অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জু ৰায়

মঞ্জু ৰায় (Manju Ray) হ'ল এগৰাকী মলিকুলাৰ এনজাইম’লজী আৰু কেন্সাৰ বায়’কেমিষ্ট্ৰীৰ বিশেষজ্ঞ ভাৰতীয় বিজ্ঞানী। তেওঁৰ গৱেষণাই কেন্সাৰ প্ৰতিৰোধী ঔষধৰ বিকাশ আৰু কোষৰ পাৰ্থক্য প্ৰক্ৰিয়া বুজি পোৱাত যথেষ্ট অৰিহণা যোগাইছে। তেওঁৰ আগ্ৰহৰ ভিতৰত টিউমাৰ জৈৱ ৰসায়ন আৰু আণৱিক এনজাইম’লজী।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মঞ্জু ৰায় (Manju Ray) হ'ল এগৰাকী মলিকুলাৰ এনজাইম’লজী আৰু কেন্সাৰ বায়’কেমিষ্ট্ৰীৰ বিশেষজ্ঞ ভাৰতীয় বিজ্ঞানী। তেওঁৰ গৱেষণাই কেন্সাৰ প্ৰতিৰোধী ঔষধৰ বিকাশ আৰু কোষৰ পাৰ্থক্য প্ৰক্ৰিয়া বুজি পোৱাত যথেষ্ট অৰিহণা যোগাইছে।১ তেওঁৰ আগ্ৰহৰ ভিতৰত টিউমাৰ জৈৱ ৰসায়ন আৰু আণৱিক এনজাইম’লজী।২ ১৯৮৯ চনত তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত হৈছিল, ‘জৈৱ বিজ্ঞান’ শিতানত এই বঁটা লাভ কৰা মাত্ৰ দ্বিতীয়গৰাকী মহিলা।৩

শিক্ষা

ৰায়ে কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞান মহাবিদ্যালয় চৌহদৰ পৰা ১৯৬৯ চনত শৰীৰবিজ্ঞানত এম.এছচি. আৰু ১৯৭৫ চনত জৈৱ ৰসায়ন বিষয়ত পিএইচ.ডি. লাভ কৰে।

গৱেষণা

ৰায়ে ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ কালটিভেচন অৱ ছায়েন্সৰ বায়’কেমিষ্ট্ৰি বিভাগত কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনৰ ডিচেম্বৰৰ পৰা তেওঁ কলকাতাৰ বসু ইনষ্টিটিউটত এমেৰিটাছ বিজ্ঞানী আছিল।২ ৰায়ৰ গৱেষণাই কেইবাটাও বিপাকীয় পথৰ পাৰ্শ্বক্ৰিয়াত মিথাইলগ্লাইঅক্সেলৰ জৈৱিক ভূমিকা বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ দলটোৱে মিথাইলগ্লাইঅক্সেল এনাবলিজম আৰু কেটাবলিজমৰ সৈতে জড়িত এনজাইমৰ শৃংখলা পৃথক, বিশুদ্ধ আৰু বৈশিষ্ট্য নিৰ্ণয় কৰিছে। তেওঁৰ কামে মিথাইলগ্লাইঅক্সেলৰ কেন্সাৰ বিৰোধী গুণ অধ্যয়নতো গুৰুত্ব আৰোপ কৰিছে, প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইতিবাচক ফলাফল পোৱা গৈছে।৪

তথ্যসূত্ৰ

  1. ↑ Manju Ray. Indian Association for the Cultivation of Science
  2. ↑ Dutta, Kausik. (25 October 2013). Noted Women Scientists of India – an attempt at enumeration. SciLogs
  3. ↑ Shanti Swarup Bhatnagar Awardees · Women in Science · Initiatives · Indian Academy of Sciences. www.ias.ac.in
  4. ↑ Ukil, Amit. Hope For Cancer Patients In Calcutta Team's Drug Trials

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু ৰায়” প্ৰবন্ধৰ সংশোধন ৪৮৯৪৪৫ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।