মড এনবেল এপাট’ (ইংৰাজী ভাষা: Maude Annabelle Apatow; জন্ম: ১৫ ডিচেম্বৰ, ১৯৯৭)১২ এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–বৰ্তমান)-ত লেক্সি হাৱাৰ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
চলচ্চিত্ৰ নিৰ্মাতা জাড এপাট’ আৰু অভিনেত্ৰী লেছলি মেনৰ জ্যেষ্ঠ কন্যা এপাট’ৱে শিশু অভিনেত্ৰী হিচাপে তেওঁৰ দেউতাকৰ ছবি নকড আপ (২০০৭), ফানী পিপল (২০০৯) আৰু দিছ ইজ ৪০ (২০১২)-ত তেওঁৰ মাকৰ চৰিত্ৰৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত এচেচিনেশ্যন নেচন (২০১৮) আৰু দ্য কিং অৱ ষ্টেটেন আইলেণ্ড (২০২০) আদি উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ নেটফ্লিক্সৰ মিনি ছিৰিজ হলিউড (২০২০)-তো অভিনয় কৰিছে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
এপাট’ৰ মাতৃ হৈছে অভিনেত্ৰী লেছলি মেন আৰু পিতৃ হৈছে পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ জাড এপাট’। তেওঁৰ পিতৃৰ পৰিয়াল ইহুদী ধৰ্মাৱলম্বী, আনহাতে তেওঁৰ মাতৃৰফালৰ আজী আইতাক ফিনিছ বংশোদ্ভৱ আছিল।৩ তেওঁৰ আইৰিছ এপাট’ নামৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে, যি নিজেও এগৰাকী অভিনেত্ৰী।২ তেওঁ কেলিফৰ্ণিয়াৰ ছাণ্টা মনিকাৰ এখন ব্যক্তিগত বিদ্যালয় ক্ৰছৰোডছ স্কুলত পঢ়া-শুনা কৰিছিল।৪ মডে মিছিগানৰ ইণ্টাৰলোচেন আৰ্টছ কেম্পতো অংশগ্ৰহণ কৰিছিল। হাইস্কুলত পঢ়ি থকা সময়ত এপাট’ৱে কেবাৰেট আৰু ইণ্টু দ্য উডছৰ দৰে সংগীত প্ৰধান নাটকত অভিনয় কৰিছিল। তেওঁ ইলিনয়ৰ ইভানষ্টনত অৱস্থিত নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিত থিয়েটাৰ অধ্যয়ন কৰিছিল, কিন্তু দ্বিতীয় বৰ্ষৰ পিছতে আধাতে পঢ়া এৰি দিয়ে।৫৬
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি এপাট’ৱে ৱেষ্ট ভিলেজত বসবাস কৰে।৭
২০২৪ চনৰ আৰম্ভণিৰপৰাই এপাট’ আইৰিছ অভিনেতা পেট্ৰিক গিবছনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।৮
কৰ্মজীৱন
২০০৫–২০১৫: কৰ্মজীৱনৰ আৰম্ভণি আৰু কমেডী ছবি
এপাট’ৱে সাত বছৰ বয়সৰপৰাই অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ জাড এপাট’ৰ ২০০৫ চনৰ কমেডী ছবি দ্য ৪০-য়েৰ-অ'ল্ড ভাৰ্জিনত এটা চৰিত্ৰত অভিনয় কৰিছিল, যদিও তেওঁৰ দৃশ্যসমূহ শেষ মুহূৰ্তত ছবিখনৰপৰা বাদ দিয়া হৈছিল।৯ ইয়াৰ পিছত তেওঁ ২০০৭ চনৰ ছবি নকড আপত অভিনয় কৰে, যিখন তেওঁৰ পিতৃয়েই লিখা, প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। তেওঁ আৰু তেওঁৰ কনিষ্ঠ ভগ্নী আইৰিছ এপাট’ৱে ক্ৰমে চেডী আৰু চাৰ্লটৰ চৰিত্ৰত অভিনয় কৰিছিল, যিসকল আছিল বাস্তৱ জীৱনৰ মাতৃ লেছলি মেনৰ চৰিত্ৰৰ দুই কন্যা।১০ তেওঁ পুনৰ ভগ্নীৰ সৈতে তেওঁৰ পিতৃৰ ২০০৯ চনৰ ছবি ফানী পিপলত মেনৰ চৰিত্ৰৰ কন্যা মেবল হিচাপে অভিনয় কৰে।১১ ২০১২ চনৰ স্পিন-অফ ছিকুৱেল দিছ ইজ ৪০-ত এপাট’ৱে পুনৰ চেডীৰ চৰিত্ৰত অভিনয় কৰে, য’ত মেন আৰু পল ৰাডৰ চৰিত্ৰই মুখ্য ভূমিকা পালন কৰিছিল।১২ ছবিখনত চেডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে এপাট’ ২০১২ চনৰ ফিনিক্স ফিল্ম ক্ৰিটিকছ ছচাইটিৰ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰী বঁটাৰ বাবে আৰু ২০১৩ চনৰ ইয়ং আৰ্টিষ্ট বঁটাৰ বাবে মনোনীত হৈছিল।১৩১৪
টুইটাৰত যোগদান কৰাৰ পাছত এপাট’ৰ বৃহৎসংখ্যক অনলাইন অনুগামী সৃষ্টি হোৱা দেখা গৈছিল। এই জনপ্ৰিয়তাই তেওঁক জুয়ী দেশ্চানেলৰ ৱেবছাইট হেল’গিগলছত এগৰাকী লেখিকা আৰু সাক্ষাৎকাৰ গ্ৰহণকাৰী হিচাপে কাম কৰাত সহায় কৰিছিল।২১৫ এই চাইটটোত কৰা তেওঁৰ কামৰ লগতে তেওঁৰ অভিনয় ভূমিকাসমূহে তেওঁক ২০১২ চনৰ ফ’ৰ্বছৰ ৩০ অনূৰ্ধ্ব ৩০ তালিকাত স্থান দিছিল।১৬ এপাট’ৰ টুইটাৰ একাউণ্টটোক টাইম আলোচনীয়ে "২০১৩ চনৰ শ্ৰেষ্ঠ টুইটাৰ একাউণ্ট"সমূহৰ অন্যতম হিচাপে নামকৰণ কৰিছিল।১৭ ২০১৫ চনত এপাট’ৱে পিট্ছ পাৰফেক্ট ২ ছবিত দৰ্শকৰ চৰিত্ৰত অভিনয় কৰিছিল।১৮ একে বছৰতে তেওঁ এইচবিঅ’ কমেডী ধাৰাবাহিক গাৰ্লছৰ চতুৰ্থ ছিজনত ক্লিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনৰ তেওঁ মুঠ তিনিটা খণ্ডত অভিনয় কৰে, যাৰ কাৰ্যবাহী প্ৰযোজক আছিল তেওঁৰ পিতৃ।১৯
২০১৫–বৰ্তমান: ইউফ’ৰিয়া আৰু মঞ্চলৈ আগমন
এপাট’ৱে ২০১৬ চনৰ কমেডী-ড্ৰামা ছবি আদাৰ পিপলত আলেকজান্দ্ৰা মূলকাহী হিচাপে অভিনয় কৰিছিল। পিতৃ জড়িত নথকা কোনো ছবিত এয়া আছিল তেওঁৰ প্ৰথম ডাঙৰ চৰিত্ৰ।২০২১
২০১৫–বৰ্তমান: ইউফ’ৰিয়া আৰু মঞ্চলৈ আগমন
এপাট’ৱে ২০১৬ চনৰ কমেডী-ড্ৰামা ছবি আদাৰ পিপলত আলেকজান্দ্ৰা মূলকাহী হিচাপে অভিনয় কৰিছিল। পিতৃ জড়িত নথকা কোনো ছবিত এয়া আছিল তেওঁৰ প্ৰথম ডাঙৰ চৰিত্ৰ।২২২৩২৪ ২০১৭ চনত তেওঁ দ্য হাউচ অৱ টুমৰ’ নামৰ ছবিখনত মেৰেডিথ হুইটকম্বৰ চৰিত্ৰত অভিনয় কৰে আৰু চুটি ছবি ড’ণ্ট মাইণ্ডেলিছৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। এই ছবিখন তেওঁ অলিভিয়া ৰোজেনব্লুমৰ সৈতে যুটীয়াভাৱে লিখাৰ লগতে পৰিচালনাও কৰিছিল।২৫২৬ পৰৱৰ্তী বছৰ অৰ্থাৎ ২০১৮ চনত এপাট’ৱে এচেচিনেশ্যন নেচন নামৰ ছবিখনত গ্ৰেচ হিচাপে অভিনয় কৰিছিল।২৭২৮ ছবিখনৰ পৰিচালক চেম লেভিনছনে পৰৱৰ্তী সময়ত এপাট’ক ২০১৯ চনত আৰম্ভ হোৱা তেওঁৰ এইচবিঅ’ৰ কিশোৰ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়াত এজন নিয়মীয়া শিল্পী হিচাপে নিযুক্তি দিয়ে। এই ধাৰাবাহিকখনত তেওঁ লেক্সি হাৱাৰ্ডৰ চৰিত্ৰত অভিনয় কৰিছে, যিটো চৰিত্ৰ লেভিনছনে বিশেষকৈ এপাট’ৰ বাবে লিখিছিল।২৯৩০ ২০২০ চনত তেওঁ পিতৃৰ কমেডী-ড্ৰামা ছবি দ্য কিং অৱ ষ্টেটেন আইলেণ্ডত পিট ডেভিডছনৰ চৰিত্ৰৰ ভগ্নী হিচাপে অভিনয় কৰিছিল।৩১
২০২২ চনত মেৰিয়াম ডেৰাডজীৰদ্বাৰা প্ৰচাৰিত এটা ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টত এপাট’ক মনোৰঞ্জন উদ্যোগত থকা তেওঁৰ পাৰিবাৰিক সংযোগৰ বাবে "নেপো বেবী" বুলি অভিহিত কৰা হৈছিল।৩২৩৩ ইয়াৰ ফলত টিকটকত 'নেপো বেবী' শব্দটো অধিক চৰ্চালৈ আহে, য’ত ব্যৱহাৰকাৰীসকলে অনুৰূপ পটভূমিৰ বহুতো চেলিব্ৰিটিক আঙুলিয়াই দিয়ে।৩৪৩৫
তথ্যসূত্ৰ
- ↑ Cardoza, Riley. (August 2, 2019). Leslie Mann's Daughter Iris, 16, Claps Back After Mom Critiques Her Makeup on Instagram: 'A Text Would Have Been Nice'. Us Weekly
- ↑ LaPorte, Nicole. (August 24, 2012). She's 14, Going on 140 Characters. The New York Times
- ↑ (April 25, 2014). Cameron Diazin tähdittämässä komediassa aitoa suomalaista sisua – videohaastattelu. Yle Uutiset
- ↑ Music is Medicine. The Argonaut
- ↑ Hennemuth, Britt; Kim, Sebastian. (June 28, 2019). Maude Apatow Caught the Acting Bug From Musicals. Vanity Fair
- ↑ Swartz, Tracy. (December 12, 2019). Actress Leslie Mann says daughter dropped out of Northwestern because 'it was really hard being in the cold'. Chicago Tribune
- ↑ Martin, Hannah. (February 8, 2024). Inside Maude Apatow's Relaxing Haven in NYC. Architectural Digest
- ↑ Moore, Julia. (December 16, 2024). Dexter: Original Sin Star Patrick Gibson Celebrates Girlfriend Maude Apatow's 27th Birthday: 'Love You More Every Day'. People Magazine
- ↑ Desborough, Jenny. (March 20, 2018). Leslie Mann reveals she and husband Judd Apatow CUT their daughter out of The 40 Year Old Virgin on Lorraine. Daily Mirror
- ↑ Rosa, Jelani Addams. (July 16, 2015). The Little Sisters from 'Knocked Up' Are All Grown Up — You Have to See What They Look Like Now!. Seventeen
- ↑ Flynn, Caitlin. (June 19, 2019). This Euphoria Actress Has 1 Very, Very Famous Family. PopSugar
- ↑ Zakarin, Jordan. (November 20, 2012). Judd Apatow on Casting His Daughters and Their Dramatic Onscreen Arguments. The Hollywood Reporter
- ↑ Knegt, Peter. (December 12, 2012). 'Les Miserables' Leads Phoenix Film Critics Nominations. IndieWire
- ↑ 34th Annual Young Artist Awards. Young Artist Awards
- ↑ Lewis, Victoria. (November 21, 2012). Maude Apatow Explains How Twitter Changed Her Life. Teen Vogue
- ↑ Howard, Caroline; Noer, Michael. (December 17, 2012). 30 Under 30: Entertainment. Forbes
- ↑ Lombard, Amy. (March 20, 2013). The 140 Best Twitter Feeds of 2013. Time
- ↑ Tailor, Leena. (January 31, 2017). EXCLUSIVE: Leslie Mann on the Best Hollywood Advice She's Given Her Daughter and Working With Robert De Niro. Entertainment Tonight
- ↑ Swift, Andy. (July 23, 2014). Girls Scoop: Judd Apatow's Daughter Guest-Starring in Season 4. TVLine
- ↑ Ellwood, Gregory. (November 10, 2016). Death is complicated, says Molly Shannon, who finds its nuances in 'Other People'. Los Angeles Times
- ↑ Clott Kanter, Sharon. (January 22, 2016). Judd Apatow Is the Most Doting Dad at Sundance 2016. InStyle
- ↑ Ellwood, Gregory. (November 10, 2016). Death is complicated, says Molly Shannon, who finds its nuances in 'Other People'. Los Angeles Times
- ↑ Clott Kanter, Sharon. (January 22, 2016). Judd Apatow Is the Most Doting Dad at Sundance 2016. InStyle
- ↑ Heller, Corinne. (January 23, 2016). Judd Apatow's Daughter Maude, 17, Is All Grown Up, Brings Dad to 2016 Sundance Film Festival. E! News
- ↑ Abele, Robert. (April 20, 2018). 'The House of Tomorrow' Film Review: Wry, Heartfelt Coming-of-Age Indie Mixes Buckminster Fuller and Punk. TheWrap
- ↑ Calvario, Liz. (February 9, 2018). Judd Apatow Sweetly Gushes Over Daughter Maude as She Makes Directorial Debut. Entertainment Tonight
- ↑ McNary, Dave. (March 1, 2017). Bella Thorne, Maude Apatow, Joel McHale Join Thriller 'Assassination Nation'. Variety
- ↑ Marine, Brooke. (September 22, 2018). A Complete Guide To the Cast of Assassination Nation. W
- ↑ Thompson, Anne. (July 30, 2019). 'Euphoria': How the Casting Directors Discovered So Many Blazing Breakout Talents. IndieWire
- ↑ Radish, Christina. (August 8, 2019). 'Euphoria': Storm Reid and Maude Apatow on Season 1's Lesson in Empathy. Collider
- ↑ Galuppo, Mia. (April 30, 2019). Maude Apatow Joins Pete Davidson in Universal Comedy. The Hollywood Reporter
- ↑ Franks, Josephine. (30 December 2022). What is a 'nepo baby', and what do celebrities have to say about being labelled one?. Sky News
- ↑ Gorman, Alyx. (22 December 2022). Nepo babies: what are they and why is Gen Z only just discovering them?. The Guardian
- ↑ Jones, Nate. (19 December 2022). How a Nepo Baby Is Born. Vulture
- ↑ Gorman, Alyx. (2022-12-22). Nepo babies: what are they and why is Gen Z only just discovering them?. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মড এপাট'” প্ৰবন্ধৰ সংশোধন ৬১৯০১৩ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।