অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মন'পড

মন'পড (ইংৰাজী: Monopod) পৌৰাণিক বামন সদৃশ জীৱ যাৰ শৰীৰৰ মাজভাগত কেন্দ্ৰ কৰি ভৰিৰ পৰা বিস্তৃত এটা ডাঙৰ ভৰি থাকে। এই জীৱবোৰক স্কিয়াপড (sciapod), স্কিয়াপড (skiapod) বুলিও কোৱা হয়৷ মনোপড আৰু স্কিয়াপড (σκιάποδες) নাম দুয়োটা গ্ৰীকমূলীয়, যাৰ অৰ্থ ক্ৰমে "এটা ভৰি" আৰু "ছাঁয়া-ভৰি"।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মন'পড (ইংৰাজী: Monopod) পৌৰাণিক বামন সদৃশ জীৱ যাৰ শৰীৰৰ মাজভাগত কেন্দ্ৰ কৰি ভৰিৰ পৰা বিস্তৃত এটা ডাঙৰ ভৰি থাকে। এই জীৱবোৰক স্কিয়াপড (sciapod), স্কিয়াপড (skiapod) বুলিও কোৱা হয়৷ মনোপড আৰু স্কিয়াপড (σκιάποδες) নাম দুয়োটা গ্ৰীকমূলীয়, যাৰ অৰ্থ ক্ৰমে "এটা ভৰি" আৰু "ছাঁয়া-ভৰি"।

বিৱৰণ

খ্ৰীষ্টপূৰ্ব ৪১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত এৰিষ্ট'ফেনিছৰ নাটক দ্য বাৰ্ডছত (The Birds) মন'পডক উপস্থাপন কৰা হৈছিল।১ প্লিনি দ্য এল্ডাৰে তেওঁৰ নেচাৰেল হিষ্ট্ৰিত এই জীৱবোৰৰ বিষয়ে বৰ্ণনা কৰিছে,২ য’ত তেওঁ ভাৰতত মন'পডৰ মুখামুখি হোৱা বা দেখা পোৱা ভ্ৰমণকাৰীৰ কাহিনীৰ ব্যাখ্যা দিছে। প্লিনিয়ে মন্তব্য কৰিছে যে এইবোৰৰ বিষয়ে প্ৰথমে চিটেচিয়াছে তেওঁৰ ইণ্ডিকা (ভাৰত) নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে, যিখন ভাৰতৰ পাৰ্চীসকলৰ দৃষ্টিভংগীৰ নথি যিবোৰ বৰ্তমান কেৱল খণ্ড খণ্ডকৈহে পোৱা যায়।

ফিলোষ্ট্ৰেটছে তেওঁৰ লাইফ অৱ এপল’নিয়াছ অৱ টিয়ানাত স্কিয়াপডৰ কথা উল্লেখ কৰিছে, যিটো ইউজেবিয়াছে তেওঁৰ ট্ৰিটিজ এগেইনষ্ট হাইৰ’ক্লিছত উল্লেখ কৰিছে। টিয়ানাৰ এপলনিয়াছে বিশ্বাস কৰে যে স্কিয়াপডসকল ভাৰত আৰু ইথিওপিয়াত বাস কৰে, আৰু ভাৰতীয় ঋষি ইয়াৰখাসকলক তেওঁলোকৰ অস্তিত্বৰ বিষয়ে সুধিছে।

চেণ্ট অগাষ্টিনে (৩৫৪–৪৩০) দ্য চিটি অৱ গডত "স্কিয়াপড"ৰ কথা উল্লেখ কৰিছে আৰু এনে জীৱৰ অস্তিত্ব আছে নে নাই সেয়া অনিশ্চিত বুলি উল্লেখ কৰিছে৷৩

তথ্যসূত্ৰ

  1. ↑ Aristophanes. The Birds, ln. 1554
  2. ↑ Pliny the Elder. Natural History VII:2
  3. ↑ Augustine, Chapter 8. — Whether Certain Monstrous Races of Men Are Derived From the Stock of Adam or Noah's Sons

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তিকিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন'পড” প্ৰবন্ধৰ সংশোধন ৪৮০৫৫৮ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।