কূৰ্মাসন, কচ্ছপৰ ভংগিমা,১ বা কাছৰ ভংগিমা২ হৈছে হঠ যোগ আৰু আধুনিক যোগত ব্যায়াম হিচাপে আগলৈ বহি থকা আসন।
ব্যুৎপত্তি আৰু উৎপত্তি
সংস্কৃত कूर्म শব্দৰপৰাই নামটোৰ সৃষ্টি হৈছে; कूर्म অৰ্থাৎ "কচ্ছপ" বা "কাছ"৩ আৰু আসন মানে "ভংগী" বা "আসন।"৪
উত্তন কুৰ্মাসনৰ বৰ্ণনা প্ৰাচীন, অনুমানিক সপ্তম শতিকাৰ অহিৰবুধ্য সংহিতা,৫ আৰু ১৯ শতিকাৰ যোগ-প্ৰদীপিকা৬ আৰু শ্ৰীতত্ত্বনিধিত চিত্ৰিত কৰা হৈছে।৭
আধুনিক কুৰ্মাসনৰ বৰ্ণনা বি.কে.এছ. আয়েংগাৰৰ ১৯৬৬ চনৰ “লাইট অন যোগা’’ত পোৱা যায়। আয়েংগাৰে কৈছে যে এই আসন বিষ্ণু দেৱতাৰ কচ্ছপ অৱতাৰ কূৰ্মৰ প্ৰতি উৎসৰ্গিত।৮
বিৱৰণ
কূৰ্মাসনত প্ৰৱেশ কৰিবলৈ এজন অনুশীলনকাৰীয়ে ভৰি দুখন মেলি বহি থাকে, ভৰি দুখন যিমান পাৰি বহলকৈ মেলি থাকে। আঁঠু দুটা অলপ বেঁকা হৈ থাকে, যাৰ ফলত গোৰোহা মজিয়াৰ সংস্পৰ্শত থাকে। শৰীৰটো নিতম্বৰ পৰা আগলৈ হেলান দি হাত দুখন আঁঠুৰ তলত সোমাই যায়। শৰীৰটো আগলৈ হেলান দি (নিতম্বত বেঁকা হৈ) হাত আৰু বাহু দুটা কাষলৈ আৰু পিছলৈ (আঁঠুৰ তলত) সোমাই যাবলৈ দিয়ে যেতিয়ালৈকে কিলাকুটিদুটা আঁঠুৰ তলত সোমাই নাযায়। গোৰোহা আগলৈ ঠেলি ভৰি দুখন যিমান পাৰি পোন কৰি লোৱা হয়। কপাল বা থুঁতৰি মজিয়া স্পৰ্শ কৰিবলৈ অনা হয়। হাত দুখন নিতম্বৰ সৈতে আন্তঃসংলগ্ন কৰিবলৈ বাহু দুটা পিঠিৰ চাৰিওফালে আৰু অধিক বহলাই দিয়া হয়।৯১০

তাৰতম্য
সুপ্ত কূৰ্মাসন (Sleeping Tortoise Pose) ৰ কপালখন মজিয়াত, ভৰি দুখন মূৰৰ পিছফালে ক্ৰছ কৰি আৰু হাত দুখন ভৰিৰ চাৰিওফালে গৈ পিঠিৰ পিছফালে হাত দুখন মিলাই থাকে।১১১২
উত্তৰ কূৰ্মাসনা (Upside-Down Tortoise Pose)ৰ হাত দুখন কুক্কুটাসন (Cockerel Pose) ৰ দৰে ক্ৰছ কৰা ভৰিৰ মাজেৰে পাক খাই সোমাই থাকে, পিঠি মাটিত আৰু হাতৰ তলুৱা ডিঙিত।১৩
তথ্যসূত্ৰ
- ↑ Gray 2008, পৃ. 59
- ↑ Ramaswami Krishnamacharya 2005, পৃ. 77
- ↑ Kurmasana - AshtangaYoga.info
- ↑ Sinha, S. C. (1996). Dictionary of Philosophy. Anmol Publications. পৃ. 18. ISBN 978-81-7041-293-9
- ↑ Mallinson, James. (9 December 2011). A Response to Mark Singleton's Yoga Body by James Mallinson revised from American Academy of Religions conference, San Francisco, 19 November 2011
- ↑ Bühnemann, Gudrun. (2007). Eighty-Four Asanas in Yoga: A Survey of Traditions. D. K. Printworld. পৃ. 63. ISBN 978-8124604175
- ↑ Sjoman 1999, পৃ. 81, Plate 15 (pose 85)
- ↑ Iyengar 1979, পৃ. 288–291
- ↑ Saraswati 1996, পৃ. 328
- ↑ Iyengar 1979, পৃ. 288–291
- ↑ Supta Kurmasana. Ashtanga Yoga
- ↑ Iyengar 1979, পৃ. 291–292
- ↑ Swami Kripalvananda. (2017). Asana and Mudra. Red Elixir. পৃ. section 58. ISBN 978-1944037796
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কূৰ্মাসন” প্ৰবন্ধৰ সংশোধন ৫৪৩০৭৫ (১১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।