পৰাত বিশ্বাস কৰা মাকৈ গছৰ দেৱতা। অন্যান্য মেছ'আমেৰিকান জনগোষ্ঠীসমূহৰ দৰেই পৰম্পৰাগত মায়াসকলেও তেওঁলোকৰ মূল খাদ্যশস্য মাকৈত এক গুৰুত্বপূৰ্ণ শক্তিক চিনাক্ত কৰে। এই কথা তেওঁলোকৰ পৌৰাণিক পৰম্পৰাসমূহে স্পষ্টকৈ দেখুৱাইছে। ১৬ শতিকাৰ পপোল ৱু গ্ৰন্থ অনুসৰি মাকৈৰ গছ মায়া যমজ নায়ককেইজনৰ অন্য ৰূপ আৰু মানুহ নিজেই মাকৈৰ পৰা সৃষ্টি হৈছে। মাকৈৰৱবীজ লুকুৱাই ৰখা ঠাই – মাকৈ পৰ্বতটোৰ আৱিষ্কাৰ আৰু মুকলিকৰণৰ গাথা এতিয়াও মায়া আখ্যানসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয়। ধ্ৰুপদী কালত (২০০-৯০০ খ্ৰীষ্টাব্দ) মাকৈৰ দেৱতাই এজন সংস্কৃতি নায়কৰ কোনো (সংস্কৃতি, জনগোষ্ঠী, ধৰ্ম আদিৰ ভিত্তিত গঠিত এটা গোটৰ বাবে নিৰ্দিষ্ট পৌৰাণিক নায়ক যি উদ্ভাৱন বা আৱিষ্কাৰৰ জৰিয়তে পৃথিৱীখন সলনি কৰে) দিশসমূহ প্ৰদৰ্শন কৰিছে।

নাৰী আৰু পুৰুষ দেৱতা

দক্ষিণ-পূব এছিয়াৰ ধানৰ দৰে, বা প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ ঘেঁহুৰ দৰে মায়া মৌখিক পৰম্পৰাত মাকৈক সাধাৰণতে নাৰী হিচাপে ব্যক্তিত্ব কৰা হয়১ কইনা বন্দীৰ জৰিয়তে এই নাৰীগৰাকীক অধিগ্ৰহণ কৰাটো মায়াসকলৰ অন্যতম মৌলিক আখ্যান।২ ইয়াৰ বিপৰীতে প্ৰাক-স্পেনিছ মায়া অভিজাত শ্ৰেণীয়ে মাকৈক মূলতঃ পুৰুষ হিচাপে গণ্য কৰা যেন লাগে। ধ্ৰুপদী কালত দুটা পুৰুষ ৰূপত তেওঁক ভাগ কৰা হৈছিল: এজন পত্ৰযুক্ত মাকৈৰ দেৱতা আৰু এজন মুণ্ডন কৰা।৩ তথাকথিত মাকৈ গছত পত্ৰযুক্ত দেৱতাৰ নিবাস। ইয়াৰ মাকৈসমূহ দেৱতাৰ মূৰৰ দৰে আকৃতিৰ। তিনিখন মায়া চিহ্নলিপিৰ গ্ৰন্থত পত্ৰযুক্ত প্ৰকাৰটোক প্ৰতিনিধিত্ব কৰা আৰু দেৱতা E বুলি লেবেল লগোৱা এক পুৰুষ মাকৈৰ দেৱতা দেখা যায়। পত্ৰযুক্ত মাকৈ দেৱতা একমাত্ৰিক গছ-গছনিৰ আত্মা হোৱাৰ বিপৰীতে মুণ্ডন কৰা মাকৈ দেৱতাৰ কাৰ্য্যসমূহ অধিক বৈচিত্ৰ্যময়।

তথ্যসূত্ৰ

  1. ↑ Bassie, Karen. (2002). Ancient Maya Gender Identity and Relations. Bergin&Garvey. পৃ. 169–190
  2. ↑ Thompson, J. Eric S. (1970). Maya History and Religion. University of Oklahoma Press
  3. ↑ Karl Taube. (1985). The Classic Maya Maize God: A Reappraisal. [Pre-Columbian Art Research Institute

সম্পৰ্কিত শ্ৰেণী

মায়া সভ্যতালোকবিশ্বাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া মাকৈ দেৱতা” প্ৰবন্ধৰ সংশোধন ৬২২৩৮৮ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।