মাওহাটি বিধানসভা সমষ্টি (Mawhati Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ সময়তে এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ চাৰ্লছ মাৰ্ঙাৰে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে।
ভৌগোলিক অৱস্থান আৰু সীমা
মাওহাটি সমষ্টিটো মেঘালয়ৰ উত্তৰ-পূব প্ৰান্তৰ ৰি-ভোই জিলাত অৱস্থিত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, এই সমষ্টিটো উমলিং আৰু উমসনিং খণ্ডৰ বিভিন্ন গ্ৰাম্য অঞ্চল তথা মাওহাটি অঞ্চলৰ অন্তৰ্গত বহুসংখ্যক গাঁও আৰু এলেকা সাঙুৰি গঠিত।১
এই সমষ্টিৰ পশ্চিম দিশত ৯-নংপোহ আৰু ১১-উমচনিং সমষ্টি, দক্ষিণ দিশত পূব খাচী পাহাৰ জিলা আৰু উত্তৰ তথা পূব দিশত অসমৰ কাৰ্বি আংলং জিলা আৰু মৰিগাঁও জিলাৰ সীমান্ত বিস্তৃত হৈ আছে। পাহাৰীয়া ভূ-প্ৰকৃতি, গভীৰ অৰণ্য, উপত্যকা আৰু খাচী পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে এই সমগ্ৰ অঞ্চলটো পৰিবেষ্টিত।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী সদস্য | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭২ | মাৰ্টিন নাৰায়ণ মজাও | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | |||
| ১৯৮৩ | এছ. আৰ. মোকশা | হিল ষ্টেট পিপলছ ডেম’ক্ৰেটিক পাৰ্টী | |
| ১৯৮৮ | হিল পিপলছ ইউনিয়ন | ||
| ১৯৯৩ | |||
| ১৯৯৮ | ফিংৱেল মুক্তিয়েহ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৩ | |||
| ২০০৮ | ডনবক খ্যমদেইত | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০১৩ | জুলিয়াছ কিটবক দৰফাং | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ২০১৮ | দচাখিয়াৎভা লামাৰে | নেছনেল পিপলছ পাৰ্টি (ভাৰত) | |
| ২০২৩ | চাৰ্লছ মাৰ্ঙাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চাৰ্লছ মাৰ্ঙাৰে ৫,২৪৪ টা ভোটৰ ব্যৱধানত নেছনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী শ্বেমফাং লিংডোক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।২৩৪
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৭
লগতে চাওক
- ৰি-ভোই জিলা
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
- ↑ Meghalaya General Legislative Election 2023. Election Commission of India
- ↑ (2 March 2023). Meghalaya Assembly Election Result 2023: NPP Wins In Nartiang, Jowai, Raliang, Sutnga Saipung, Jirang Assembly Seats. India.com
- ↑ (2 March 2023). Meghalaya election result 2023: Full list of winners constituency-wise. Hindustan Times
- ↑ Meghalaya General Legislative Election 2018. Election Commission of India
- ↑ (3 March 2018). Dasakhiatbha Lamare winner in Mawhati (ST), Meghalaya Assembly Elections 2018. LatestLY
- ↑ Election Commission of India- State Election, 2013 to the Legislative Assembly of Meghalaya. Chief Electoral Officer, Meghalaya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাওহাটি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৭২ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।