মাভকা (ইউক্ৰেইনীয়: Мавка) হৈছে ইউক্ৰেইনীয় লোককথা আৰু পৌৰাণিক আখ্যানৰ এক প্ৰকাৰৰ মহিলা আত্মা। ১তেওঁলোকক সাধাৰণতে দীঘল চুলি থকা অৰণ্যৰ আত্মা হিচাপে বৰ্ণনা কৰা হয়। মাভকাসকল মোহময়ী সৌন্দৰ্যৰ অধিকাৰী আৰু প্ৰায়েই পুৰুষসকলক আকৃষ্ট কৰে। কিন্তু তেওঁলোকৰ মোহত পৰি যিকোনো মানুহ বিপদত পৰিব পাৰে, কাৰণ মাভকাসকলে প্ৰায়েই তেওঁলোকৰ প্ৰতি আকৃষ্ট ব্যক্তিক বন বা পৰ্বতৰ গভীৰ অংশলৈ লৈ যায় আৰু তাতে ব্যক্তিজনে মৃত্যুবৰণ কৰে।২৩ ৪
শব্দৰ উৎপত্তি আৰু পৰিভাষা
"মাভকা" শব্দটোৰ বিভিন্ন ৰূপ আছে, যেনে ইউক্ৰেইনীয়ত মাভকা (Мавка), নাভকা (Навка), আৰু ন্যাভকা (Нявка)। এই শব্দবোৰ প্ৰ'টো-চ্লাভিক navь ("মৃত") শব্দৰ পৰা উদ্ভৱ হৈছে। বুলগেৰীয় ভাষাত ইয়াৰ সৈতে সদৃশ শব্দ নাভি (нави), যাৰ অৰ্থ মৃত লোকৰ আত্মা।
লোককথা আৰু বিশ্বাস
মাভকাসকলক সাধাৰণতে নিৰ্দোষভাৱে মৃত্যু হোৱা ছোৱালীসকলৰ আত্মা হিচাপে গণ্য কৰা হয়, বিশেষকৈ যিসকলে খ্ৰীষ্টান ধৰ্মত দীক্ষিত নহ'ল বা জন্মৰ পিছতে অকালতে মৃত্যুবৰণ কৰিলে।৫ বিশ্বাস অনুসৰি, তেওঁলোকৰ কোনো ছাঁ নাথাকে আৰু পানীত প্ৰতিফলিত নহয়। কিছুমান কাহিনীত মাভকাসকলে কৃষকসকলক সহায় কৰে, গৰুৰ যত্ন লয়, আৰু বনাঞ্চলৰ জন্তুবোৰক খেদি পঠিয়ায়। আন কিছুমান বিশ্বাসমতে,তেওঁলোক পৰ্বতৰ গুহাত বা গভীৰ অৰণ্যত বাস কৰে বুলি কোৱা হয়।

মাভকাৰ এটা উপ-শ্ৰেণী হৈছে ন্যাভকা (Nyavka), যিসকলৰ আচৰণ মাভকাৰ দৰে, কিন্তু তেওঁলোকৰ "পিঠি নাথাকে", অৰ্থাৎ তেওঁলোকৰ মাংসপেশী আৰু আন ভিতৰৰ অংশবোৰ দেখা পোৱা যায়। মাভকা আৰু ন্যাভকাৰ মাজত সৰ্বাধিক গুৰুত্বপূৰ্ণ পাৰ্থক্য হৈছে—ন্যাভকাসকলৰ ক্ষেত্ৰত পিছফালৰ পৰা দেহৰ অভ্যন্তৰভাগ দেখা পোৱা যায়।
মাভকা আৰু ন্যাভকাৰ বাসস্থান আৰু জীৱনধাৰা
বিশ্বাস কৰা হয় যে মাভকা আৰু ন্যাভকাসকল বনাঞ্চল, পৰ্বতৰ গুহা, অথবা সৰু কাঠৰ ঘৰত দলবদ্ধভাৱে বসবাস কৰে। তেওঁলোকে নিজৰ বাসস্থান শোভন দলিচাৰে সজাই তোলে। মাভকাসকলে চুৰ কৰা সূতাৰে স্বচ্ছ পাতল কাপোৰ বৈ নিজৰ পোছাক তৈয়াৰ কৰে। তেওঁলোক ফুল প্ৰেমী আৰু নিজৰ চুলিত ফুল পিন্ধে। বসন্তকালত মাভকাসকলে পৰ্বতৰ ওপৰত ফুল ৰোপণ কৰে। তেওঁলোকৰ সৌন্দৰ্যত মোহিত হৈ কোনো পুৰুষ ওচৰলৈ আহিলে তেওঁৰ মৃত্যু অনিবাৰ্য।৬
বিশ্বাস অনুসৰি, খৃষ্টৰ প্ৰত্যাৱৰ্তন উৎসৱ পেণ্টিকৱষ্ট (ইউক্ৰেইনীয় ভাষাত "নাভস্কি ভেলিকদেন", অৰ্থাৎ "নাভকাসকলৰ ইষ্টাৰ") উপলক্ষে তেওঁলোকে আনন্দ উদযাপন কৰে, নৃত্য কৰে, আৰু উন্মাদনাপূৰ্ণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই সময়ত এজন দানৱৰ বাঁহী বা পেপাৰ সুৰত সকলোৱে নৃত্যত মতলীয়া হয়।
বিশ্বাস অনুসৰি, অখ্ৰীষ্টান শিশুৰ (যিসকল খ্ৰীষ্টান ধৰ্মত দীক্ষিত নহ'ল) মৃত্যুৰ পিছত তেওঁলোকৰ আত্মা উদ্ধাৰ কৰাৰ এক উপায় আছে। পেণ্টিকৱষ্ট ( Pentecost) উৎসৱৰ সময়ত, এই শিশুৰ আত্মা উদ্ধাৰ কৰিবলৈ, মানুহে এখন ৰুমাল আকাশলৈ দলিয়াই দি শিশুটোৰ নাম উচ্চাৰণ কৰি, "মই তোমাক দীক্ষা দিছোঁ" বুলি কোৱা উচিত। সফলতাৰে উদ্ধাৰ হ'লে আত্মাটো স্বৰ্গলৈ যাব। সাত বছৰৰ ভিতৰত স্বৰ্গলৈ নগ'লে তেনে শিশোৱে মাভকা ৰূপ লয় আৰু পৃথিৱীত ভ্ৰমি ফুৰে।
সাহিত্য, সংগীত আৰু চলচ্চিত্ৰত মাভকা

মাভকাই ইউক্ৰেইনীয় সাহিত্যত এক উল্লেখযোগ্য স্থান লাভ কৰিছে, বিশেষকৈ লেছিয়া ইউক্ৰেইনকাৰ নাটক "দ্য ফৰেষ্ট চং"ত। ২০২৩ চনত "মাভকা: দ্য ফৰেষ্ট চং" নামৰ ইউক্ৰেইনীয় এনিমেটেড চলচ্চিত্ৰ মুক্তি পায়।৭
ইউক্ৰেইনীয় সংগীত দল "মাভকা"য়ো এই পৌৰাণিক চৰিত্ৰৰ পৰা নিজৰ নাম গ্ৰহণ কৰিছে।৮
এইদৰে, মাভকা ইউক্ৰেইনীয় সংস্কৃতি, কাহিনী আৰু লোকবিশ্বাসৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে।
তথ্যসূত্ৰ
- ↑ Михайло Коцюбинський — Тіні забутих предків (аналіз, паспорт твору). www.ukrlib.com.ua
- ↑ Bilodid 1973, পৃ. 587
- ↑ Kushnir 2014
- ↑ Halaichuk 2016, পৃ. 181–183
- ↑ Hrinchenko 1958
- ↑ Hrinchenko 1958
- ↑ Набока, Марічка; Джулай, Дмитро. (2019-06-04). Чарівні істоти з прадавніх українських міфів. У що вірили пращури. Радіо Свобода
- ↑ (January 6, 2024). Mavka. Discogs
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাভকা” প্ৰবন্ধৰ সংশোধন ৪৮২৫৫৮ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।