গালিপোটে (Galipote), যাক জাঙানো (Zángano) বা লুগাৰু (Lugarú) বুলিও কোৱা হয়, ডমিনিকান ৰিপাব্লিকৰ এটা জনশ্ৰুতিমূলক চৰিত্ৰ। মূলত: চান জুৱান অঞ্চলত উৎপত্তি হোৱা এই কিংবদন্তি ১৭শ আৰু ১৮শ শতিকাৰ পৰা চলি আহিছে। ১ এই কিংবদন্তিমূলক প্ৰাণীটোৰ বিভিন্ন জন্তু আৰু নিৰ্জীৱ বস্তু (গছ, শিল আদি)লৈ ৰূপান্তৰিত হোৱাৰ ক্ষমতা আছিল। ইয়াৰ দৈহিক শক্তি আছিল অপৰিসীম আৰু বন্দুক বা অস্ত্ৰৰে ইয়াক বধ কৰিব পৰা নগৈছিল।২ ৰাতিৰ সময়ত নিৰীহ শিশুসকলৰ তেজ শোষণ কৰি গালিপোটে অমৰত্ব লাভ কৰিছিল বুলি কোৱা হয়। জনশ্ৰুতি অনুসৰি, ইহঁতে ভয়ংকৰ যৌন আচাৰ-অনুষ্ঠান পালন কৰিছিল।৩১
শক্তিৰ উৎস
গালিপোটেৰ শক্তিৰ সঠিক উৎস সম্পূৰ্ণৰূপে স্পষ্ট নহয়, কিন্তু অধিকাংশ কাহিনীত ইহঁতৰ শক্তি চয়তানৰ সৈতে কৰা এটা চুক্তিৰ ফল বুলি বিশ্বাস কৰা হয়। ডমিনিকান ৰিপাব্লিকৰ গভীৰ খ্ৰীষ্টিয়ান প্ৰভাৱৰ সৈতে এই বিশ্বাস খাপ খায়।
জনশ্ৰুতি অনুসৰি গালিপোটেবোৰ অতি নিষ্ঠুৰ আৰু হিংস্ৰ আছিল। সিহঁতে নৈশ যাত্ৰীবোৰক পথভ্ৰষ্ট কৰি আৰু ভয় দেখুৱাই আনন্দ অনুভৱ কৰিছিল। এই লোককাহিনী ডমিনিকান ৰিপাব্লিকৰ দূৰ-দূৰণিৰ অঞ্চলত এতিয়াও জীয়াই আছে। তাত এই ভয়ংকৰ জীৱ সম্পৰ্কে এতিয়াও কিছুমান আৱশ্যকীয় আচাৰ-অনুষ্ঠান পালন কৰা হয়। কিছুমান অঞ্চলত মানুহে আজিও নিশা ৰাস্তাত ওলাওঁতে আত্মৰক্ষাৰ বাবে বিভিন্ন তাবিজ বা মন্ত্ৰ উচ্চাৰণ কৰে।২৪
বিভিন্ন ৰূপ
কিছুমান বিশ্বাস অনুসৰি, গালিপোটে কেৱল কুকুৰলৈ ৰূপান্তৰিত হ'ব পাৰে, যাক "লুগাৰু (Lugaru)" বুলিও কোৱা হয়। "লুগাৰু" শব্দটো ফ্ৰেন্স "Loup-Garou" (যাৰ অৰ্থ "ৱেৰৱল্ফ" বা কুকুৰনেছীয়া মানুহ)ৰ পৰা অহা বুলি অনুমান কৰা হয়।২১ এই বিশ্বাসত ইউৰোপীয় (ৱেৰৱল্ফ) আৰু আফ্ৰিকান উপাদানৰ সংমিশ্ৰণ দেখা যায়, যি খ্ৰীষ্টিয়ান ধৰ্মীয় পৰিৱেশত বিকশিত হৈছিল।১
ড্ৰোন (Drone) বা জাঙ্কু (Zancú) নামেৰে জনাজাত এটা অন্য ধৰণৰ গালিপোটে অতি দীঘল দীঘল খোজ কাঢ়িব পাৰিছিল (এখন নদীৰ পৰা অন্য এখন নদীলৈ), আৰু কেতিয়াবা অদৃশ্য হ’বও পাৰিছিল।৩
গালিপোটেৰ দুৰ্বলতা
জনশ্ৰুতি অনুসৰি, গালিপোটেক কেৱল এবিধ বিশেষ গছৰ কাঠেৰে তৈয়াৰী শূলেৰে হত্যা কৰিব পাৰি। এই বিশেষ গছক "পালো দি ক্ৰুজ"(Palo de Cruz)বুলি জনা যায়। গছজোপাক শুভ শুকুৰবাৰে (Good Friday) কাটি তাৰে অস্ত্ৰ নিৰ্মাণ কৰিলেহে গালিপোটেক বধ কৰা সম্ভৱ। ৩
তথ্যসূত্ৰ
- ↑ La leyenda del galipote. Espacios Ocultos
- ↑ (16 October 2010). El mito del galipote dominicano
- ↑ Núñez, Juan Pablo Bourdierd. (17 August 2012). Ciguapas –Galipotes –Brujas –Indios – y Vivencias. SabanetaSR
- ↑ Una Leyenda Corta: EL Zángano, Galipote o Lugarú. Una Leyenda Corta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গালিপোটে” প্ৰবন্ধৰ সংশোধন ৪৮৪৩২৮ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।